নগাঁও আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ ডাঙৰ অভিযোগ…
নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ভাৰতীয় নিৰ্বাচন আয়োগক আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চামগুৰি বিধানসভা সমষ্টিত প্ৰচাৰৰ সময়ত আৰক্ষীৰ নিষ্ক্ৰিয়তা আৰু পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ভাৰতীয় নিৰ্বাচন আয়োগক আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে । উল্লেখ্য যে, অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চামগুৰি বিধানসভা সমষ্টিত প্ৰচাৰৰ সময়ত আৰক্ষীৰ নিষ্ক্ৰিয়তা আৰু পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ।
মুখ্য নিৰ্বাচন আয়ুক্তক দাখিল কৰা স্মাৰকপত্ৰত অসম প্ৰদেশ কংগ্ৰেছে সমষ্টিটোত প্ৰচাৰ চলাওঁতে কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন আৰু দলীয় কৰ্মীক আক্ৰমণ কৰা একাধিক ঘটনাৰ বৰ্ণনা কৰিছে। অভিযোগ অনুসৰি, শেহেতীয়াকৈ উপ-নিৰ্বাচনী প্ৰচাৰ সময়ত সংঘটিত আক্ৰমণৰ ঘটনাত ১০০ৰো অধিক কংগ্ৰেছৰ বাহনৰ ক্ষতিসাধন হৈছে আৰু কেইবাজনো দলৰ সদস্য আহত হৈছে।
Today, @INCAssam lodged a complaint to the @ECISVEEP against the Nagaon SP for allegedly not taking any action despite the attack on the Congress party’s rally in Nagaon. pic.twitter.com/5Yp9nLYiGU
— Assam Congress (@INCAssam) October 29, 2024
কংগ্ৰেছে দাবী কৰিছে যে, এই ঘটনাৰ পিছতো নগাঁও আৰক্ষী অধীক্ষকে নিৰাপত্তা আৰু হিংসা প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে । ইয়াৰ ফলত অনিয়ন্ত্ৰিতভাৱে কংগ্ৰেছৰ কৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ।
২৬ অক্টোবৰত চামগুৰি থানাৰ আৰক্ষী বিষয়াই কংগ্ৰেছ কৰ্মী আৰাফাত আলীক আটক কৰা বিষয়টো অভিযোগ পত্ৰত উল্লেখ কৰিছে প্ৰদেশ কংগ্ৰেছে । ইয়াৰ লগতে ২৭ অক্টোবৰত আৰিফুল ইছলাম আৰু ইজাজুল হ’ক নামৰ দুজন স্থানীয় লোকক আৰক্ষী কৰ্মী বুলি দাবী কৰা অসামৰিক সাজ-পোছাক পৰিহিত ব্যক্তিয়ে আটক কৰাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ।
কংগ্ৰেছে দাখিল কৰা পত্ৰত অভিযোগ উত্থাপন কৰা হৈছে যে, এই ঘটনাসমূহত কোনো ধৰণৰ গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি কৰা হোৱা নাই । ইয়াৰ ফলত স্থানীয় বাসিন্দা আৰু কংগ্ৰেছৰ সমৰ্থকসকলৰ মাজত ‘আতংক’ৰ পৰিৱেশ সৃষ্টি হৈছে বুলি অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ।
লগতে নগাঁও প্ৰশাসনে ‘চৰম পক্ষপাতিত্ব’ আচৰণ প্ৰদৰ্শন কৰা পৰিস্থিতিৰ বাবে এতিয়া কংগ্ৰেছে চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলোৱাটো ‘অসম্ভৱ’ হৈ পৰিছে বুলিও উল্লেখ কৰিছে কংগ্ৰেছে । অভিযোগ পত্ৰত নগাঁও আৰক্ষী অধীক্ষক আৰু ৰূপহী আৰু চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে অসম প্ৰদেশ কংগ্ৰেছে ।