পুনৰ মৃত্যু পথলৈ শিলঘাট মৰাপাট কল! ক’ত খৰচ কৰিলে উন্নয়নৰ বাবে লাভ কৰা ৫৪ কোটি টকা?
ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে (NCDC) অসম সমবায় মৰাপাট কললৈ আগবঢ়োৱা ৪৪ কোটি ৪০ লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰীৰ তৎপৰতাত ৰাজ্য চৰকাৰে যোগান ধৰা ৯ কোটি ৯৯ লাখ ৩৮ হাজাৰ টকাৰ বৃহৎ পৰিমাণৰ এটা অংশ অপব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিচালনা মণ্ডলীৰ একাংশ সদস্যই।
নগাঁও জিলাৰ শিলঘাটত তদানীন্তন কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক লীলা কান্ত বৰাই স্থাপন কৰা অসম সমবায় মৰাপাট কলটোলৈ শেহতীয়াকৈ পুনৰ নামি আহিছে অশনি সংকেত। ১৯৭১ চনৰ ১৭ জানুৱাৰীত তদানীন্তন কৃষি মন্ত্ৰী ফকৰুদ্দিন আলি আহমেদে উৎপাদনৰ কাম শুভাৰম্ভ কৰা মৰাপাট কলটোৱে বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহস্ৰাধিক পৰিয়ালৰ জীৱন আৰু জীৱিকাৰ পথ দি আহিছে। সমবায় খণ্ডত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ভিতৰতে একমাত্ৰ মৰাপাট উদ্যোগ অসম সমবায় মৰাপাট কলত সংঘটিত বৃহৎ বিত্তীয় কেলেংকাৰীয়ে উদ্যোগটোত চৰম অচলাৱস্থাৰ সৃষ্টি কৰাৰ লগতে শেহতীয়াকৈ অসম সমবায় মৰাপাট কলটোৱে হেৰুৱাই পেলাইছে সমবায়ৰ চৰিত্ৰ। সমান্তৰালকৈ বৰ্তমান মৰাপাট কলটো অপমৃত্যুৰ দিশে ধাৱমান হোৱা বুলিও ব্যাপক চৰ্চা চলিছে।
মৰাপাট কলটোৰ পৰিচালন সঞ্চালকৰ দৰে শীৰ্ষ পদবীত থকা গুণ মনি গগৈৰ ভুল তথা অদূৰদৰ্শী সিদ্ধান্তৰ বাবে মৰাপাট কলটোৱে ২০১৭ চনৰ পৰা লোকচানৰ সন্মুখীন হ’ব লগা হৈছে বুলি পৰিচালনা মণ্ডলীৰ একাংশ সদস্যই দাবী কৰিব বিচাৰে। ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম(NCDC) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা অনুদানেৰে নিৰ্মান কৰা কলটোৰ দ্বিতীয়টো(নতুন) গোটৰ উৎপাদনৰ কাম কৰ্তৃপক্ষই গতাই দিছিল চুনু এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানক।
বিগত বৰ্ষৰ ১ ডিচেম্বৰত গতাই দিয়া দ্বিতীয় গোটৰ পৰা চুনু এণ্টাৰপ্ৰাইজে কল কৰ্তৃপক্ষক প্ৰতি কেজি উৎপাদিত সামগ্ৰীৰ বিনিময়ত ৩ টকাকৈ দিয়াৰ চুক্তি মতে এটা বিত্তীয় বৰ্ষত প্ৰায় ডেৰ কোটিৰো অধিক ধন দিবলৈ সক্ষম হৈছিল কল কৰ্তৃপক্ষক। আনহাতে চুনু এণ্টাৰপ্ৰাইজে নতুন ইউনিটৰ(দ্বিতীয়) পৰা সুন্দৰকৈ লাভ দিয়াৰ পাছত পুৰণা ইউনিট চলোৱাৰ দায়িত্বও চুনু এণ্টাৰপ্ৰাইজক অৰ্পন কৰা হয়। এই পুৰণা ইউনিটৰ আওপুৰণি যন্ত্ৰাংশ মেৰামতি কৰি পূৰ্বৰ ১১/১২ মেট্ৰিকটন উৎপাদনৰ পৰা ২৪/২৫ মেট্ৰিকটনলৈ নিবলৈ সক্ষম হয় আৰু মাত্ৰ চাৰিমাহতে প্ৰতিকেজিত ১.৭৫ টকাকৈ প্ৰায় ৪২ লাখ টকা লাভ কৰি কল কৰ্তৃপক্ষক দিবলৈ সক্ষম হৈছিল ।
সেই সময়তে কলটোত সংঘটিত হ’ল এক অনাকাংক্ষিত ঘটনা। এগৰাকী মৰাপাট যোগনীয়াৰে ১৩ লাখ টকা পাবলৈ থকাৰ বাবে কলটোৰ চৌহদতে আত্মহনৰ অপচেষ্টা চলায়। ইতিমধ্যে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে কলটোৰ সভাপতি তথা স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্তই। কিন্তু চুনু এণ্টাৰপ্ৰাইজে কলটোৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে উক্ত ঘটনাৰ পাছতেই আজি যোৱা নিশা কলটোৰ পৰা ৰহস্যজনক ভাৱে খেদি পঠিওৱা হ’ল প্ৰতিষ্ঠানটোৰ লোক সকলৰ লগতে কৰ্মচাৰী সকলকো। কাৰ স্বাৰ্থৰ বাবে এয়া কৰা হ’ল সেয়া পৰবৰ্তী সময়ত পোহৰলৈ আহিব।
ইয়াৰ পূৰ্বেও কল কৰ্তৃপক্ষৰ অদুৰদৰ্শীতাৰ বাবেই বা আন বিত্তীয় খেলিমেলিৰ বাবেই হওক কলটো বন্ধ হৈ পৰাৰ সময়ত মৰাপাট যোগান ধৰা বহু ব্যৱসায়িক পৰিশোধ কৰিবলৈ বাকী আছিল প্ৰায় ১০ কোটি টকা। মৰাপাট কলটোৰ সভাপতিৰ দায়িত্বত থকা স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কলটোৰ অচলাৱস্থা দূৰ কৰিবলৈ সময়ে সময়ে ৰাজ্য চৰকাৰৰ পৰা পুঁজিৰ আৱণ্টন কৰাই দিছিল। পিছে মৰাপাট কলৰ একাংশ বিষয়া আৰু কৰ্মচাৰীৰ তেনে পুঁজিৰ অপচয় কৰাই নহয়, ৰাজ্য চৰকাৰে যোগান ধৰা পুঁজিৰ সিংহভাগ ধন কৌশলৰে হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
মৰাপাট কলৰ বিষয়া- কৰ্মচাৰীয়ে লোকচানমুখী কলটোৰ পৰা দা-দৰমহাকে ধৰি অন্যান্য সা-সুবিধাৰ লগতে সেৱাসমূহ বছৰি আদায় লোৱাৰ পৰিপ্ৰেক্ষিতত মৃত্যুমুখী হৈছিল অসম সমবায় মৰাপাট কলটো। তাৰ পৰবৰ্তী সময়তে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে (NCDC) অসম সমবায় মৰাপাট কললৈ আগবঢ়োৱা ৪৪ কোটি ৪০ লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰীৰ তৎপৰতাত ৰাজ্য চৰকাৰে যোগান ধৰা ৯ কোটি ৯৯ লাখ ৩৮ হাজাৰ টকাৰ বৃহৎ পৰিমাণৰ এটা অংশ অপব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিচালনা মণ্ডলীৰ একাংশ সদস্যই।
ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে (NCDC) অসম সমবায় মৰাপাট কললৈ আগবঢ়োৱা ৪৪ কোটি ৪০ লাখ টকাৰে অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট স্থাপন কৰোতে ক্ৰয় কৰা কলটোৰ যন্ত্ৰ পাতি আদিতো ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈৰ কাৰ্যকালত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত কলটোৰ এটা পক্ষই ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কতৃপক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল।
অসম সমবায় মৰাপাট কলত সংঘটিত এই ব্যাপক দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত বহু কেইগৰাকী বিভাগীয় বিষয়াই চলিত বৰ্ষত তদন্ত কৰি যোৱা ২৫ নৱেম্বৰত এক প্ৰতিবেদন প্ৰস্তুত কৰি ইতিমধ্যে সংশ্লিষ্ট বিভাগক দাখিল কৰা বুলি অসম চৰকাৰৰ সমবায় সমিতি সমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। কলটোত যে পুঁজি খৰচত ব্যাপক অনিয়ম সংঘটিত হৈছিল তাৰ সবিশেষ উক্ত প্ৰতিবেদনত পৃষ্ঠাই পৃষ্ঠাই উল্লেখ আছে বুলিও জানিব পৰা গৈছে।
মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিটৰ বাবে ক্ৰয় কৰা অত্যাধুনিক যন্ত্ৰপাতি সমূহৰ ভিতৰত তিনিটাকৈ পুৰণি যন্ত্ৰ(Teaser, Heckler আৰু Softener) ক্ৰয় কৰা বুলি অভিযোগ উত্থাপিত হৈছে মৰাপাট কল কৰ্তৃপক্ষৰ বিৰদ্ধে। পুৰণা যন্ত্ৰাংশ মেৰামতি কৰাৰ নামত লক্ষ্য লক্ষ্য টকা খৰচ কৰা বুলি দেখুওৱা হয় যদিও প্ৰায় ২০ বছৰ ধৰি ছাৰ্ভিচিং কৰা নাছিল পুৰণি মিলটোৰ যন্ত্ৰপাতি। পুৰণি মিলটোৰ প্ৰেছিং ৰুলাৰ তেজপুৰৰ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ জৰিয়তে কলকতাত মেৰামতি কৰি ১ লাখ টকাৰ প্ৰকৃত খৰচৰ বিপৰীতে প্ৰতিমাহে ৪ লাখ টকাৰ ভুৱা বিলত টকা পৰিশোধ কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে মৰাপাট কল কতৃপক্ষৰ বিৰুদ্ধে।
পৰিচালন সঞ্চালক গুণমনি গগৈৰ কাৰ্যকালত সংঘটিত আন কেইবাটাও দূৰ্নীতি আৰু অনিয়মৰ বাবে বিগত সময়চোৱাত কলটোত লক আউটৰ দৰে ঘটনাও সংঘটিত হৈছিল। অসম সমবায় মৰাপাট কলত ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ২০২৪ চনৰ জুন মাহলৈকে লোকচানৰ সন্মুখীন হোৱা ধনৰ পৰিমাণ আছিল ৮০ লাখৰো অধিক। প্ৰায় ২ কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত হৈছিল মৰাপাট কলটোৰ Spare parts ৰ গুদামত। কাগজে কলমে কেইবাকোটি টকাৰ সামগ্ৰী আছিল যদিও গুদামত নাছিল সেই ধনৰ পৰিমাণৰ সামগ্ৰী।
মেচিনেৰী স্পেয়াৰ পাৰ্টছ ক্ৰয়ৰ নামত সংঘটিত হৈছিল এই বৃহৎ কেলেংকাৰী। পাৰ্চনেল মেনেজাৰ বিমল শৰ্মাই সাৰ পানী দিছিল মৰাপাট কলটোত সংঘটিত এই বৃহৎ কেলেংকাৰীত। এই অভিযোগ মৰাপাট কলটোৰ আভ্যন্তৰীণ খবৰ। ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম চমুকৈ (NCDC) আগবঢ়োৱা বিত্তীয় পুঁজিৰ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা প্ৰায় ১০ কোটি টকা অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষই ক’ত কিদৰে ব্যৱহাৰ কৰা হ’ল, সেই সন্দৰ্ভতো নিমাত পৰিচালন সঞ্চালক গুণমনি গগৈ।