পৰ্যটকৰ দৰে বাস কৰি আছে গৌৰৱ গগৈয়ে, পৰিয়ালৰ ৩ জনেই বিদেশী ! বিস্ফোৰক দাবী হিমন্ত বিশ্ব শৰ্মাৰ
গৌৰৱ গগৈৰ চাৰিজনীয়া পৰিয়ালৰ তিনিজনেই বিদেশী নাগৰিক । তেওঁ পৰ্যটকৰ দৰেহে বাস কৰি আছে ভাৰতত । নিৰ্বাচনী প্ৰচাৰৰ মাজতে এইদৰে সাংসদগৰাকীক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এক প্ৰকাৰে পৰ্যটকৰ দৰে বাস কৰি আছে সাংসদ গৌৰৱ গগৈয়ে । আজিৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে গৌৰৱ গগৈক কটাক্ষ কৰি এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত উপস্থিত হয় মুখ্য়মন্ত্ৰী শৰ্মা ।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ দাবী কৰে যে, “গৌৰৱ গগৈয়ে শেহতীয়াকৈ পাকিস্তানত ১৫ দিন কটালে । যিখন দেশৰ পৰ্যটনৰ কোনো আকৰ্ষণ নাই, ১৫ দিন তাত তেওঁ কি কৰি আছিল ? তেওঁ অসমৰ ৰাইজৰ ওচৰত ইয়াৰ উত্তৰ দিয়ক ।”
একে সময়তে তেওঁ কয়, “গৌৰৱ গগৈয়ে নিজৰ সন্তান দুটি এতিয়াও দেশৰ নাগৰিকত্ব দিয়া নাই । তেওঁ যদি তেওঁৰ সন্তান ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পাৰে তেন্তে মই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিম।” ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে,”চাৰিজনীয়া পৰিয়ালত তিনিজন সদস্য বিদেশী নাগৰিক। এনে ক্ষেত্ৰত তেওঁ কেতিয়া ভাৰত এৰি যাব পাৰে সেয়া স্পষ্ট নহয়।”
লগতে গৌৰৱ গগৈয়ে ভাৰতত পৰ্যটকৰ দৰে বাস কৰি আছে বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে । “মই সন্দেহ কৰোঁ গৌৰৱ গগৈয়ে দুবাৰৰ পৰা তিনিবাৰ পাকিস্তান ভ্ৰমণ কৰিছে। এনে এটা ভ্ৰমণৰ কথাহে মই জানো। বাকীবোৰ আমি নিশ্চিত কৰিব নোৱাৰো কাৰণ তেওঁ ইজৰাইলত পাছপ’ৰ্ট হেৰুৱাইছিল।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।