শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
চিকিৎসকৰ পৰা ইঞ্জিনিয়াৰলৈ, আঁৰত ভয়ংকৰ উদ্দেশ্য...

চিকিৎসকৰ পৰা ইঞ্জিনিয়াৰলৈ, আঁৰত ভয়ংকৰ উদ্দেশ্য…

barasha-sarma
Barasha Sarma | Published: 11 Nov 2025 21:32 PM

Delhi Blast: দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পাছতেই চৰ্চাত আছে কেইবাজনো চিকিৎসক আৰু ইঞ্জিনিয়াৰ। জানিব পৰা মতে, কিছুদিন পূৰ্বে এইকেইজনৰ পৰা বহু বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ জব্দ হৈছিল।

দিল্লীত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ পাছতেই সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল কেইবাজন। এইসকল আছিল চিকিৎসক আৰু ইঞ্জিনিয়াৰ। ভয়ংকৰ কথা এয়াই যে এই চিকিৎসকৰ পৰা বহু বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছিল। ফৰিদাবাদৰ ডাঃ মুজাম্মিল শ্বাকিলৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছিল হাজাৰ হাজাৰ কেজি পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। এনে ক্ষেত্ৰত দিল্লীৰ কাণ্ডৰ সৈতে ফৰিদাবাদ মডিউলৰ সম্পৰ্ক আছে বুলি সন্দেহ কৰা হৈছে।

ইয়াৰ লগতে গ্ৰেপ্তাৰ হৈছিল ডাঃ আদিল আহমেদ ৰাথেৰ আৰু  শ্বাহীনা শ্বাহিদ নামৰ এগৰাকী মহিলা চিকিৎসক। সমান্তৰালকৈ মহাৰাষ্ট্ৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ। আল কায়দাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জুবেৰ হাংগেৰকাৰ। গুজৰাট এটিএছেও গ্ৰেপ্তাৰ কৰিছিল এজন চিকিৎসকক।

সবিশেষৰ বাবে চাওক ভিডিঅ’…