শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দিল্লীৰ বিস্ফোৰণৰ তদন্তৰ পৰা নূপুৰ বৰাৰ জামিনলৈ দিনটোৰ শীৰ্ষ খবৰ

দিল্লীৰ বিস্ফোৰণৰ তদন্তৰ পৰা নূপুৰ বৰাৰ জামিনলৈ দিনটোৰ শীৰ্ষ খবৰ

barasha-misra
Barasha Misra | Published: 11 Nov 2025 22:39 PM

দিল্লী বিস্ফোৰণ সন্দৰ্ভত আজি এক উচ্চ স্তৰীয় সুৰক্ষা বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিভিন্ন তদন্তকাৰী সংস্থাৰ মুৰব্বীৰ লগতে দিল্লী আৰু জম্ম-কাশ্মীৰৰ শীৰ্ষ বিষয়াও উপস্থিত থাকে এই বৈঠকত। প্ৰাৰম্ভিক তদন্তৰ তথ্যসমূহ অৱগত কৰা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক।

১. সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত বিস্ফোৰণৰ সৈতে ফৰিদাবাদৰ সন্ত্ৰাসবাদী মডিউল জড়িত থকাৰ সন্দেহ প্ৰকাশ। প্ৰায় ১০ জন লোকে প্ৰাণ হেৰুৱায় এই বিস্ফোৰণত। ডাঃ ওমৰে বিস্ফোৰক ভৰ্তি বাহনখন চলাই অহাৰ বুলি দাবী কৰিছে বিভিন্ন সূত্ৰই। বৰ্তমানেও অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।

২. দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভূটানৰ পৰাই দিল্লী বিস্ফোৰণ সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। এই বিস্ফোৰণৰ আঁৰত জড়িতসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি কয় প্ৰধানমন্ত্ৰীয়ে।

৩. দিল্লী বিস্ফোৰণ সন্দৰ্ভত আজি এক উচ্চ স্তৰীয় সুৰক্ষা বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিভিন্ন তদন্তকাৰী সংস্থাৰ মুৰব্বীৰ লগতে দিল্লী আৰু জম্ম-কাশ্মীৰৰ শীৰ্ষ বিষয়াও উপস্থিত থাকে এই বৈঠকত। প্ৰাৰম্ভিক তদন্তৰ তথ্যসমূহ অৱগত কৰা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক।

৪. দিল্লীৰ বিস্ফোৰণক সমৰ্থন জনায় কোনো ব্যক্তিয়ে সামাজিক মাধ্যমত পোষ্ট কৰিলে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। এক কঠোৰ সতৰ্কবাণী জাৰি কৰি এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিস্ফোৰণত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰক আহ্বান ডঃ শৰ্মাৰ।

৫. দৰং জিলাৰ বেচিমাৰীত লোমহৰ্ষক ঘটনা। যোৱা নিশা ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে প্ৰাণ হেৰুৱালে চামছুল হক নামৰ এজন যুৱকে। চুবুৰীয়া এটা পৰিয়ালে যুৱকজনক হানি-খুচি হত্যা কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।

লগতে পঢ়ক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ