শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
২৭ বছৰ পূৰ্বে এই কাম কৰিছিল শ্বাহৰুখে, যিটো আজিও চলে চৰ্চা!

২৭ বছৰ পূৰ্বে এই কাম কৰিছিল শ্বাহৰুখে, যিটো আজিও চলে চৰ্চা!

barasha-misra
Barasha Misra | Published: 11 Nov 2025 22:34 PM

এটা পেজে ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে, "যেতিয়া বন্ধুবোৰ পৰিয়াল দৰে হৈ পৰে - শ্বাহৰুখ খানে কৰে ফাৰহা খানৰ কন্যাদান।" ভিডিঅ’টোত পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰি শ্বাহৰুখক দেখুৱাই আছে, তাৰ পিছত তেওঁ ফাৰহাক সাৱটি ধৰি গালত চুমা খায়।

পৰিচালক তথা কৰিঅগ্ৰাফাৰ ফাৰহা খানে ২০০৪ চনত এডিটৰ-পৰিচালক শিৰীছ কুন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সেই সময়ত শ্বাহৰুখ খানে নিজেই তেওঁৰ কন্যাদান কৰিছিল। শেহতীয়াকৈ ফাৰহাৰ বিয়াৰ এটা পুৰণি ভিডিঅ’ ইনষ্টাগ্ৰামত ভাইৰেল হৈছে, য’ত শ্বাহৰুখক এই বিশেষ মুহূৰ্তত অংশগ্ৰহণ কৰা দেখা গৈছে।

এটা পেজে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “যেতিয়া বন্ধুবোৰ পৰিয়াল দৰে হৈ পৰে – শ্বাহৰুখ খানে কৰে ফাৰহা খানৰ কন্যাদান।” ভিডিঅ’টোত পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰি শ্বাহৰুখক দেখুৱাই আছে, তাৰ পিছত তেওঁ ফাৰহাক সাৱটি ধৰি গালত চুমা খায়।

ফাৰহা খানে নিজেই ভিডিঅ’টো চাই আচৰিত হৈ মন্তব্য কৰে, “অ’ মাই গড! আপুনি এইটো ক’ৰ পৰা পালে?” অনুৰাগীসকলে সেই মন্তব্যৰ তলত উত্তৰ লিখে যে, এই ক্লিপটো আচলতে ছিমি গৰেৱালৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ অংশ। কোনোবাই লিখিছে, “এই মুহূৰ্তটো সঁচাকৈয়ে আচৰিত।” আন এজনে কয়, “শ্বাহৰুখ খান ছাৰ আৰু গৌৰী মেম ফাৰহা মেমৰ পৰিয়ালৰ দৰে। সদায় ইজনে সিজনৰ বাবে থাকে।”