ত্ৰিপুৰাৰ বানাক্ৰান্তৰ সাহাৰ্যৰ বাবে ৫ কোটি টকাৰ অনুদান হিমন্ত বিশ্ব শৰ্মাৰ
সামাজিক মাধ্যম এক্স হেণ্ডেলত পোষ্ট শ্বেয়াৰ কৰি মাণিক সাহাই কয়, "বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি অহা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম ৰাইজক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।" ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে এই কথাও উল্লেখ কৰে যে, তেওঁৰ চৰকাৰী বাসগৃহত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বানাক্ৰান্তক সাহায্যৰ বাবে ৫ কোটি টকা এই অনুদান আগবঢ়ায়।
বানাক্ৰান্তক সহায়ৰ বাবে ত্ৰিপুৰা চৰকাৰক ৫ কোটি টকা অনুদান আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসম মুখ্যমন্ত্ৰী গৰাকীৰ এই অনুদান লাভ কৰাৰ পাছতে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই । উল্লেখ্য যে, আগৰতলাৰ বাসগৃহত মুখ্যমন্ত্ৰী সাহাক ৫ কোটি টকা অনুদান আগবঢ়ায় অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
সামাজিক মাধ্যম এক্স হেণ্ডেলত পোষ্ট শ্বেয়াৰ কৰি মাণিক সাহাই কয়, “বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি অহা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম ৰাইজক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।” ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে এই কথাও উল্লেখ কৰে যে, তেওঁৰ চৰকাৰী বাসগৃহত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বানাক্ৰান্তক সাহায্যৰ বাবে ৫ কোটি টকা এই অনুদান আগবঢ়ায়। জয়ন্ত মল্ল বৰুৱাকো কৃতজ্ঞতা জ্ঞাপন কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।
Deeply grateful to the people of #Assam and Hon’ble CM @himantabiswa Ji for extending a helping hand to Tripura in its time of need!
A cheque of ₹5 Cr was handed over by Hon’ble Minister @jayanta_malla Ji today, symbolizing the solidarity and support from the people of Assam.… pic.twitter.com/MYjzy8Ix5r
— Prof.(Dr.) Manik Saha (@DrManikSaha2) September 1, 2024
সূত্ৰ খবৰ অনুসৰি, অলপতে ত্ৰিপুৰাৰ মুখ্যমন্ত্রী ড০ মাণিক সাহাই ৰাজ্যখনৰ প্রাথমিক হিচাপ অনুসৰি বানত ১৫ হাজাৰ কোটি টকাৰ লোকচান হোৱা বুলি উল্লেখ কৰিছিল ৷ তেওঁ এই কথাও উল্লেখ কৰিছিল যে, বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰিসৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । কাৰণ মূল্যায়ন অভিযান এতিয়াও চলি আছে। বৰ্তমানৰ এই পৰিসংখ্যা প্ৰাথমিক অনুমানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। বান আৰু ভূমিস্খলনত ৰাজ্যখনৰ প্ৰায় ২৪ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে ।
তেওঁ লগতে এই কথাও উল্লেখ কৰে যে, এই দুৰ্যোগত নিহত পৰিয়ালসমূহৰ বাবে ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰা হৈছে । আনহাতে আহতসকলে ৰাজ্য চৰকাৰৰ পৰা ২.৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য লাভ কৰিব।