শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুৰ্গা পূজাৰ পূৰ্বে সম্পূৰ্ণ কৰক এই কাম ! কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

দুৰ্গা পূজাৰ পূৰ্বে কিছুমান কাম সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসেৱা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

দুৰ্গা পূজাৰ পূৰ্বে সম্পূৰ্ণ কৰক এই কাম ! কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Published: 10 Sep 2025 09:04 AM

দুৰ্গা পূজাৰ পূৰ্বে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমাগত দুর্গা পূজাৰ আগেয়ে গুৱাহাটীৰ উন্মুক্ত পদপথ তথা মেনহলসমূহ বন্ধ তথা মেৰামতি কৰাৰ বাবে লোকনির্মাণ বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। লোকসেৱা ভৱনৰ সভাকক্ষত মঙলবাৰে অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ উন্মুক্ত পদপথ তথা মেনহলসমূহ সমাগত দুর্গা পূজাৰ আগেয়ে বন্ধ তথা মেৰামতি কৰাৰ বাবে লোকনির্মাণ বিভাগক নির্দেশ প্রদান কৰে।

এই কাৰ্যক প্রাথমিকতা প্রদান কৰিবলৈও তেওঁ নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্রীয়ে পৰিষ্কাৰকৰণৰ বাবে নলা এটাৰ ঢাকনি খোলাৰ পৰা আৱৰ্জনা আঁতৰোৱাৰ পিছত ঢাকনি পুনৰ যথাস্থানত স্থাপন কৰাৰ দিশত এটা আদর্শ পৰিচালনা বিধি (এছ অ’পি) প্ৰস্তুত কৰিবলৈও নির্দেশ প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, লোকনির্মাণ বিভাগে এই কামটোক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দুৰ্গা পূজাৰ আগেয়ে মহানগৰীৰ সকলো উন্মুক্ত পদপথ তথা মেনহলসমূহ বন্ধ তথা মেৰামতি কৰাৰ কাম সম্পূর্ণ কৰি তুলিব লাগিব।

তদুপৰি তেওঁ পূজাৰ আগেয়ে নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈকে নির্মীয়মান উৰণ সেতুখনৰ চানমাৰি অংশৰ তলচোৱা জনসাধাৰণৰ যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈও লোকনির্মাণ বিভাগক নির্দেশ প্রদান কৰে। এই বৈঠকত মুখ্যমন্ত্রীয়ে সমাগত দুর্গা পূজাক কেন্দ্ৰ কৰি জনসমাগম অধিক হ’বলগীয়া গুৱাহাটী মহানগৰীৰ উপৰি কাছাৰ আৰু শ্রীভূমি জিলাৰ গুৰুত্বপূৰ্ণ পথসমূহ শীঘ্ৰে মেৰামতি কৰিবলৈও লোকনির্মাণ বিভাগক নির্দেশ দিয়ে।

এই বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিবেদী, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত এম এচ লক্ষ্মীপ্রিয়া, লোকনির্মাণ বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব পবন টেৰাং, বিভাগৰ বিশেষ সচিব বিভূতি শইকীয়া আৰু মুখ্য অভিযন্তা (পথ) সঞ্জীব শ্যামকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।

উল্লেখ্য যে, অলপতে গুৱাহাটীৰ নিৰ্মীয়মান উৰণীয়া সেতুৰ ছাইটৰ নলাত পৰি এটি শিশু মৃত্যুৰ গোচৰত অসম আৰক্ষীয়ে এটা ব্যক্তিগত নির্মাণ সংস্থাৰ সঞ্চালক আৰু দুজন কর্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ শিশুটিৰ পিতৃৰ অভিযোগ আছিল যে, ভাৰতীয় ইনফ্ৰা প্ৰজেক্টছ লিমিটেড (বিআইপিএল)ৰ গাফিলতিৰ বাবে তেওঁৰ পুত্ৰৰ মৃত্যু হৈছিল। সেই অনুসৰি, বিআইপিএলৰ সঞ্চালক অবিনাশ ভাৰ্তীয়া, সুৰক্ষা অভিযন্তা কৌশিক গগৈ আৰু উপ প্ৰকল্প পৰিচালক প্ৰসন্নজিৎ পাঠকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।