কি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে USTM ৰ আচাৰ্যক ? মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ…
শেহতীয়াকৈ মহবুবুল হকৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ।
 
                                কিয় গ্ৰেপ্তাৰ কৰা হৈছে USTM ৰ আচাৰ্য মহবুবুল হকক ? শেহতীয়াকৈ মহবুবুল হকৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,”অসমত বহু দিনৰ পৰা এটা ডাঙৰ চক্ৰক লক্ষ্য কৰি থকা হৈছিল । এই চক্ৰটোৱে মেডিকেল, ইঞ্জিনিয়াৰিং আৰু CBSE ৰ পৰীক্ষাৰ আগত ছাত্ৰ-ছাত্ৰীসকলৰ চেণ্টাৰ সলনি কৰে । ইয়াৰ পাছত কিছুমান নিদিষ্ট স্কুললৈ লৈ যোৱা হয় ।”
ইয়াৰ সমান্তাৰলাভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে,” গোৱালপাৰা, নগাঁও আৰু কামৰূপ জিলাৰ ২৪৭ গৰাকী শিক্ষাৰ্থীক CBSE ৰ পৰীক্ষাত ৩০ নম্বৰতকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল । যেতিয়া তেওঁলোকে সেই ঠাইত সুবিধা নাপালে আৰু শিক্ষাৰ্থীসকলে হুলস্থুল কৰা পাছত এতিয়া লাহে লাহে চক্ৰটো পোহৰলৈ আহিছে ।”
একেদৰে এই কাৰ্য কেৱল CBSE তে সীমাবদ্ধ থকা নাই বুলি অভিযোগ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, “এই কামবোৰ কেৱল চিবিএছইতে সীমাবদ্ধ নাথাকে, মেডিকেল এন্ট্ৰেন্সতো এই ধৰণৰ কাৰ্য চলাই থকা এটা চক্ৰ পোহৰলৈ আহিব ।” তদুপৰি মহবুবুল হকৰ সন্দৰ্ভত তেওঁ কয়,”আমি আগতেই কৈছিলো যে, এই মানুহজন এগৰাকী ডাঙৰ প্ৰৱঞ্চক । তেওঁ ইতিহাস প্ৰৱঞ্চনাৰে ভৰা । তেওঁ একাংশক মেনেজ কৰি মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আহিছে ।”
পৰৱৰ্তী সময়ত এই সকলোবোৰ কথা পোহৰলৈ আহিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও কয় যে, শিক্ষা ক্ষেত্ৰখনক যাতে এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয় তাৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব ।
উল্লেখ্য যে, মেঘালয়ৰ USTM ৰ আচাৰ্য মহবুবুল হকক শনিবাৰে পুৱতি নিশা গুৱাহাটী বাসগৃহৰ পৰা আটক কৰা হয় বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। শ্ৰীভূমি জিলা আৰক্ষীৰ এটা দলে হকক আটক কৰে বুলি সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে । পিটিআইৰ এক প্ৰতিবেদন অনুসৰি নাম প্ৰকাশ নকৰাকৈয়ে বিষয়াগৰাকীয়ে কয় যে, “তেওঁক গুৱাহাটীস্থিত বাসগৃহৰ পৰা আটক কৰি শ্ৰীভূমিলৈ লৈ যোৱা হয়। এই মুহূৰ্তত আমি অধিক সবিশেষ প্ৰকাশ কৰিব নোৱাৰো।” কি গোচৰত হকক আটক কৰা হৈছে সেই কথাও প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে আৰক্ষীৰ বিষয়াগৰাকীয়ে ।
যোৱা বছৰ হকে নব্বৈৰ দশকত শ্ৰীভূমি জিলাত জালিয়াতিৰে অ’বিচি প্ৰমাণপত্ৰ লাভ কৰা বুলি উত্থাপিত অভিযোগক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল । যোৱা বছৰ আগষ্ট মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, USTM ৰ আচাৰ্যৰ বিৰুদ্ধে জালিয়াতিৰে অ’বিচিৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ অভিযোগত আৰক্ষীৰ গোচৰ ৰুজু কৰা হ’ব, যিটো পৰৱৰ্তী সময়ত বাতিল কৰা হয়।
ইফালে, মহানগৰীৰ গাতে লাগি থকা এটা পাহাৰত অৱস্থিত USTM কেম্পাছৰ পৰা নামি অহা পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰে বুলি দাবী কৰিও ইউ এছ টি এম আৰু হকক “ফ্লাড জেহাদ” কৰা বুলি জগৰীয়া কৰিছিল মুখ্যমন্ত্ৰীয়ে ।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      