শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংলাদেশৰ পৰা চলিছে ষড়যন্ত্ৰ! ধুবুৰীত বৃদ্ধি পাইছে নিৰাপত্তাৰ ভাবুকি, মুখ্যমন্ত্ৰীয়ে দিলে সতৰ্কবাণী

তেওঁ কয় যে শেহতীয়াকৈ ধুবুৰী ভ্ৰমণৰ সময়ত তেওঁ কিছু দেৱাল লিখন প্ৰত্যক্ষ কৰিছিল। এই দেৱাল লিখনসমূহৰ জৰিয়তে স্থানীয় লোকসকলক বাংলাদেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।

বাংলাদেশৰ পৰা চলিছে ষড়যন্ত্ৰ! ধুবুৰীত বৃদ্ধি পাইছে নিৰাপত্তাৰ ভাবুকি, মুখ্যমন্ত্ৰীয়ে দিলে সতৰ্কবাণী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 21 Aug 2025 20:20 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ ৰাজ্যলৈ নামি আহিব পৰা অশনি সংশয়ৰ সতৰ্কবাণী। আজি অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেতবোৰ বিস্ফোৰক তথ্য দাঙি ধৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত ধুবুৰী জিলাত বাংলাদেশৰ পৰা চলি থকা ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি নিৰাপত্তাজনিত ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে। তেওঁ লগতে ভৱিষ্যতে হ’ব পৰা সংকটৰো সম্ভাৱনা ব্যক্ত কৰে।

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তাজনিত ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ চিকেন নেক কৰিড’ৰ এনে প্ৰভাৱৰ বাবে অত্যন্ত দুৰ্বল বুলি শংকা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কয় যে শেহতীয়াকৈ ধুবুৰী ভ্ৰমণৰ সময়ত তেওঁ কিছু দেৱাল লিখন প্ৰত্যক্ষ কৰিছিল

এই দেৱাল লিখনসমূহৰ জৰিয়তে স্থানীয় লোকসকলক বাংলাদেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে বাংলাদেশৰ বহু মৌলবাদী সংগঠন বৰ্তমান এই অঞ্চলত বাস কৰি অহা লোকসকলক উচটনি যোগোৱাৰ ক্ষেত্ৰত অত্যন্ত সক্ৰিয় হৈ পৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়

তেওঁ উল্লেখ কৰে যে, ‘চিকেন নেককৰিডৰত থকা এই অঞ্চলৰ লোকসকল মূলতঃ বাংলাদেশৰ মূলৰ। এই লোকসকল বৰ্তমান আইনীভাৱে ভাৰতীয় নাগৰিক কিন্তু বাংলাদেশৰ একাংশ মৌলবাদী সংগঠনে এই লোকসকলক উচটনিমূলক প্ৰচেষ্টাৰে বাংলাদেশৰ শিপা সোঁৱৰাই দিবলৈ চেষ্টা কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়

তেওঁ লগতে শেহতীয়া সময়ছোৱাত ধুবুৰীত সংঘটিত কিছু ঘটনাৰ বিষয়েও উল্লেখ কৰে উল্লেখ্য যে শেহতীয়াকৈ ধুবুৰীৰ সীমান্তৱৰ্তী গাঁৱৰ লোকসকলে বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে জড়িত ব্যক্তিৰ পৰা ভাবুকিপূৰ্ণ ফোন কল আৰু অডিঅ’ মেছেজ লাভ কৰা প্ৰকাশ পাইছিল ইয়াৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

গোলকগঞ্জ থানাৰ অন্তৰ্গত লখিমাৰী আৰু বিষখোৱাৰ গাঁওবাসীয়ে এই ফোনকল তথা অডিঅবাৰ্তাসমূহত কোনোলোকে আৰক্ষীক সহায় কৰিলে ভয়ংকৰ পৰিণতিৰ সন্মুখীন বুলি ভাবুকি দিয়াৰ কথা সদৰী কৰে সীমান্তৱৰ্তী অঞ্চলত থকা লোকসকলৰ ঘৰত অগ্নিসংযোগ কৰাৰো ভাবুকি দিয়া হয় এই ফোনকলত।

লক্ষণীয়ভাৱে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোলকগঞ্জ আৰক্ষীয়ে বাংলাদেশৰ চিম কাৰ্ড আৰু ৰাষ্ট্ৰীয় পতাকাসহ এজন যুৱকক ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছতে এনে ভাবুকিপূৰ্ণ ফোনকল তথা অডিঅবাৰ্তাই অঞ্চলটোত সৃষ্টি কৰিছিল চেঁপা উত্তেজনাৰ