মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ আইন, ছমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগে আইনী প্ৰক্ৰিয়া : মুখ্যমন্ত্ৰী
মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ আইন প্ৰণয়নৰ পোষকতা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰি কয় যে,মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত গোচৰত তদন্ত, চাৰ্জশ্বীট, বিচাৰ, দোষী সাব্যস্ত কৰাকে ধৰি সকলো আইনী প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নাৰী বিৰুদ্ধে হোৱা অপৰাধক ক্ষমাহীন পাপ বুলি অভিহিত কৰি দোষীক ৰেহাই দিয়া উচিত নহয় বুলি উল্লেখ কৰিছিল । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীৰ এই ভাষ্যক সমৰ্থন জনাই মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ আইন প্ৰণয়নৰ পোষকতা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰি কয় যে,মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত গোচৰত তদন্ত, চাৰ্জশ্বীট, বিচাৰ, দোষী সাব্যস্ত কৰাকে ধৰি সকলো আইনী প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে।
মুখ্যমন্ত্ৰী শৰ্মাই কয়,মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে । এইলৈ প্ৰধানমন্ত্ৰীয়ে কঠোৰ আইনৰ প্ৰয়োজন বুলি ঘোষণা কৰাটোক মই আদৰণি জনাইছো বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ লগতে তেওঁ কয়,”মই এটা কথাই কম যে, মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত তদন্ত, চাৰ্জ-শ্বীট, বিচাৰ, দোষী সাব্যস্ত হোৱাৰ দৰে সকলো আইনী প্ৰক্ৰিয়াৰ বাবে ছমাহৰ সময়সীমা নিৰ্ধাৰণ কৰা উচিত। তেতিয়াহে আমি এনে অপৰাধ হ্ৰাস কৰিবলৈ সক্ষম হ’ম।”
ৰাঁচীস্থিত কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শ্বেঠৰ বাসগৃহত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৰ্মাই কয় যে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই মহিলাৰ বিৰুদ্ধে অপৰাধৰ বাবে কঠোৰ আইন প্ৰণয়নৰ পোষকতা কৰিছিল। আইন প্ৰণয়ন কৰাৰ সময়ত তেওঁ এই কথাবোৰে কেন্দ্ৰক পৰামৰ্শ দিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, অলপতে কলকাতা আৰজি কৰ কাণ্ডই দেশ জোকাৰি গৈছে । এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উথাপন হোৱাৰ পাছতে সমগ্ৰ দেশবাসী প্ৰতিবাদমুখৰ হৈ পৰিছিল । আনকি দেশৰ জনতাই এই কাণ্ডৰ প্ৰতিবাদ জনাই চিকিৎসকৰ সুৰক্ষাৰ লগতে মহিলাৰ বিৰুদ্ধে অপৰাধ নাইকীয়া কৰাৰ বাবে কঠোৰ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰিছিল ।
ইফালে, যোৱা সপ্তাহত নগাঁৱৰ ধিং কাণ্ডই সমগ্ৰ অসম জোকাৰি গৈছে । ধিং কাণ্ডৰ মূল অভিযুক্তৰ পুখুৰীত পৰি সলিল সমাধি ঘটে যদিও নাৰী বিৰুদ্ধে হোৱা অপৰাধ নাইকীয়া কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে । এনে সময়তে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ আইন প্ৰণয়নৰ পোষকতা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।