শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘গোমোঠা নহয়, মুখত হাঁহি এটা লৈ সেৱা কৰক’, ‘চেৰিব্ৰেল পালচি’ৰ কাৰণ কি ? নাৰ্চসকলক কি পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে ?

চিকিৎসালয়ত ৰোগী সকলক নাৰ্চ সকলে ভালকৈ কথা নকয়, ভাল আচৰণ নকৰে, নাৰ্চসকলৰ মুখত এটা খং প্ৰতিফলিত হৈ থাকে আদি এই ধৰণৰ অভিযোগ নাৰ্চসকলৰ বিৰুদ্ধে বিভিন্ন  সময়ত উত্থাপন হোৱা পৰিলক্ষিত হয় । এনে পৰিপ্ৰেক্ষিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৰ্চ সকলৰ প্ৰতি বিশেষ আহ্বান জনাইছে । মুখ্যমন্ত্ৰী শৰ্মাই অনুৰোধ কৰি কয় যে,'চিকিৎসালয়ত নাৰ্চসকলে সেৱা আগবঢ়োৱাৰ সময়ত এটা হাঁহি মুখত লৈ থাকিব লাগে ।'

‘গোমোঠা নহয়, মুখত হাঁহি এটা লৈ সেৱা কৰক’, ‘চেৰিব্ৰেল পালচি’ৰ কাৰণ কি ? নাৰ্চসকলক কি পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 13 Aug 2024 17:27 PM

চিকিৎসালয়ৰ নাৰ্চসকলৰ ব্যৱহাৰক লৈ বিভিন্ন সময়ত ৰোগী সকলে অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় । চিকিৎসালয়ত ৰোগী সকলক নাৰ্চ সকলে ভালকৈ কথা নকয়, ভাল আচৰণ নকৰে, নাৰ্চসকলৰ মুখত এটা খং প্ৰতিফলিত হৈ থাকে আদি এই ধৰণৰ অভিযোগ নাৰ্চসকলৰ বিৰুদ্ধে বিভিন্ন  সময়ত উত্থাপন হোৱা পৰিলক্ষিত হয় । এনে পৰিপ্ৰেক্ষিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৰ্চ সকলৰ প্ৰতি বিশেষ আহ্বান জনাইছে । মুখ্যমন্ত্ৰী শৰ্মাই অনুৰোধ কৰি কয় যে,’চিকিৎসালয়ত নাৰ্চসকলে সেৱা আগবঢ়োৱাৰ সময়ত এটা হাঁহি মুখত লৈ থাকিব লাগে ।’

অসমৰ মুখ্য়মন্ত্ৰী শৰ্মাই কয় যে, ‘হাঁহিটোত কোনো দাম নাথাকে । হাঁহি আমি এনেই মাৰি থাকিব পাৰোঁ । কিন্তু চিকিৎসা মহাবিদ্যালয় সমূহত গ’লে নাৰ্চসকলে ইমান গোমোঠা মুখ এখন লৈ থাকে যে, ৰোগীৰ সকলৰ ভয়তে বেমাৰ বেছি হৈ যায় ।’ গোমোঠা আচৰণে ৰোগীৰ সকলৰ স্বাস্থ্য়ৰ ওপৰত প্ৰভাৱ পেলায় বুলি উল্লেখ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিশেষকৈ গৰ্ভৱতী মহিলাৰ অস্ত্ৰোপচাৰৰ সময়ত সেই মহিলাৰ সৈতে সহজ সৰল ভাষাৰে প্ৰেৰণাদায়ক আচৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

ইফালে গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ সময়ত ডাক্তৰ-নাৰ্চসকলে প্ৰয়োজনীয় নীতি নিয়ম মানি নচলাৰ বাবেই গাঁৱে গাঁৱে চেৰিব্ৰেল পালচি(Cerebral palsy) ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়,’ৰাজনৈতিক এই জীৱনত আমি গাঁৱে গাঁৱে ঘূৰিবলগীয়া হয় । যেতিয়া গাঁৱত সভাত অনুষ্ঠিত কৰোঁ তেতিয়াই সেই সভাত ২ ৰ পৰা ৪ গৰাকীলৈকে চেৰিব্ৰেল পালচি ৰোগী বঢ়ি থাকে । তেতিয়া আমাৰ মনটো বেয়া লাগে ।’ ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰি সন্তান জন্মৰ হোৱাৰ সময়ত ডাক্তৰ-নাৰ্চসকলে লোৱা ভূল সিদ্ধান্ত বা প্ৰয়োজনীয় নীতি নিয়ম মানি নচলাটোৱেই চেৰিব্ৰেল পালচি হোৱাৰ মূল কাৰণ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ লগতে সন্তানটি জন্ম হোৱা সময়ত মৰমেৰে সেৱা আগবঢ়াব নোৱাৰাৰ বাবেই চেৰিব্ৰেল পালচি সংখ্যা অসমত বৃদ্ধি পাইছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

ইয়াৰ সমান্তৰালভাৱে তেওঁ কয়, ‘চেৰিব্ৰেল পালচি হোৱা এগৰাকী ৰোগীৰ অভিভাৱকৰ বহু কষ্ট হয় । তেওঁ সন্তানটিক এৰিব পাৰে না ধৰিব পাৰে । এই ৰোগীৰ চিকিৎসাও নাই । গতিকে তেওঁলোকৰ লগত কথা পাতিলে মনটো বেয়া লাগে ।’ ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, চেৰিব্ৰেল পালচি হোৱা ৰোগীৰ অভিভাৱকক যেতিয়া সোধা হয় , তেওঁ সন্তানটো ক’ত জন্ম হৈছিল তেতিয়াই তেওঁলোকে বেছি সংখ্যক চৰকাৰী চিকিৎসালয়ৰ নাম কয় । গতিকে চৰকাৰী চিকিৎসালয়ৰ নাৰ্চসকলে সন্তান জন্মৰ দিয়াৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ লগতে মুখ এটা হাঁহি লৈ ৰোগীক সেৱা আগবঢ়াবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰী শৰ্মাই । ৮১২ গৰাকী নাৰ্চক নিযুক্তি প্ৰদান কৰি এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।