শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমে পাব অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান, কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম কেবিনেটে…

দেওবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত দেশৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি মেগা উদ্যোগিক উদ্যান স্থাপনলৈ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।

অসমে পাব অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান, কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম কেবিনেটে…
কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 16 Feb 2025 22:21 PM

দেওবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মৰিগাঁৱত মেগা ঔদ্যোগিক উদ্যান স্থাপন. অষ্টমখন ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তালৈ, আজিৰ কেবিটেনত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সিদ্ধান্তসমূহ সদৰি কৰে। এই সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-

মেগা ঔদ্যোগিক উদ্যান স্থাপন

ৰাজ্যখনত ঔদ্যোগিকৰণৰ প্ৰচেষ্টাক উৎসাহিত কৰিবলৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগক মেগা ঔদ্যোগিক উদ্যান স্থাপনৰ বাবে মৰিগাঁও ৰাজহ চক্ৰত ৫৬৯ বিঘা ভূমি আবণ্টনৰ অনুমোদন জনোৱা হৈছে।

স্বচ্ছ শক্তি বৃদ্ধি

এপিডিচিএলৰ দ্বাৰা ২৫০ মেগাৱাট সৌৰ প্ৰকল্পৰ বাবে সফল নিবিদা দাতাসকললৈ আৰু “মুখ্যমন্ত্ৰী সৌৰ শক্তি প্রকল্প”ৰ অধীনত সৌৰ উদ্যানৰ উমৈহতীয়া আন্তঃগাঁথনিৰ বাবে Letter of Acceptance জাৰি কৰাত অনুমোদন।

অসম সংহত স্বচ্ছ শক্তি নীতি, ২০২৫

নবীকৰণযোগ্য শক্তি খণ্ডত অসমক এক পছন্দৰ বিনিয়োগ গন্তব্য স্থান হিচাপে প্রতিষ্ঠা কৰিবলৈ কেবিনেটে সৌৰ, বায়ু, মিনি আৰু ক্ষুদ্র জলবিদ্যুৎ প্রকল্প, পাম্পযুক্ত সঞ্চয় প্রকল্প, বেটাৰী শক্তি সঞ্চয় প্রণালী, সেউজ হাইড্রজেন, জৈৱ ইন্ধন, ই ভি প্ৰণালী আদিৰ প্ৰসাৰৰ বাবে অসম সংহত স্বচ্ছ শক্তি নীতি, ২০২৫ ৰ খচৰাত অনুমোদন জনাইছে, যিয়ে অসমত আধাৰ স্থাপন কৰা উদ্যোগসমূহক বিভিন্ন উদগনি প্রদান কৰিব।

 

অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান

কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ৩১৬.২৯ বর্গ কিল’মিটাৰ বিস্তৃত অঞ্চলটোৰ সমৃদ্ধ জৈৱ-বৈচিত্র্য সুৰক্ষিত কৰাৰ বাবে শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনাত অনুমোদন।

স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়

বি টি আৰৰ চিৰাং জিলাত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় নামেৰে এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন।

আয়ুর্বেদিক চিকিৎসকসকলৰ পিজি বৃদ্ধি

‘নেশ্যনেল কমিছন ফৰ ইণ্ডিয়ান ছীষ্টেম অৱ মেডিচিন’ৰ দ্বাৰা স্বীকৃত প্রতিষ্ঠানসমূহত ৩ বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্রম সফলতাৰে সম্পূৰ্ণ কৰা আয়ুর্বেদিক চিকিৎসকসকলক ৩টা পিজি বৃদ্ধি প্রদান কৰিবলৈ অনুমোদন।

৭ স্বায়ত্তশাসিত পৰিষদ আইনৰ সংশোধন

কেবিনেটে মিচিং, ৰাভা হাছং, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, দেউৰী, বড়ো কছাৰী কল্যাণ আৰু তিৱাকে ধৰি সাতখন স্বায়ত্তশাসিত পৰিষদৰ আইনৰ সংশোধনীত অনুমোদন জনাইছে-

– যদি নির্বাচন কাৰ্যকৰী নহয়, পৰিষদৰ কাৰ্যকালৰ বাহিৰত এক সময়ৰ বাবে সাধাৰণ পৰিষদ আৰু কাৰ্যবাহী পৰিষদৰ ক্ষমতা আৰু কাৰ্যকলাপৰ সৈতে অভ্যন্তৰীণ সমিতি বা কর্তৃপক্ষত ব্যক্তি নিযুক্তি।

– তদুপৰি নিৰ্বাচিত সদস্যৰ সংখ্যা ৩৬ৰ পৰা ৩৮ লৈ বৃদ্ধি কৰিবলৈ তিৱা স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) আইন, ২০২৫ক অনুমোদন জনোৱা হৈছে।

 

অন্য খবৰ পঢ়কঃ বিপদ বাঢ়িব নেকি এলিজাবেথ গগৈৰ? ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ…