Assam Cabinet Decisions: অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পৰা পাম খেতিলৈকে, চাওক ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ…

আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । কেবিনেট বৈঠকৰ অন্তত সাংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে এই সংবাদমেলতে কেবিনেটৰ সিদ্ধান্তসমূহক অৱগত কৰে ।

Assam Cabinet Decisions: অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পৰা পাম খেতিলৈকে, চাওক ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ...

অসম কেবিনেট বৈঠক

Published: 

28 May 2025 20:15 PM

আজি বুধবাৰে লোক সেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । কেবিনেট বৈঠকৰ অন্তত সাংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে এই সংবাদমেলতে কেবিনেটৰ সিদ্ধান্তসমূহক অৱগত কৰে ।

মুখ্যমন্ত্ৰী অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ

  1. অসমৰ দুৰ্বল আৰু দুৰ্গম অঞ্চলৰ মূল বাসিন্দা আৰু খিলঞ্জীয়া লোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে কেবিনেটে বিশেষ আঁচনিত অনুমোদন জনাইছে। এই আঁচনিখনে অবৈধ লোকৰ ভাবুকিৰ প্ৰতিৰোধক হিচাপে কাম কৰিব আৰু এনে ব্যক্তি আৰু সম্প্ৰদায়ৰ ব্যক্তিগত সুৰক্ষা আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি আশা কৰিছে ৰাজ্য চৰকাৰে ।
  2. টাটা টেকন’লজি লিমিটেডৰ সহযোগত ৩৪ খন পলিটেকনিক আৰু ৪৩ খন চৰকাৰী আইটিআইক চেণ্টাৰ অৱ এক্সচেলেন্সলৈ উন্নীতকৰণৰ বাবে ২৫০ কোটি টকা সহায়ৰ বাবে অনুমোদন জনাইছে কেবিনেটে ।
  3. কেবিনেটে মঙলদৈ ষ্টেডিয়ামৰ নাম সলনি কৰি ৰাজা ধৰ্ম নাৰায়ণ ষ্টেডিয়াম নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে । একেদৰে সৰুসজাই ক্ৰীড়া কমপ্লেক্সৰ নাম অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্স আৰু ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ নাম গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, অসম নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।
  4. পশ্চিম কাৰ্বি আংলঙত ৯০০ মেগাৱাট অফ-ষ্ট্ৰিম পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ বাবে এপিডিচিএলৰ দ্বাৰা গ্ৰীণকো এনাৰ্জিজক ভূমি আবণ্টন দিয়াত অনুমোদন জনাইছে কেবিনেটে ।
  5. পাম খেতিৰ নিয়মত শিথিলতা অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে । NMEO-OPৰ অধীনত ম্যাদি পট্টা মাটি আৰু একচোনিয়া পট্টা মাটি থকা কৃষকৰ উপৰিও অন্যান্য শ্ৰেণীৰ মাটিত পাম খেতিৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে । ইয়াৰ দ্বাৰা NMEO-OPৰ অধীনত কৃষকে সুবিধা লাভ কৰিব পাৰিব ।
কিডনীত পাথৰ হোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা উপায়...যত্ন লওক এইদৰে
বুমৰাহেও ল’ব নেকি অৱসৰ! ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে এনে মন্তব্যক লৈ চলিছে চৰ্চা…
পঞ্জাৱৰ বিপক্ষে জয়ৰ পিছতে আৰচিবিৰ নায়কৰ হুংকাৰ, স্পষ্টকৈ ক’লে ‘৩ জুনত…..’
ওজন হ্ৰাসৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে, জানক ৰঙালাওৰ উপকাৰিতা...