মেগা ঔদ্যোগিক উদ্যানৰ পৰা চৰ এলেকাৰ কোটা প্ৰত্যাহাৰলৈ…অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
Assam cabinet decision: দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। এই বৈঠকত মাজুলী আৰু শিৱসাগৰৰ ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে।

দেওবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত অসম চৰকাৰে অসমত প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ নিয়ন্ত্ৰণ, ২ মেগা ঔদ্যোগিক উদ্যানৰ অনুমোদন,চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্তসমূহৰ বিষয়ে জনায়। তলত সবিশেষ উল্লেখ কৰা হল-
প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্রণ
প্রশিক্ষণ কেন্দ্রত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আৰু তেওঁলোকক প্রয়োজনীয় সুৰক্ষা, নির্দেশনা আৰু শৈক্ষিক সমর্থন প্রদান কৰিবলৈ কেবিনেটত ‘অসম প্রশিক্ষণ প্রতিষ্ঠান (নিয়ন্ত্রণ আৰু বিধি) আইন’ প্রণয়নত অনুমোদন।
অসমৰ গৌৰৱময় ঐতিহ্যৰ প্ৰসাৰ
কেবিনেটত বিশেষজ্ঞসকলক নিযুক্ত কৰি উপযুক্ত শ্ৰেণীৰ অধীনত মাজুলী আৰু শিৱসাগৰক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্রৰ মৰ্যাদা প্রদান কৰিবলৈ অনুমোদন।
NEET পৰীক্ষাৰ ন্যায্য পৰিচালনা নিশ্চিতকৰণ
কেবিনেটে অসম আৰক্ষীৰ শেহতীয়া তদন্তৰ সন্দৰ্ভত আলোচনা কৰে, যাৰ জৰিয়তে বেছিভাগ NEET পৰীক্ষা কেন্দ্র ব্যক্তিগত প্রতিষ্ঠানত আছে বুলি জানিব পৰা যায় আৰু এইক্ষেত্রত গ্রহণ কৰা হয় কেইটিমান সমাধানমূলক প্রস্তাৱ-
- এন টি এক কেৱল চৰকাৰী বিদ্যালয়ত NEET কেন্দ্র অনুমোদন কৰিবলৈ অনুৰোধ
- পৰীক্ষা প্রক্রিয়াৰ দিশত উপযুক্ত তত্ত্বাবধান নিশ্চিত কৰিবলৈ জিলা আয়ুক্তসকলৰ তত্ত্বাবধানত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এন টি এক অনুৰোধ
- এই সন্দর্ভত এন টি এৰ সঞ্চালকপ্রধান আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্র্যালয়ৰ সচিবৰ সৈতে বিষয়টো আগবঢ়াই নিবলৈ মুখ্য সচিবক নির্দেশনা প্রদান।
মেগা ঔদ্যোগিক উদ্যান স্থাপন
- ঔদ্যোগিক পৰিস্থিতি তন্ত্র বৃদ্ধি আৰু ৰাজ্যলৈ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবলৈ কেবিনেটৰ দ্বাৰা কামৰূপৰ হাজোত স্মার্ট টাউনশ্বিপসহ ঔদ্যোগিক উদ্যান স্থাপনত অনুমোদন
- কেবিনেটৰ দ্বাৰা কামৰূপ আৰু মৰিগাঁও জিলাত ‘মেগা ঔদ্যোগিক ‘উদ্যান’ স্থাপনৰ বাবে ভূমিৰ আবণ্টন
ভিভান্তা গুৱাহাটীৰ উন্নীতকৰণ
পৰ্যটকক আকৰ্ষিত কৰিবলৈ আৰু অঞ্চলটোত আতিথ্য বৃদ্ধি কৰিবলৈ কেবিনেটত ভিভাল্টা গুৱাহাটীৰ সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ বাবে পর্যটন বিভাগক ভূমি আবণ্টনৰ অনুমোদন।
স্থানীয় অর্থনৈতিক বিকাশ বৃদ্ধি
কেবিনেটত এম এছ এম ইৰ দ্বাৰা পৰিচালিত সন্তুলিত অর্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে ছিডবি ক্লাষ্টাৰ ডেভেলপমেন্ট ফাণ্ডৰ অধীনত প্রকল্প হাতত লোৱাৰ বাবে ২১.৫২ কোটি টকাৰ অনুমোদন।
চালক প্রশিক্ষণ কেন্দ্র স্থাপন
- মানুহৰ হস্তক্ষেপ দূৰীকৰণেৰে বৈজ্ঞানিক, স্বচ্ছ আৰু মানক পৰীক্ষাৰ সৈতে ড্রাইভিং লাইচেঞ্চ জাৰি প্রক্রিয়াটো সুশৃংখল কৰাৰ বাবে কেবিনেটৰ দ্বাৰা স্বয়ংক্রিয় চালক পৰীক্ষা ট্রেক (এডিটিটি)ৰ সৈতে স্বীকৃত চালক প্রশিক্ষণ কেন্দ্র (এডিটিচি) স্থাপনত অনুমোদন।
- ডিব্রুগড়, নগাঁও, বিশ্বনাথ, বৰপেটা আৰু কামৰূপত বর্তমান ৰাজ্যৰ পাঁচটা এডিটিচি নির্মাণ কৰা হৈছে, যিসমূহ এই বছৰৰ ভিতৰত কার্যক্ষম হ’ব বুলি আশা কৰা হৈছে
- পৰিবহণ বিভাগে বিতং নির্দেশনা প্রস্তুত কৰিব পৰাকৈ প্রতিটো বিধান সভা সমষ্টিত এই দিশত এখনকৈ বিদ্যালয়ৰো ব্যৱস্থা কৰিব।
এমবিবিএছ / বিডিএছৰ নামভৰ্তিৰ বিধি সংশোধন
কেবিনেটত ২০২৫-২৬ বৰ্ষৰ পৰা অসম এমবিবিএছ / বিডিএছ নামভর্তি বিধি ২০১৭ (২০২৪ লৈকে সংশোধিত)ৰ চৰ এলেকাৰ বাবে কোটা প্রত্যাহাৰত অনুমোদন।
অন্য খবৰ পঢ়কঃ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা, তালিকাত আছে কাৰ কাৰ নাম? জানক…