বহুবিবাহ কৰিলেই ভুগিব লাগিব কঠোৰ শাস্তি! নতুন বিধেয়কত কেবিনেটৰ অনুমোদন, থাকিব এনে বিধান…
ৰাজ্য চৰকাৰে বহুবিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰি তোলাৰ লক্ষ্যৰে নতুন বিধেয়ক গৃহীত কৰিছে। অৰ্থাৎ এতিয়া ৰাজ্যত বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ। কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰি এই বিষয়ে তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কালি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত অসম কেবিনেটে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত বহুবিবাহ ৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। সেই অনুসাৰে ৰাজ্য চৰকাৰে বহুবিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰি তোলাৰ লক্ষ্যৰে নতুন বিধেয়ক গৃহীত কৰিছে। অৰ্থাৎ এতিয়া ৰাজ্যত বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ। কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰি এই বিষয়ে তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, অসম কেবিনেটে বৈঠকত অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ত অনুমোদন জনাইছে। এই বিধেয়কখন অহা ২৫ নৱেম্বৰত বিধানসভা অধিৱেশনত উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে বিধেয়কখনৰ কিছু আভাসো দাঙি ধৰে।
তেওঁ প্ৰকাশ কৰা মতে, এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত একাধিকবাৰ বিবাহপাশত আৱদ্ধ হোৱা লোকসকলে সাত বছৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব। লগতে এই আইন কাৰ্যকৰী হোৱাৰ পিছত দোষীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ’ব বুলিও তেওঁ তথ্য প্ৰকাশ কৰিছে।
ইফালে এই আইন কাৰ্যকৰী কৰাৰ পিছত বহুবিবাহৰ ভুক্তভোগী মহিলাসকলক ক্ষতিপূৰণৰ বাবে চৰকাৰে এক পুঁজি গঠন কৰিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। এই পুঁজিৰ জৰিয়তে বহুবিবাহৰ ভুক্তভোগী মহিলাসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
অৱশ্যে বহু বিবাহ প্ৰতিৰোধৰ এই আইনখনৰ আওতাৰ পৰা বাহিৰত থাকিব জনজাতীয় লোকসকল। লগতে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত জিলাসমূহ- বিটিচি, ডিমা হাছাও আৰু কাৰ্বি আংলঙত বৰ্তমান এই আইনখন কাৰ্যকৰী নহ’ব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত প্ৰকাশ কৰিছে।