5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam cabinet: চৰকাৰী কৰ্মচাৰীৰ পৰা পূজাৰ বোনাচ, হোটেল স্থাপনলৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

 কেবিনেটে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ ফালে থকা পূৰ্বৰ এইচ পি চি এল, নগাঁও কাগজ কলৰ সম্পত্তিৰ ৬ একৰ ভূমিত এখন হোটেল স্থাপনৰ বাবে ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডক ৬০ বছৰৰ বাবে লীজত দিয়াৰ অনুমোদন জনাইছে।

Assam cabinet: চৰকাৰী কৰ্মচাৰীৰ পৰা পূজাৰ বোনাচ, হোটেল স্থাপনলৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Follow Us
barasha-sarma
Barasha Sarma | Published: 05 Sep 2024 07:47 AM

বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে সবিশেষ  জনায়। চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি অসম চুক্তিৰ ৬ নং দফালৈ, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। তলত সবিশেষ উল্লেখ কৰা হ’ল-

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণ

অসম কেবিনেটে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে গঠন কৰা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৰ সন্দৰ্ভত পুংখানুপুংখ আলোচনা কৰে। কেবিনেটে আয়োগৰ ৬৭টা পৰামৰ্শৰ ভিতৰত ৫৭টা কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনায়। বাকী ১০টা পৰামৰ্শৰ বাবে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰা হ’ব। এই পৰামৰ্শসমূহ ষষ্ঠ অনুসূচী অঞ্চল আৰু বৰাক উপত্যকাৰ বাহিৰে ৰাজ্যজুৰি প্ৰযোজ্য হ’ব।  লগতে এটা গোট গঠন কৰি সদৌ অসম ছাত্র সন্থা আৰু অন্যান্য সংগঠনৰ সৈতে আলোচনা কৰি এক স্পষ্ট ৰূপৰেখা আৰু ৰূপায়ণৰ পৰিকাঠামো প্রস্তুত কৰিব। পৰামৰ্শসমূহ ১৫ এপ্রিল ২০২৫ৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।

লখিমপুৰ বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

উন্নয়নমূলক প্রকল্প: ২১৩ কোটি টকা (বিধান সভা সমষ্টি অনুযায়ী)

► ৰঙানদীঃ ফুলবাৰী, ঢেকীয়াজুলি আৰু শান্তিপুৰ পথ হৈ হাৰমতীত ৰাষ্ট্ৰীয় ঘাইপথ ১৫ লৈ ডিজু কিমিন পথ নির্মাণ। ইয়াৰ বাবে অনুমোদিত ব্যয়- ২৫.৭৫ কোটি টকা

* লালুক মহাবিদ্যালয়ত বিজ্ঞান শাখা প্রতিষ্ঠা

► নাওবৈচাঃ খাৰখাটী দলং অশুমনি শালমৰাৰ পৰা পভা চাৰিআলি/সোণাপুৰলৈ আৰু চিচাপথাৰ বিহপুৰীয়া লিংক ৰোডলৈ (আদি এলেঙী সত্র হৈ) মুঠ দৈর্ঘ্য- ৩০ কিল’মিটাৰ। অনুমোদিত ব্যয়: ৪৪.২৫ কোটি টকা।

►আচেৰাকটা, গোৱালবাৰী, বালিগাঁও, দফলাকটা আৰু বালিভেটা আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰক সোৱণশিৰি নৈৰ খহনীয়াৰ পৰা সুৰক্ষিত কৰাৰ বাবে খহনীয়া বিৰোধী ব্যৱস্থাৰ বাবে ২৪.৯৯ কোটি টকাৰ অনুমোদন।

►লখিমপুৰ

  • বগীনদীত প্রেক্ষাগৃহ তথা অতিথিশালাৰ বাবে  ১৫ কোটি টকা অনুমোদন।
  • মইনাপাৰা আতাইচুকৰ গুমনদী প্রতাপ গড়লৈ কলাইচুক হৈ পথ (ৰাষ্ট্রীয় ঘাইপথ ১৫ বগীনদীৰ পৰা কলাইচুকৰ মাজেৰে ২নং তাৰিয়ানি জেংবাই গৰম বজাৰ সামৰি) মুঠ দৈর্ঘ্য- ২৩.৬ কিল’মিটাৰ, অনুমোদিত ব্যয়- ১৮.৭৪ কোটি টকা

► ঢকুৱাখনাঃ

  • ঢকুৱাখনাৰ মহকুমা চিকিৎসালয়ক জিলা অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণৰ নাম ১১.৫৫ কোটি টকা অনুমোদন।
  • ফাট বিহু সাংস্কৃতিক পৰিসৰ

► বিহপুৰীয়া

  • শ্রীশ্রীমাধবদেৱ জন্মক্ষেত্র উন্নয়ন প্রকল্পৰ বাবে ৩০ কোটি টকা
  • শ্রীশ্রীঅনিৰুদ্ধদেৱ জন্মক্ষেত্র উন্নয়ন প্রকল্পৰ বাবে : ১৫ কোটি টকা

► বিহালীঃ  আদর্শ স্নাতক মহাবিদ্যালয়, বেদেতি

চাহ বাগিচাৰ কৰ্মী-কৰ্মচাৰীলৈ পূজাৰ বোনাচ

অসম চাহ নিগম লিমিটেডৰ অন্তৰ্গত চাহ বাগিচাৰ কৰ্মচাৰী আৰু কৰ্মীসকলক দুর্গা পূজাৰ পূৰ্বে  ২০% বোনাচ পৰিশোধৰ বাবে অনুমোদন জনাইছে।

  • বীৰ ৰাঘৱ মৰাণ দিৱসঃ মৰাণ জনগোষ্ঠীৰ বীৰ বাঘৱ মৰাণৰ অৱদানৰ প্রতি শ্রদ্ধাঞ্জলি স্বৰূপে কেবিনেটে ‘বীৰ ৰাঘৱ মৰাণ দিৱস’ৰ বাবে ১৯ নবেম্বৰ ২০২৪ তাৰিখে সীমিত বন্ধ ঘোষণা সন্দর্ভত কার্যকৰীকৰণৰ অনুমোদন প্রদান কৰিছে।

শক্তি খণ্ডত ৰাজসাহায্য বৃদ্ধিকৰণ

জীৱন ধাৰা আৰু ঘৰুৱা- ক শ্রেণীৰ অধীনত বিদ্যুৎ গ্রাহকসকলক সকাহ দিবলৈ কেবিনেটে ২০২৪-২৫ বিত্তীয় বর্ষব বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক মুঠ ২০০ কোটি টকাৰ নিৰ্ধাৰিত ৰাজসাহায্যৰ অনুমোদন জনাইছে।  জীৱন ধাৰা শ্ৰেণীৰ মুঠ ৫,৯৬,৪০০ গ্রাহক আৰু ঘৰুৱা-ক শ্রেণীৰ ৫৫.৬৭,০৩৯ গ্রাহক এই সিদ্ধান্তৰ দ্বাৰা লাভান্বিত হ’ব।

 সম জিলাৰ কাৰ্যকৰীকৰণ

তৃণমূল পর্যায়ত কাৰ্যকৰী আৰু দক্ষ নাগৰিককেন্দ্ৰিক প্রশাসন প্ৰদানৰ লক্ষ্যৰে কেবিনেটে ২-ৰ পৰা ৮ অক্টোবৰ, ২০২৪ লৈ প্রথম পর্যায়ত ৩৯খন সম জিলা (মুঠ ৭৮খন অধিসূচিত সম জিলাৰ ভিতৰত) কাৰ্যকৰীকৰণত অনুমোদন জনাইছে। কেবিনেটে বিহালীৰ বাবে এটা চক্ৰ আৰু সম জিলা সৃষ্টিৰ বাবেও অনুমোদন জনাইছে।

ষ্টার্টআপ আৰু ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ সংশোধন

ৰাজ্যখনত ঔদ্যোগিকৰণ আৰু উদ্যমিতাক উৎসাহিত কৰাৰ অর্থে কেবিনেটে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি (সংশোধনী) ২০২৪ আৰু অসম ষ্টাৰ্টআপ নীতি (সংশোধনী), ২০১৮ৰ সংশোধনত অনুমোদন জনাইছে।

ৰাজ্যিক কৰ্মচাৰীৰ বাবে বর্ধিত বীমা কভাৰেজ

দুর্ঘটনাজনিত মৃত্যু বা অক্ষমতাৰ দুর্ভাগ্যজনক ঘটনাৰ সময়ত ৰাজ্যিক কৰ্মচাৰী আৰু/বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিত্তীয় স্থিৰতা নিশ্চিত কৰাৰ বাবে কেবিনেটে নিম্নলিখিত ধৰণে শূন্য-প্রিমিয়াম আধাৰিত বীমা কভাৰেজ প্রদান কৰাৰ বাবে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা একাউণ্ট থকা এছ বি আই বা আন যিকোনো বাণিজ্যিক বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে।

দুর্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত: ১ কোটি টকা

স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত ১ কোটি টকা

আংশিক বিকলাংগতাৰ ক্ষেত্ৰত ৮০ লাখ টকা

– সেৱাকালত যিকোনো ৰোগত মৃত্যুৰ ক্ষেত্ৰত: ১০ লাখ টকা

জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ উদ্যোগৰ সমীপত হোটেল স্থাপন

কেবিনেটে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ ফালে থকা পূৰ্বৰ এইচ পি চি এল, নগাঁও কাগজ কলৰ সম্পত্তিৰ ৬ একৰ ভূমিত এখন হোটেল স্থাপনৰ বাবে ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডক ৬০ বছৰৰ বাবে লীজত দিয়াৰ অনুমোদন জনাইছে।

Latest News