Assam cabinet: মেধাৱী শিক্ষাৰ্থীৰ বাবে দুচকীয়া বাহনৰ পৰা সম জিলালৈ…অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
Assam cabinet: প্ৰতি সপ্তাহৰ দৰে মঙলবাৰেও অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। মেধাৱী শিক্ষাৰ্থীৰ বাবে দুচকীয়া বাহন, জাগীৰোডত ছেমিকণ্ডাক্টৰৰ বাবে প্ৰস্তুতি, সম-জিলাৰ গঠনকে ধৰি ভালেকেইটা সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটত। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এক পোষ্ট কৰি সবিশেষ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১ অক্টোবৰৰ ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-
মেধাবী শিক্ষার্থীৰ বাবে নতুন দুচকীয়া বাহন
- প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনৰ বাণীকান্ত কাকতি মেধা বঁটাত দ্বাদশ শ্ৰেণীৰ মেধাসম্পন্ন শিক্ষার্থীৰ যি সকলে ৬০% (ছাত্রী) আৰু ৭৫% (ছাত্র) নাইবা ইয়াৰ ওপৰত নম্বৰ লাভ কৰিছে তেওঁলোকক স্কুটাৰ প্ৰদান কৰা হ’ব।
- এই আঁচনিৰ অধীনত ২০২৪ চনৰ বাবে ৪৮,৬৭৩গৰাকী ছাত্র-ছাত্রীক ৩৪৫,৭৪,০২,০৩৮ টকা ব্যয়েৰে স্কুটাৰ প্ৰদানৰ বাবে কেবিনেটত অনুমোদন জনোৱা হয়
- এই স্কুটাৰ প্রদানে দ্বাদশ শ্রেণীৰ আগন্তুক ছাত্র-ছাত্রীসকলক তেওঁলোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল প্রদর্শন কৰিবলৈও উৎসাহিত কৰিব
২০১৩ আৰু ২০১৪ ৰাজহুৱা নিযুক্তি কেলেংকাৰিৰ আঁৰৰ তথ্য উন্মোচন
- অসম লোকসেৱা আয়োগৰ দ্বাৰা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ২০১৩ আৰু ২০১৪ পৰিচালনাত অভিযোগ আৰু অসদাচৰণৰ তদন্তৰ বাবে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মাৰ নেতৃত্বত ২খন এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল
- আয়োগমূহে প্রতিবেদন দাখিল কৰি এ পি এছ চিৰ দ্বাৰা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা পৰিচালনাত হিতাধিকাৰী আৰু অভিযুক্তসকলৰ দ্বাৰা আশ্রয় লোৱা কল্পনাতীত স্পষ্ট বিসংগতি আৰু অসদাচৰণৰ কথা উল্লোখ কৰিছিল
- বৃহত্তৰ জন স্বার্থত কেবিনেটে পূর্বতে এ পি এছ চিত প্রচলিত দূর্নীতি আৰু অপকর্মৰ পৰিমাণ সম্পর্কে প্রতিবেদনখনৰ জৰিয়তে প্রাপ্ত তথ্য ৰাজহুৱা কৰিবলৈ অনুমোদন জনাইছে। বিষয়টো অসম বিধান সভাত উত্থাপন কৰা হ’ব।
জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰৰ বাবে প্রস্তুতি
- জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত ২৪ ঘণ্টা পানী যোগান নিশ্চিত কৰাৰ বাবে কেবিনেটে পানী যোগান আঁচনি স্থাপনত প্রশাসনিক অনুমোদন প্রদান কৰিছে
- প্রকল্পটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা সম্পাদন কৰা হ’ব আৰু ই প্রকল্পটোৰ ঔদ্যোগিক আৰু আবাসিক দুয়োটা প্রয়োজনীয়তা পূৰণ কৰিব
- প্রকল্পটোৰ সামগ্রিক ব্যয় হ’ব ১২১.৩৬ কোটি (১০ বছৰৰ বাবে কার্যকৰীকৰণ আৰু ৰক্ষণাবেক্ষণসহ)
- কপিলী নৈৰ পৰা প্ৰতিদিনে ১২.৫ নিযুত লিটাৰ ক্ষমতাৰ পানী আহৰণ কৰা হ’ব আৰু প্রকল্পটো জুলাই ২০২৫ৰ ভিতৰত সম্পূর্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে
জিলাচালিত বিকাশৰ নতুন আর্হিঃ সম-জিলা
- ৪ অক্টোবৰ ২০২৪ত, অতিৰিক্ত জিলা আযুক্তৰ নেতৃত্বত সম-জিলা মুকলি কৰাৰ লগে লগে অসমে জিলা পর্যায়ত এক নতুন প্রশাসনিক গাঁথনিৰ সূচনা কৰিব
- তেওঁলোকক প্রদান কৰা বর্ধিত দায়িত্ব আৰু ক্ষমতাৰ কথা বিবেচনা কৰি, কেবিনেটে উপ-জিলাসমূহৰ নাম সম-জিলা হিচাপে পুনৰ নামকৰণ কৰাৰ বাবে অনুমোদন জনাইছে, যাৰ নেতৃত্ব এজন সম-জিলা আয়ুক্তৰ দ্বাৰা কৰা হ’ব
শক্তিৰ বর্ধিত চাহিদা পূৰণৰ পদক্ষেপ
- অসমৰ বৰ্ধিত শক্তিৰ চাহিদা পূৰণ কৰিবলৈ, কেবিনেটে এ পি ডি চি এলৰ দ্বাৰা তেহৰি জল উন্নয়ন নিগম লিমিটেডৰ কালাই-২ জলবিদ্যুৎ প্রকল্পৰ পৰা ২০০ মেগাবাট বিদ্যুৎ ক্রয়ৰ প্রস্তাৱত অনুমোদন জনাইছে
- প্রকল্পটোৰ পৰা বিদ্যুৎ সংগ্রহৰ বাবে সমতুল্য শুল্ক হ’ব ৫.৪৬ টকা/ইউনিট। ই ২০২২-২৩ বিত্তীয় বর্ষত ক্রয় কৰা বিদ্যুতৰ গড় হাৰতকৈ যথেষ্ট কম
- এই সিদ্ধান্তই শক্তিৰ প্রয়োজনীয়তা পূৰণ কৰাৰ লগতে নৱীকৰণযোগ্য শক্তি ক্রয়ৰ বাধ্যবাধকতা পূৰণত সহায় কৰিব।