5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election result: ১ মিনিটত পঢ়ক ৰাজ্যৰ উপ- নিৰ্বাচন ফলাফলৰ ডাঙৰ আপডেট

Assam by election result: ৰাজ্যৰ ৫ সমষ্টিত চলি আছে বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত  মুঠ ভোটাৰৰ সংখ্যা আছিল ৯, ১০, ৬৬৫ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৫৪,৭২২ জন আৰু মহিলা ভোটাৰ সংখ্যা  ৪,৫৫,৯২৪ গৰাকী ৷ আনহাতে পাঁচ সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা আছিল ১০৭৮ টা ।

Assam by election result: ১ মিনিটত পঢ়ক ৰাজ্যৰ উপ- নিৰ্বাচন ফলাফলৰ ডাঙৰ আপডেট
অসমৰ উপ- নিৰ্বাচন
barasha-sarma
Barasha Sarma | Updated On: 23 Nov 2024 09:44 AM

আজি ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।  ১৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল বিহালী, চামগুৰি, ছিদলী, বঙাইগাঁও আৰু ধলাই সমষ্টিৰ বিধানসভাৰ উপ- নিৰ্বাচন। ইতিমধ্যে আজি পুৱাৰ পৰা আৰম্ভ হৈছে ৫ সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়া।  ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত  মুঠ ভোটাৰৰ সংখ্যা আছিল ৯, ১০, ৬৬৫ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৫৪,৭২২ জন আৰু মহিলা ভোটাৰ সংখ্যা  ৪,৫৫,৯২৪ গৰাকী ৷ আনহাতে পাঁচ সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা আছিল ১০৭৮ টা ।

প্ৰথম ৰাউণ্ডৰ অন্তত কোন ক’ত আগবাঢ়ি আছে

  • প্ৰথম ৰাউণ্ডৰ অন্তত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে লাভ কৰিছে ৪,৩৫০ টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে ৩,২৫৯ টা ভোট।
  • চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে লাভ কৰিছে ৪৩৩টা ভোট।
  • আম আদমি প্ৰাৰ্থী অনন্ত গগৈয়ে লাভ কৰিছে ১০৫টা ভোট।
  • নোটাত ১৬৪টা ভোট পৰিছে।
  • অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে লাভ কৰিছে ৪৬৮৫টা ভোট।
  • নিৰ্দলীয় প্ৰাৰ্থী গৌতম ৰয়ে লাভ কৰিছে ৩৫৫টা ভোট।
  • নিৰ্দলীয় শৈলেন্দ্ৰ সৰকাৰে লাভ কৰিছে ২৭৮টা ভোট।
  • নিৰ্দলীয় প্ৰাৰ্থী দীপক দাসে লাভ কৰিছে ১৫০টা ভোট।
  • নিদৰ্লীয় প্ৰাৰ্থী মৃত্যুঞ্জয় ৰাভাই লাভ কৰিছে মাত্ৰ ৮৮টা ভোট।
  • নিদৰ্লীয় বুদ্ধেশ্বৰ বৰ্মনে লাভ কৰিছে ৭২টা ভোট।
  • নিদৰ্লীয় প্ৰাৰ্থী অনুপ কুমাৰ কৰ্মকাৰে লাভ কৰিছে ৬২টা ভোট।এই মূৰ্হুতলৈকে নটাত পৰিছে ২০১টা ভোট।কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিত সিনহাই লাভ কৰিছে ৪০১১টা ভোট।

 

  • চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিলত চেৰ পেলাই ২,৪৩১ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।
  • বিহালীত ঘাটোৱাল আগবাঢ়ি আছে ১,০৯১ টা ভোটৰ ব্যৱধানত।
  • ধলাইত বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাস আগবাঢ়ি আছে ১৭৩টা ভোটত।
  • চিদলীত বি পি এফৰ শুদ্ধ কুমাৰ বসুমতাৰী আগবাঢ়ি আছে ১০৪টা ভোটৰ ব্যৱধানত।

 

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকীয়ে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰ ভিতৰত চিদলী সমষ্টিত তিনি গৰাকী প্ৰাৰ্থীয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । এই কেইজন  ইউপিপিএলে নিৰ্মল কুমাৰ ব্ৰক্ষ্মক , বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰী আৰু কংগ্ৰেছৰ সঞ্জীৱ ৱাৰীক ৷

উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা আনটো সমষ্টি বঙাইগাঁৱত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিজেপিৰ মিত্ৰদল অগপৰ দীপ্তিময়ী চৌধুৰীয়ে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে কংগ্ৰেছে সমষ্টিটোত ব্ৰজেনজিৎ সিনহা, এছইউচিআইৰ হৈ মৃত্যুঞ্জয় ৰাভা, নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰ, অনুপ কুমাৰ কৰ্মকাৰ, ভদ্ৰেশ্বৰ বৰ্মন, গৌতম ৰায় লগতে দীপক দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

ইফালে বিহালীত মুঠ ৪ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিহালীত শাসকীয় বিজেপিয়ে দিগন্ত ঘাটোৱালে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছৰ জয়ন্ত বৰা, চিপিআই(এমএল)ৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী আৰু আপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে অনন্ত গগৈয়ে । একেদৰে ধলাই সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু চামগুৰিত ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ধলাইত বিজেপিৰ নীহাৰ ৰঞ্জন দাসৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থ, মুঠ ৬ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী অমলেন্দু দাস, ধীৰাজ দাস, পৰিমল দাস, ৰাজু দাস আৰু গৌৰ চন্দ্ৰ দাস, দিলীপ কুমাৰ ধুবীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লগতে চামগুৰিত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা, কংগ্ৰেছৰ তাঞ্জিল হুছেইন, নিৰ্দলীয় প্ৰাৰ্থী জেহিৰুল ইছলাম,নুৰুল আমিন চৌধুৰী,ৰবুল হক, ফাতেমা খাতুন, শশী তাতী,মুচাব্বিৰ আলি আহমেদ, আব্দুল মাজিদ,আব্দুছ চবুৰ মিঞা আৰু বীৰেন বচাকে প্ৰতিদ্বন্দ্বিতা কৰিছে।

Latest News