শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam by election:উপ-নিৰ্বাচনৰ বাবে ধলাইৰ বিজেপি প্ৰাৰ্থী এজন বাংলাদেশী

Assam by election: অসমত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। ১৩ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া উপ- নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী। ইয়াৰ মাজতে অভিযোগ উত্থাপন হৈছে যে ধলাই সমষ্টিত বিজেপিয়ে বাংলাদেশী নাগৰিকক প্ৰাৰ্থিত্ব আগবঢ়াইছে।

Assam by election:উপ-নিৰ্বাচনৰ বাবে ধলাইৰ বিজেপি প্ৰাৰ্থী এজন বাংলাদেশী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Barasha Sarma
Barasha Sarma | Updated On: 04 Nov 2024 06:42 AM

“এইবাৰ ধলাই সমষ্টিৰ পৰা বিজেপিয়ে এজন বাংলাদেশীক টিকট দিছে। গতিকে বিজেপিয়ে ৰাইজক উত্তৰ দিব লাগিব যে, যি বাংলাদেশীৰ বিৰুদ্ধে বছৰ বছৰ ধৰি আন্দোলন,গণ আন্দোলন, চুক্তি আদি হৈ গল তেনে এজন বাংলাদেশীক কিয় প্ৰাৰ্থিত্ব দিছে”- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। দেওবাৰে ধলাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত এই কথা কয়। লগতে এই ক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা উত্তৰ বিচাৰে।

বৰাই কয়, “বিজেপিয়ে ধলাইৰ পৰা বাংলাদেশীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। অমিয় কান্তি দাসে ৰাজহুৱাকৈ কৈছিল যে ধলাইৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস এগৰাকী বাংলাদেশী। এই অমিয় কান্তি দাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ আৰু সদায় দুয়ো ফোনত কথা পাতে। গতিকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠই এনে কথা কোৱা চিন্তনীয়। এয়া সহজ কথা নহয়, বাংলাদেশীৰ বিৰুদ্ধে অসমত বহু আন্দোলন, চুক্তি হ’ল, গতিকে কি কাৰণে মুখ্যমন্ত্ৰীয়ে এজন বাংলাদেশীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাৰ উত্তৰ অসমবাসীক উত্তৰ দিব লাগিব”।

 

উল্লেখ্য যে, ১৩ নৱেম্বৰত অসমৰ ৫ সমষ্টিত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। এই সমষ্টি কেইটা- ধলাই, চামগুৰি, বিহালী, বঙাইগাঁও আৰু ছিদলী। ইয়াৰে ধলাই সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে নিহাৰ ৰঞ্জন দাসক। এই সমষ্টটোৰ পৰা বিজেপিৰ কাছাৰ জিলাৰ উপ- সভাপতি অমিয় কান্তি দাস প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। কিন্তু এই সমষ্টিৰ পৰা বিজেপিয়ে তেওঁক টিকট প্ৰদান নকৰিলে।

ইয়াৰ পাছতেই অমিয়  কান্তিয়ে ৰাজহুৱাকৈ নিহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ অমিয় কান্তিয়ে কোৱা কথাৰ সংগতি ৰাখিয়েই মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয় যে, বাংলাদেশী খেদিবৰ বাবে অসমত বহু বছৰ আন্দোলন হৈছিল, ৮৫৫ জনলোক শ্বহীদ হৈছিল। আনকি শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমলৈ অহা লোকসকলক বিদেশী বুলি গন্য কৰা হ’ব। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কি কাৰণে এগৰাকী বাংলাদেশীক টিকট প্ৰদান কৰিলে বুলি প্ৰশ্ন কৰে ভূপেন বৰাই।

উল্লেখ্য যে, উপ- নিৰ্বাচনক লৈ ৰাজ্যত তুংগত উঠিছে প্ৰচাৰ অভিযান। শাসকীয়- বিৰোধী প্ৰতিটো দলেই নিজৰ হাতলৈ আসন আনিবলৈ সকলো ধৰণৰ চেষ্টায়ে কৰি গৈছে। শাসকীয় দলৰ মন্ত্ৰী- বিধায়কসকল নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ বিপৰীতে বিৰোধিৰো জ্যেষ্ঠ নেতাসকলে যোৰদাৰ প্ৰচাৰ চলাই গৈছে। গতিকে পৰৱৰ্তী সময়তহে জানিব পৰা যাব কাৰ হাতলৈ যায় কি আসন…