শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Budget Session 2025 : ৰাজ্যপালৰ সম্পূৰ্ণ ভাষণ…অসমৰ উন্নয়নৰ ৰূপৰেখাক কেনেদৰে দাঙি ধৰিলে লক্ষ্মণ প্ৰসাদ আচাৰ্যই ?

সোমবাৰে বিধানসভাৰ বাজেট অধিৱেশনত ভাষণ দি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ ৰূপৰেখা দাঙি ধৰে। ভাষণত কি কয় ৰাজ্যপালে ?

Assam Budget Session 2025 : ৰাজ্যপালৰ সম্পূৰ্ণ ভাষণ…অসমৰ উন্নয়নৰ ৰূপৰেখাক কেনেদৰে দাঙি ধৰিলে লক্ষ্মণ প্ৰসাদ আচাৰ্যই ?
লক্ষ্মণ প্ৰসাদ আচাৰ্যImage Credit source: X Handle
Manas Borah
Manas Borah | Updated On: 17 Feb 2025 15:45 PM

গুৱাহাটীৰ বাহিৰত প্ৰথমবাৰৰ বাবে অসম বিধানসভা অধিৱেশন অনুষ্ঠিত হৈছে । কোকৰাঝাৰত অনুষ্ঠিত হোৱা এই অধিৱেশন এক ঐতিহাসিক অধিৱেশন হিচাপে পৰিগণিত হৈছে । অধিৱেশনৰ প্ৰথম দিনটোত ৰাজ্যপালৰ ভাষণ আগবঢ়াই লক্ষ্মণপ্ৰসাদ আচাৰ্যই । সোমবাৰে বিধানসভাৰ বাজেট অধিৱেশনত ভাষণ দি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ ৰূপৰেখা দাঙি ধৰে।

ভাষণত কি কয় ৰাজ্যপালে ?

  1. ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ অনুষ্ঠিত হোৱা অধিৱেশনক লৈ আনন্দ প্ৰকাশ কৰি আচাৰ্যই কয় যে, এনে ব্যৱস্থাই জনসাধাৰণক একত্ৰিত কৰাত সহায় কৰে। তেওঁ কয় যে, “এই অধিৱেশন আমাৰ যাত্ৰাৰ ওপৰত চিন্তা-চৰ্চা কৰা, প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনা কৰা আৰু আমাৰ প্ৰিয় ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে এক দূৰদৰ্শী ৰোডমেপ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে চিহ্নিত হৈছে ।”
  2. তেওঁ স্পষ্টকৈ কয় যে, চৰকাৰে নিজৰ হেৰুৱা গৌৰৱক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি আছে । নিজৰ অতীতক সন্মান জনোৱাৰ ভৱিষ্যত গঢ়ি তুলিছে আৰু ইতিহাসক প্ৰগতিৰ সৈতে একেলগ কৰি সকলোৰে মৰ্যাদা আৰু সমৃদ্ধি নিশ্চিত কৰিছে বুলি কয় ৰাজ্যপালগৰাকীয়ে ।
  3. ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ সন্দৰ্ভত ৰাজ্যপালগৰাকীয়ে দাবী কৰে যে, ৰাজ্যখনে ১২.৬ শতাংশ বাৰ্ষিক বৃদ্ধিৰ হাৰেৰে এক স্থিৰ উৰ্ধমুখী গতিত আগবাঢ়িছে। ২০২২-২৩ চনৰ ভিতৰত ২৫ শতাংশ আৰু ২০২৩-২৪ চনত ১৫ শতাংশ কৰ ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে বুলিও কয় ৰাজ্যপালগৰাকীয়ে । ৰাজ্যখনত বৃদ্ধি পোৱা আয়ৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰত ইতিবাচক প্ৰতিফলন দেখিবলৈ পোৱা গৈছে । প্ৰগতিৰ গতি বজাই ৰখাৰ সমান্তৰালভাৱে ইয়াক আৰু অধিক গতি দিবৰ বাবে ৰাজ্যখনৰ সকলো বিভাগে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি আছে বুলি দাবী কৰে ৰাজ্যপালগৰাকীয়ে ।
  4. তেওঁ কয়, ” জাগীৰোডৰ অৰ্ধপৰিবাহী উদ্যোগ, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ অধীনত আধুনিক সাৰ উদ্যোগ আৰু চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এনে কিছুমান পদক্ষেপ যিয়ে ৰাজ্যখনৰ প্ৰগতিক আৰু অধিক আগুৱাই নিব।” তেওঁ লগতে কয়, “প্ৰগতিশীল নীতি, কৌশলগত স্থান আৰু বিনিয়োগৰ অনুকূল পৰিৱেশ তন্ত্ৰৰ দ্বাৰা অসমে ভাৰতৰ পৰৱৰ্তী ঔদ্যোগিক পৰিৱৰ্তনৰ ঢৌক আগুৱাই নিবলৈ আৰু বিশ্বৰ অৰ্থনৈতিক শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে।”
  5. ৰাজ্যপালগৰাকীয়ে ভাষণত অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ কথাও উল্লেখ কৰে । লগতে চৰাইদেউ মৈদামৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা আৰু ৰাজ্যখনৰ বাবে ইতিবাচক উন্নয়ন হিচাপে ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ দ্বাৰা অসমক শীৰ্ষ বিশ্বব্যাপী গন্তব্যস্থানৰ ভিতৰত স্থান দিয়া কথাও উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে ।
  6. একেদৰে মহিলা আৰু যুৱক-যুৱতী সবলীকৰণ, কৃষি আৰু সংশ্লিষ্ট খণ্ড, খাদ্য সুৰক্ষা আৰু জনসেৱা, গ্ৰাম্য উন্নয়ন, অনাময়, নগৰ উন্নয়ন, স্বাস্থ্য, শিক্ষা, ৰাস্তা-ঘাট , বিদ্যুৎ আৰু বন খণ্ড আদিৰ বাবে গ্ৰহণ কৰা অন্যান্য পদক্ষেপ আৰু আঁচনিৰ বিষয়েও ভাষণত আলোকপাত কৰে ৰাজ্যপালগৰাকীয়ে । লগতে বিটিআৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ কল্যাণৰ বাবে লোৱা পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰে ৰাজ্যপালগৰাকীয়ে ।
  7. ৰাজ্যপালগৰাকীয়ে কয় যে, আঞ্চলিক প্ৰগতি আৰু উন্নয়নত বিশেষ অগ্ৰাধিকাৰ দি আহিছে চৰকাৰে । ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰ মৰ্যাদা প্ৰদান কৰা হৈছে আৰু সেই দিশত বৰাক উপত্যকা উন্নয়ন বিভাগৰ ব্যৱস্থাও কৰা হৈছে বুলি কয় ৰাজ্যপালগৰাকীয়ে।
  8. আচাৰ্যই লগতে কয়, “আমাৰ স্বচ্ছ শাসন পদ্ধতিয়ে আমাক আমাৰ সময়ৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তাৰ প্ৰতি দায়বদ্ধ আৰু সঁহাৰি জনাইছে। মই পুনৰ ক’ব বিচাৰিছো যে, আমাৰ চৰকাৰ ৰাজ্যৰ সকলো অঞ্চলৰ উন্নয়ন আৰু সকলো শ্ৰেণীৰ সবলীকৰণৰ বাবে দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ।”