Assam budget 2025-26: প্ৰতি ইউনিট বিদ্যুতত ১ টকা ৰেহায়, সুলভ মূল্যত দাইল-চেনি আৰু কি কি আছে?
বিত্তমন্ত্ৰী অজন্তা নেওগে আজি উত্থাপন কৰা বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । তাৰ ভিতৰত কেইটামান ঘোষণা তলত আগবঢ়োৱা হ'ল-

অসম বাজেট
আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে অসম বাজেট ২০২৫-২৬ । এই বাজেটত বিত্তমন্ত্ৰী কেবাটাও ঘোষণা কৰা দেখা গৈছে । তাৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা চাওঁ আহক-
সুলভ মূল্যৰ বিদ্যুৎ
- ৪৮ লাখ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ উপভোক্তাৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ ৰেহায়
- এই ৰেহায়ৰ বাবে ৩০০ কোটি টকা ধাৰ্য
খাদ্য সুৰক্ষা- NFSA হিতাধিকাৰীলৈ অতিৰিক্ত সুবিধা
- ৰাজসাহায্যযুক্ত হাৰত এক কিলোগ্ৰামকৈ মাছুৰ দাইল, চেনি, আৰু নিমখ যোগান
- এই পদক্ষেপৰ বাবে ৩৭০ কোটি টকা আৱণ্টন
২০০ বছৰীয়া অসম চাহ– চাহ বাগিচা জনগোষ্ঠীলৈ সাহায্য
- ৬.৮ লাখ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ৫,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য
- ইয়াৰ বাবে ৩৪২ কোটি আৱণ্টন
এক লাখৰো অধিক চাকৰিৰ ব্যৱস্থা
- এক লাখ লক্ষ্য অতিক্ৰম কৰি ১,১৯,৮৯৯ টা নিযুক্তি দিয়া হৈছে
- অতিৰিক্ত ৪০,৬৯৭টা চাকৰিৰ বিজ্ঞাপন, মুঠ নিয়োগৰ সুযোগ ১,৬০,৫৯৬লৈ বৃদ্ধি
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান (MMUA)
- ৩০ লাখ গ্ৰাম্য আত্মসহায়ক গোটৰ সদস্য আৰু ২ লাখ নগৰীয়া আত্মসহায়ক গোটৰ সদস্যৰ বাবে ১০,০০০ মূলধন
- মহিলা উদ্যোগীৰ বাবে আৱণ্টন দিয়া হৈছে ৩,০৩৮ কোটি টকা
অসমৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালী কৰা
- ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগীৰোড, পলাশবাৰী, তেজপুৰ, আৰু নলবাৰীত নতুন উদ্যোগ উদ্যান
ঔদ্যোগিক উদ্যানৰ বাবে ৫০০ কোটি টকা আৱণ্টন, জাগীৰোড আৰু পলাশবাৰীত ৮,০০০ কোটি টাউনশ্বিপ প্ৰকল্প - ২০০০ কোটি অসম ঔদ্যোগিক গতিবেগ (AIM) পুঁজি
বনমিত্ৰ অভিযান– বন্যপ্ৰাণী সংৰক্ষণ
- পাঁচখন মানৱ-হাতী সংঘাতপ্ৰৱণ জিলাত গজমিত্ৰ আঁচনি
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জিপচীৰ ঠাইত বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিবলৈ ২০ কোটি টকা আৱণ্টন
অসম দৰ্শন আঁচনিৰ সম্প্ৰসাৰণ
- ২৫ হাজাৰ নামঘৰ আৰু ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক সাহায্য
- আন্তঃগাঁথনি উন্নয়নৰ বাবে আৱণ্টন দিয়া হৈছে ৪২০ কোটি টকা
অসমৰ নিজা উপগ্ৰহ – ASSAMSAT
- IN-SPACe (ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰ)ৰ সৈতে সহযোগিতা
- কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি, আৰু সুৰক্ষাৰ বাবে তথ্য-চালিত এপ
মিছন অলিম্পিক – অসমৰ ভৱিষ্যত অলিম্পিয়ানক সাহায্য প্ৰদান
- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৫০০ খেলুৱৈৰ বাবে আৱাসিক প্ৰশিক্ষণ আৰু প্ৰশিক্ষণ
- ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ