Assam Budget 2025-26: ৰাজ্যত স্থাপন হ’ব নতুন আৰক্ষী থানা আৰু কাৰাগাৰ, বাজেটত ঘোষণা
বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰা অনুসৰি অসমত স্থাপন কৰা হ'ব নতুন কাৰাগাৰ আৰু থানা । উন্নীতকৰণ হ'ব আৰক্ষী বিভাগৰ । ইয়াৰ বাবে বাজেটত ঘোষণা কৰা হৈছে পুঁজি । চাওক সবিশেষ-

আজি সদনত দাখিল কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত নতুন থানা আৰু কাৰাগাৰ স্থাপনৰ বাবে পুঁজি ঘোষণা কৰা হৈছে । বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট ভাষণত উল্লেখ কৰে যে অসম চৰকাৰে ইতিমধ্যে শতাধিক নতুন আৰক্ষী থানা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে । বৰ্তমান ১৬২ খন থানাৰ নিৰ্মাণকাৰ্য চলি আছে ।
অহা বিত্তীয় বৰ্ষত আৰক্ষী বিভাগৰ আধুনিকীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যচৰকাৰে । সেই অনুসৰি ধেমাজি, ধুবুৰী, শ্ৰীভূমি (কৰিমগঞ্জ) আৰু তিনিচুকীয়াত চাৰিটা আদৰ্শ আৰক্ষী আৱেশ উন্নীতকৰণত গুৰুত্ব প্ৰদান কৰিব চৰকাৰে ।
তাৰোপৰি লখিমপুৰ, তেজপুৰ, মঙলদৈ, গোৱালপাৰা, ধুবুৰী আৰু শিলচৰত নতুন কাৰাগাৰ নিৰ্মাণৰ বাবেও ভূমি আৱন্টন দিয়া বুলি জনায় বিত্তমন্ত্ৰীয়ে । এই কাৰাগাৰ নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পন্ন কৰা হৈছে বুলি তেওঁ কয় । গৃহ আৰু ৰাজনৈতিক বিভাগৰ বাবে ৮,২৯১ কোটি টকা আৱন্টন দিয়াৰ কথা বাজেট ভাষণত ঘোষণা কৰে মন্ত্ৰী অজন্তা নেওগে ।
বিভাগটোৰ সন্দৰ্ভত সদনত বিত্তমন্ত্ৰীয়ে কয় যে সাধাৰণ অঞ্চলত গাঁও পঞ্চায়তৰ সম্পাদকসকলক আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলসকলক বাল্য বিবাহ প্ৰতিৰোধী বিষয়া হিচাপে নিয়োগ কৰা হৈছে । মহিলা সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফলস্বৰূপে ভাৰতৰ অপৰাধ সম্বন্ধীয় প্ৰতিবেদন অনুসৰি অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে বুলি কয় মন্ত্ৰী নেওগে । তেওঁ কয় যে অসম ২০২১ ৰ সপ্তম স্থানৰ পৰা ২০২৩ চনত চতুৰ্দশ স্থানলৈ উন্নীত হৈছে ।
ইফালে ড্ৰাগছৰ বিৰুদ্ধে চলি থকা যুঁজৰ সন্দৰ্ভত মন্ত্ৰী নেওগে কয় যে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুঁজে উল্লেখযোগ্য সফলতা লাভ কৰিছে । কেৱল ২০২৪ চনত অসম আৰক্ষীয়ে ১৭৪ কিঃগ্ৰাঃ হেৰ’ইন আৰু প্ৰায় ২১,০০০ কিঃগ্ৰাঃ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে । যাৰ দ্বাৰা সংগঠিত অপৰাধী চক্ৰৰ নেটৱৰ্কত আৰক্ষীয়ে মাধমাৰ সোধাবলৈ সক্ষম হৈছে বুলি তেওঁ কয় ।
ইয়াৰ সমান্তৰালভাৱে মানৱ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে ৪৫০ টাতকৈও অধিক গোচৰ ৰুজু কৰি ৬৯০ জনতকৈও অধিক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় ৯০০ ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি সদনত তথ্য উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ।