হ্ৰাস পাব বিদ্যুতৰ মাচুল, ৩০০ কোটি টকাৰ ৰাজসাহায্য আগবঢ়োৱাৰ কথা ঘোষণা অজন্তা নেওগৰ
আজি ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে । বিত্তমন্ত্ৰী গৰাকীয়ে বিধানসভাত দিয়া বাজেট ভাষণত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ইয়াৰে ভিতৰত সুলভ বিদ্যুৎ উপলব্ধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

৬২০.২৭ কোটি টকাৰ ঘাটিৰ সৈতে আজি ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে । ৰাজ্য়ৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰে অজন্তা নেওগে । বিত্তমন্ত্ৰীগৰাকীয়ে বিধানসভাত দিয়া বাজেট ভাষণত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ইয়াৰে ভিতৰত সুলভ বিদ্যুৎ উপলব্ধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।
আজি বাজেট ভাষণত ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ১ টকাকৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা ঘোষণা কৰে । তেওঁ কয় যে, “সুলভ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰতিটো পৰিয়ালৰ বাবে মৌলিক প্রয়োজন। গ্রাহকসকলৰ বিত্তীয় বোজা সহজসাধ্য কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰিত সাহায্যৰ মাপকাঠি প্ৰৱৰ্তন কৰিবলৈ পাই মই সুখী হৈছো।”
তেওঁ কয় যে, এই ব্যৱস্থাই ২০২৫ চনৰ পহিলা মে’ৰ পৰা নিম্ন আৰু মধ্যবিত্ত গ্রাহকসকলক প্রত্যক্ষভাৱে লাভান্বিত কৰিব। “মই প্রতি মাহত ১২০ ইউনিট খৰচ কৰা জীৱনধাৰা (Jeevan Dhara) আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকল (Domestic Category Consumers)ক প্রতিটো ইউনিটত ১ টকাকৈ হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়ালো।” এইদৰে কয় বিত্তমন্ত্ৰী অজন্তা নেওগে ।
এই ব্যৱস্থাই মুঠ ৬৮ লাখ গ্ৰাহকৰ ভিতৰত ৪৮ লাখ গ্রাহকক সকাহ দিব বুলি আশা প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে । লগতে এই উদ্দেশ্যে এটা বছৰত ৩০০ কোটি টকাৰ লক্ষ্য নিৰ্দ্ধাৰিত ৰাজসাহায্য আগঢ়োৱাৰ কথাও ঘোষণা কৰে অজন্তা নেওগে।
তেওঁ কয় যে, যদি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (APDCL) ৰাজহ সংগ্ৰহত ইতিবাচক ধাৰা প্ৰদৰ্শন কৰি থাকিব পাৰে তেন্তে এই মাচুল পুনৰ হ্ৰাস কৰাৰ বাবে বিবেচনা কৰা হ’ব।