শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam budget 2025-26: দৰমহাধাৰী কৰ্মচাৰীৰ বাবে ১৫০০০ টকা পৰ্যন্ত পেছাদাৰী কৰ ৰেহায়; বাজেটত ঘাটি ৬২০.২৭ কোটি

বাজেটত ৰাজ্যখনৰ সকলো দৰমহা পোৱা ব্যক্তিৰ মাহিলী ১৫ হাজাৰ টকা পৰ্যন্ত আয়ৰ ওপৰত পেছাদাৰী কৰ ৰেহাই দিয়াৰ প্রস্তাৱ আগবঢ়ায় । অহা বছৰৰ আৰম্ভণিতে বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব অসমত, তাৰপূৰ্বে দাখিল কৰা এই বাজেট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷

Assam budget 2025-26: দৰমহাধাৰী কৰ্মচাৰীৰ বাবে ১৫০০০ টকা পৰ্যন্ত পেছাদাৰী কৰ ৰেহায়; বাজেটত ঘাটি ৬২০.২৭ কোটি
অজন্তা নেওগImage Credit source: facebook (Terash Gowalla)
raj-saikia
Raj Saikia | Published: 10 Mar 2025 16:36 PM

অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল কৰে । এইখন হৈছে ৬২০.২৭ কোটি টকাৰ ঘাটি বাজেট । বাজেটত ৰাজ্যখনৰ সকলো দৰমহা পোৱা ব্যক্তিৰ মাহিলী ১৫ হাজাৰ টকা পৰ্যন্ত আয়ৰ ওপৰত পেছাদাৰী কৰ ৰেহাই দিয়াৰ প্রস্তাৱ আগবঢ়ায় । অহা বছৰৰ আৰম্ভণিতে বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব অসমত, তাৰপূৰ্বে দাখিল কৰা এই বাজেট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷

বিত্তমন্ত্ৰী অজন্তা নেওগে বিত্তীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম কাৰ্যকালৰ শেষৰখন সম্পূৰ্ণ বাজেট দাখিল কৰি চাহ উদ্যোগে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ সেউজীয়া চাহপাতৰ বাবে কৰ বন্ধ আৰু দুবছৰলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে ।

নেওগে লগতে কয় যে কঠোৰ পৰিশ্ৰমী মধ্যবিত্ত পৰিয়ালসমূহক সহায় কৰিবলৈ বাজেটত অসম পেছা, ব্যৱসায়, কলিং আৰু নিয়োগ কৰ আইন, ১৯৪৭ৰ অধীনত প্ৰতিমাহে ১৫ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলৰ বাবে পেছাদাৰী কৰ ৰেহাইৰ প্ৰস্তাৱ দিয়া হৈছে ।

ইয়াৰ দ্বাৰা ১.৪৩ লাখতকৈ অধিক কৰদাতা/পৰিয়াল উপকৃত হ’ব আৰু তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাব বুলিও কয় নেওগে । তেওঁ কয়, “অসম কৰ (নিৰ্দিষ্ট ভূমিৰ ওপৰত) আইন, ১৯৯০ৰ অধীনত সেউজীয়া চাহপাতৰ ওপৰত কৰ ছুটীৰ সময়সীমাও ১ জানুৱাৰী, ২০২৫ৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰু দুবছৰৰ বাবে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছোঁ ।”

অহা বছৰৰ মাৰ্চ-এপ্ৰিল মাহৰ ভিতৰত অসমত বিধানসভা নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথম কাৰ্যকাল তথা অসমত বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন সম্পূৰ্ণ বাজেট ।

“২০২৫-২৬ চনৰ বাজেট হিচাপ অনুসৰি ৰাজ্যৰ একত্ৰিত পুঁজিৰ অধীনত ১,৫৫,৪২৮.৭৫ কোটি টকাৰ ৰচিদ পোৱা গৈছে । ৰাজহুৱা একাউণ্টৰ অধীনত ১,০৫,৪৮৫.১৭ কোটি টকা আৰু আকস্মিক পুঁজিৰ অধীনত ২০০০ কোটি টকাৰ ৰচিদ যোগ কৰাৰ পিছত মুঠ ৰচিদ ২,৬২,৯১৩.৯২ কোটি টকা হ’ব ।” বিত্তমন্ত্ৰীয়ে বিধানসভাত কয় ।

২০২৫-২৬ চনত একত্ৰিত পুঁজিৰ পৰা মুঠ ব্যয় ১,৫৫,৯৮৫.১৪ কোটি টকা হ’ব বুলি প্ৰকল্প কৰা হৈছে । ৰাজহুৱা একাউণ্টৰ অধীনত ১,০২,৯৭৪.১০ কোটি আৰু আকস্মিক পুঁজিৰ অধীনত ২০০০ কোটি টকা ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি বছৰটোৰ মুঠ ব্যয় ২,৬০,৯৫৯.২৪ কোটি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

নেওগে কয়, “এইদৰে বছৰটোৰ ভিতৰত প্ৰক্ষেপিত লেনদেনৰ ফলত আনুমানিক ১,৯৫৪.৬৮ কোটি টকা উদ্বৃত্ত হ’ব । ইয়াৰ লগতে মুকলি ঘাটি ২,৫৭৪.৯৫ কোটি টকাৰ সৈতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শেষত ৬২০.২৭ কোটি টকাৰ বাজেট ঘাটি হ’ব ।” বিত্তমন্ত্ৰীৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰিছে এই তথ্য ।