Assam book fair: আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব ‘অসম গ্ৰন্থমেলা’, উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব শিক্ষামন্ত্ৰীৰ লগতে বহু বিশিষ্ট ব্যক্তি
আজিৰে পৰা পৰা ৭ জানুৱাৰীলৈ ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব 'অসম গ্ৰন্থমেলা' । বিগত বছৰসমূহত চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই গ্ৰন্থমেলা আয়োজন কৰি অহা হৈছিল। কিন্তু চানমাৰিত উৰণ সেতু নিৰ্মাণৰ কাম চলি থকাৰ বাবে যান যঁটৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলা আয়োজনৰ কোনো বিকল্প স্থানৰ সন্ধান চলাই থকা হৈছিল।
 
                                আজিৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব ‘অসম গ্ৰন্থমেলা’ । প্ৰথমবাৰৰ বাবে খানাপাৰাত অনুষ্ঠিত হ’ব ‘অসম গ্ৰন্থমেলা’। আজি বিয়লি ৩ বজাত আয়োজন কৰা হ’ব অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠান ৷ গ্ৰন্থমেলাৰ উদ্বোধনী সভাত সভাপতি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগু ডাঙৰীয়া । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব পশ্চিমবংগৰ বিশিষ্ট লেখক, সাংবাদিক তথা ইতিহাসবিদ অধ্যাপক হিন্দোল সেনগুপ্ত। উপস্থিত থাকিব দ্য ফেডাৰেশ্যন অব্ পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’চিয়েশ্যন ইন ইণ্ডিয়াৰ সভাপতি শ্ৰীযুত সুৰিন্দৰ কুমাৰ ঘাই।

‘অসম গ্ৰন্থমেলা’
আজিৰে পৰা পৰা ৭ জানুৱাৰীলৈ ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা । বিগত বছৰসমূহত চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই গ্ৰন্থমেলা আয়োজন কৰি অহা হৈছিল। কিন্তু চানমাৰিত উৰণ সেতু নিৰ্মাণৰ কাম চলি থকাৰ বাবে যান যঁটৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলা আয়োজনৰ কোনো বিকল্প স্থানৰ সন্ধান চলাই থকা হৈছিল। সেয়েহে এইবাৰ চানমাৰিৰ পৰিৱৰ্তে খানাপাৰাত আয়োজন কৰা হ’ব। প্ৰতিবছৰে ডিচেম্বৰ আৰু জানুৱাৰী মাহত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰি আহিছে অসম গ্ৰন্থমেলা ।

‘অসম গ্ৰন্থমেলা’ৰ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী
বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে সবিশেষ তথ্য সদৰি কৰি কয় যে এইবেলি দুলীয়াজান, যোৰহাট আৰু নলবাৰীত সফল সামৰণিৰ পাছত গুৱাহাটীত আয়োজন কৰা হৈছে বহু প্ৰতীক্ষিত ‘অসম গ্ৰন্থমেলা’ ৷ এই গ্ৰন্থমেলাত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১১৮টা প্ৰকাশন গোষ্ঠী তথা বিপণীয়ে যোগদান কৰিব ৷ ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১৬টা, কলকাতাৰ ১৫টা আৰু পাঞ্জাৱৰ ২টা প্ৰকাশন গোষ্ঠী ৷
প্ৰকাশিত খবৰ অনুসৰি এইবাৰ গ্ৰন্থমেলাত বাংলা ভাষাৰ গ্ৰন্থৰ বিপনীৰ সংখ্যা কম হ’ব ধাৰণা কৰা হৈছে । কিয়নো বালাংদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতা আৰু বাংলাদেশীৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগে দুয়োখন দেশৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে । ইফালে বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ দাবী ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । ইয়াৰ ফলস্বৰূপে সুৰক্ষাজনিত কাৰণত অসম গ্ৰন্থমেলাত বাংলাদেশৰ গ্ৰন্থ বিপনীসমূহে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      