প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী অসম ভ্ৰমণকলৈ বাজপেয়ী ভৱনত বিজেপিৰ বিশেষ প্ৰস্তুতি সভা….
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণকলৈ এই বৈঠক অনুষ্ঠিত হয়। সভাপত উপস্থিত থাকিব দুয়োটা দিনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে অনুষ্ঠিত হয় বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত গুৰুত্বপূর্ণ বৈঠক ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণকলৈ এই বৈঠক অনুষ্ঠিত হয়। প্ৰস্তুতি সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘পঞ্চায়ত প্ৰতিনিধি সন্মিলন’ৰ সফল আয়োজন আৰু অহা ৮ ছেপ্টেম্বৰ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সম্পৰ্কে বিস্তাৰিতভাৱে পৰ্যালোচনা কৰে ।
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে অহা ২৯ আগষ্টত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ‘পঞ্চায়ত প্ৰতিনিধি সন্মিলন’ সন্দৰ্ভত ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আলোচনা কৰা হয়। বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰা এনডিএৰ পঞ্চায়ত প্ৰতিনিধিসকলে অংশ ল’বলগীয়া সন্মিলনখনৰ সফল ৰূপায়ণৰ বাবে এই প্ৰস্তুতি সভাত বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংসদ-বিধায়কসকল তথা উপ-সমিতিসমূহক সক্ৰিয়ভাৱে নিয়োজিত হ’বলৈ আহ্বান জনায়।

ৰাজ্যিক বিজেপিৰ বৈঠক
ইফালে,৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে নুমলীগড়ত ভাৰতবৰ্ষৰ প্ৰথমটো বায়’-ৰিফাইনেৰী উদ্বোধন কৰিব ৷ ৪ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে স্থাপন কৰা হৈছে এই প্ৰকল্প। একে সময়তে দুপৰীয়া মংগলদৈত ৰিং ৰোড উদ্বোধন কৰাৰ লগতে সন্ধিয়া ভূপেন হাজৰিকাৰ শত জন্মবার্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে ৷

ৰাজ্যিক বিজেপিৰ বৈঠক
এই সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ,ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ আহ্বায়ক তথা মন্ত্ৰী শ্ৰীযুত ৰণজিৎ কুমাৰ দাস, সহঃ আহ্বায়ক তথা মন্ত্ৰী শ্ৰীযুত পীয়ুষ হাজৰীকাৰ লগতে আন আন মন্ত্ৰী, সাংসদ-বিধায়ক, ৰাজ্যিক বিষয়ববীয়াসকল, জিলা সভাপতিসকল, সমষ্টি ভিত্তিত দায়িত্বপ্ৰাপ্ত কাৰ্যকৰ্তাসকল আৰু উপ-সমিতিৰ সদস্যসকল।