5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দেহৰক্ষী নালাগে, বন্দুকহে বিচাৰিছিলোঁ: কিয় অসম আৰক্ষীৰ PSOক ওভতাই পঠিয়ালে শৃংখল চলিহাই?

সামাজিক মাধ্যমত শৃংখল চলিহাৰ পোষ্ট, ‘‘মোক অসম আৰক্ষীৰ দেহৰক্ষীৰ প্ৰয়োজন নাই। দুয়োজনক মই স-সন্মানেৰে ঘৰলৈ যাবলৈ দিছোঁ। বীৰ লাচিত সেনাৰ সৈন্যৰ সাহস আৰু ত্যাগে মোৰ নিৰাপত্তা।ধন্যবাদ জয় আই অসম।’’

দেহৰক্ষী নালাগে, বন্দুকহে বিচাৰিছিলোঁ: কিয় অসম আৰক্ষীৰ PSOক ওভতাই পঠিয়ালে শৃংখল চলিহাই?
অসম আৰক্ষীৰ PSOক ওভতাই পঠিয়ালে শৃংখল চলিহাই
trishna-kalita
Trishna Kalita | Updated On: 27 Sep 2024 18:45 PM

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ জীৱনৰ নিৰাপত্তাৰ খাতিৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল দুগৰাকী দেহৰক্ষী। কিন্তু দেহৰক্ষী ল’বলৈ অমান্তি হ’ল শৃংখল চলিহা। সামাজিক মাধ্যমযোগে অসম আৰক্ষীৰ দেহৰক্ষীৰ প্ৰয়োজন নাই বুলি কয় শৃংখল চলিহাই। ইয়াৰ পাছতে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ জীৱনলৈ ভাবুকি অহাক লৈ উত্থাপন হৈছে প্ৰশ্ন। শৃংখল চলিহাৰ নিৰাপত্তাৰ বাবে চলিহাৰ বাসগৃহলৈ আৰক্ষী বিভাগে দুগৰাকী দেহৰক্ষী পঠিয়াই দিয়া কাৰ্যৰ পিছতে উঠিছে এই প্ৰশ্ন।

এই সন্দৰ্ভত সামাজিক মাধ্যমত শৃংখল চলিহাৰ পোষ্ট, ‘‘মোক অসম আৰক্ষীৰ দেহৰক্ষীৰ প্ৰয়োজন নাই। দুয়োজনক মই স-সন্মানেৰে ঘৰলৈ যাবলৈ দিছোঁ। বীৰ লাচিত সেনাৰ সৈন্যৰ সাহস আৰু ত্যাগে মোৰ নিৰাপত্তা।ধন্যবাদ জয় আই অসম।’’

ইয়াৰ উপৰিও বিষয়টোক লৈ সংবাদ মাধ্যমৰ আগত শৃংখল চলিহাই কয়,”দেশ, জাতিক লৈ ছহিদ হ’বলৈ মই সাজু আছোঁ। ইয়াৰ লৈ কোনো আপোচ কৰা নহ’ব। যদি কোনোবা বাংলাদেশীয়ে মোক হত্যা কৰিম বুলি ভাবিছে। তেন্তে এটা কথা স্পষ্ট শৃংখল চলিহা অকলে নমৰে। লগত ২-৪টাক লৈ যোৱা হ’ব। সেইকাৰণে মই গৃহবিভাগক এটা বন্দুক দিবলৈ কৈছিলোঁ। কিন্তু বন্দুকটো দিয়া নাই। যিটো ৰঙৰ গুলী মোৰ বুকুত সোমাব, সেইটো ৰং অসমত নাথাকিব। যুঁজি মৰিবলৈ আমি সাজু।”

তেওঁ কয়, “অনাগত দিনত হিন্দু-মুছলমানৰ উৰ্ধত গৈ খিলঞ্জীয়াক ৰক্ষাৰ যুঁজখন চলি থাকিব। বীৰ লাচিত সেনাৰ প্ৰত্যেকজন সৈনিক, অসমৰ খিলঞ্জীয়া জনগণ মোৰ সাহস। খিলঞ্জীয়া জনগণে মোক নিৰাপত্তা দিব বুলি মই সদায় ভাবো। তথাপিও চৰকাৰে যিহেতু কৈছে কিবা তথ্য থাকিব পাৰে তেওঁলোকৰ হাতত। সেই বিষয়ে মই জ্ঞাত নহয়। অনাগত দিনত ঐক্যবদ্ধ সংগ্ৰাম হ’ব।”

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিবগৰাকীয়ে পুনৰ কয়, “দুয়োজন গুৱাহাটীৰ পৰা আহিছে। আৰক্ষী-প্ৰশাসনে জনাইছে যে আমি ল’বই লাগিব। মোক কৈছে মৌলবাদী সংগঠনৰ পৰা আপোনাৰ জীৱনলৈ ভাবুকি আছে। কিন্তু এটা কথা স্পষ্টকৈ কৈ দিও, কোনো মৌলবাদী সংগঠনলৈ আমি ভয় নকৰো। যদি যুদ্ধ হয়,যুদ্ধ হ’ব। আক্ৰমণ হ’ল প্ৰত্যাক্ৰমণ হ’ব। কোনো মৌলবাদীৰ হাতত প্ৰাণ দিবলগীয়া হ’লে শৃংখল চলিহাই হাঁহি প্ৰাণ দিব। কিন্তু তাৰ পাছৰ পৰ্যায়টো ভয়ানক হ’ব। বীৰ লাচিত সেনাৰ কোনো সৈনিক, অসমৰ খিলঞ্জীয়া জনগণ বহি নাথাকে। কোনো মৌলবাদী শক্তিয়ে যদি যুদ্ধ কৰিব বিচাৰিছে, তেন্তে এইখন যুদ্ধ হ’ব। এয়া স্পষ্ট কথা। অসমৰ খিলঞ্জীয়া জনগণ, অসমীয়া মানুহৰ বাবে যদি জীৱন দিব লাগে তাতকৈ আৰু ভাগ্যৰ কথা কি আছে। প্ৰত্যেক মৌলবাদী সংগঠনক সকীয়াই দিছোঁ-আমি যুঁজৰ কুকুৰা, যুঁজত মৰিম। কিন্তু আমি অকলে নমৰো।”

উল্লেখ্য যে, শেহতীয়াকৈ উজনি অসমৰ পৰা মিঞা হাটাও অভিযানত নেতৃত্ব দিছিল শৃংখল চলিহাই৷ সন্দেহজনক বিদেশীৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰি আহিছে চলিহাই৷ যাৰ বাবে ক্ষুব্ধ হৈ পৰিছিল মিঞা সমাজৰ একাংশ লোক।

Latest News