শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চৰকাৰী কৰ্মচাৰীলৈ নৱবৰ্ষৰ উপহাৰ, অষ্টম দৰমহা আয়োগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কেন্দ্ৰীয় অষ্টম দৰমহা আয়োগৰ পৰামৰ্শাৱলীসমূহ কাৰ্যকৰী হোৱাৰ সময়তে ৰাজ্য চৰকাৰৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ৈ এই ঐতিহাসিক পদক্ষেপৰ কথা ঘোষণা কৰে।

চৰকাৰী কৰ্মচাৰীলৈ নৱবৰ্ষৰ উপহাৰ, অষ্টম দৰমহা আয়োগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Updated On: 02 Jan 2026 11:46 AM

ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে কালি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক অত্যন্ত সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় চৰকাৰৰ পদাংক অনুসৰণ কৰি দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে অসমে নিজাকৈ ‘অষ্টম ৰাজ্যিক দৰমহা আয়োগ’ গঠন কৰাৰ সিদ্ধান্ত লৈছে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ৈ এই ঐতিহাসিক পদক্ষেপৰ কথা ঘোষণা কৰে। এইদৰে কৰ্মচাৰীসকলৰ স্বাৰ্থত এনে দ্ৰুতগতিৰে দৰমহা আয়োগ গঠন কৰা দেশৰ প্ৰথমখন ৰাজ্য হ’ব অসম।

প্ৰাক্তন অতিৰিক্ত মুখ্য সচিবৰ কান্ধত দায়িত্ব

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক এই নবগঠিত আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠনৰ দিশত আগবাঢ়িছে যদিও এতিয়ালৈকে ভাৰতৰ কোনো এখন ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা নাই বুলি গৌৰৱেৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিয় এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ?

কেন্দ্ৰীয় অষ্টম দৰমহা আয়োগৰ পৰামৰ্শাৱলীসমূহ কাৰ্যকৰী হোৱাৰ সময়তে ৰাজ্য চৰকাৰৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যিক আয়োগখন সোনকালে গঠন কৰাৰ মূল উদ্দেশ্য হ’ল কেন্দ্ৰীয় চৰকাৰৰ দৰমহা পুনৰীক্ষণৰ সৈতে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য সা-সুবিধাসমূহৰ এক সঠিক সামঞ্জস্য ৰখা। ইয়াৰ ফলত কৰ্মচাৰীসকলে সঠিক সময়ত তেওঁলোকৰ প্ৰাপ্য লাভ কৰিব আৰু কোনো ধৰণৰ প্ৰশাসনিক বিলম্ব নহ’ব।

কৰ্মচাৰী কল্যাণত চৰকাৰৰ গুৰুত্ব

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২০১৫ চনত অসমে অন্তিমবাৰৰ বাবে দৰমহা আয়োগ গঠন কৰিছিল। বৰ্তমানৰ বৰ্ধিত বজাৰ দৰ আৰু পৰিৱৰ্তিত অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন আয়োগে কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি, ভাট্টা আৰু সেৱা চৰ্তাৱলীসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰিব। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজৰ মাজত এক আনন্দৰ লহৰ তুলিছে, যি প্ৰশাসনক অধিক গতিশীল আৰু উৎসাহী কৰি তুলিব বুলি আশা কৰা হৈছে।