শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিধানসভাত গৃহীত হ’ল বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, মুখ্যমন্ত্ৰীয়ে কৰিলে আন এক ডাঙৰ ঘোষণা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত এই বিধেয়ক উত্থাপন কৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সূচনা হয়। অৱশ্যে দীঘলীয়া বিতৰ্কৰ পিছত সদনত গৃহীত হয় বিধেয়কখন। এই বিধেয়ক উত্থাপনৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত বিধেয়কখনৰ সমৰ্থনত বক্তব্য আগবঢ়ায়।

বিধানসভাত গৃহীত হ’ল বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, মুখ্যমন্ত্ৰীয়ে কৰিলে আন এক ডাঙৰ ঘোষণা
সদনত মুখ্যমন্ত্ৰী
monjit-dutta
Monjit Dutta | Updated On: 27 Nov 2025 18:00 PM

ৰাজ্যৰ সামাজিক ব্যৱস্থাত আজিৰ দিনটোৱে বহন কৰিছে এক বিশেষ গুৰুত্ব। এক ঐতিহাসিক পদক্ষেপ হিচাপে আজি বিধানসভাত গৃহীত হয় অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত এই বিধেয়ক উত্থাপন কৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সূচনা হয়। অৱশ্যে দীঘলীয়া বিতৰ্কৰ পিছত সদনত গৃহীত হয় বিধেয়কখন। এই বিধেয়ক উত্থাপনৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত বিধেয়কখনৰ সমৰ্থনত বক্তব্য আগবঢ়ায়। বিধেয়কখনৰ বিৰোধিতা কৰা বিধায়কসকলক তীক্ষ্ণ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিধেয়কখন উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কন্যাই ২১ বছৰ বয়সত বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত আন কোনো ছোৱালীয়ে ১৫ বছৰ বয়সত মাতৃত্ব অৰ্জন কৰাটো নিবিচাৰে বুলি মন্তব্য কৰে। ৰাজ্যত এতিয়া বহু বিবাহ এতিয়া প্ৰায় বন্ধ হৈ পৰিছে বুলি উল্লেখ কৰি বিৰোধীকো তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয়।

ৰাজনীতিৰ বাবে ৰাজ্য চৰকাৰে এই বিধেয়ক আনিছে বুলি বিৰোধীয়ে অভিযোগ কৰাৰ কথা আঙুলিয়াই দি মুখ্যমন্ত্ৰীগৰাকীয়ে নিপীড়িত, নিষ্পেষিত ৰাইজৰ বাবে এই ৰাজনীতি কৰা বুলি মন্তব্য কৰে। বহু বিবাহ সন্দৰ্ভত ২০২৩ চনৰ ১২ মে তাৰিখে উচ্চ ন্যায়ালয়ৰ এখন কমিটী গঠন কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

এই কমিটীখনে ৰাইজৰ পৰা পৰামৰ্শ আহ্বান কৰাৰ পিছত বহু বিবাহৰ সমৰ্থনত কমিটীলৈ মাত্ৰ দুখনহে পত্ৰ অহা বুলি তেওঁ দোহাৰে। ইফালে সদনত আজি এই বিধেয়কৰ বিৰোধিতা কৰা মুছলমান বিধায়কসকল পুৰুষ আৰু মুছলমান সমাজক প্ৰতিনিধিত্ব কৰিব পৰা এজনো বিধায়ক নাই বুলিও তেওঁ তীক্ষ্ণ আক্ৰমণ কৰে।

বহু বিবাহৰ পৰা হিন্দু ধৰ্মাৱলম্বী লোকো মুক্ত নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে হিন্দুৰ বহু বিবাহো বন্ধ কৰাৰ দায়িত্বৰ কথা দোহাৰে। হিন্দু, খ্ৰীষ্টান, মুছলমান সকলোৰে মাজত বহু বিবাহ বন্ধ হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। আনহাতে ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহতো এনে আইন প্ৰণয়ন হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইফালে এই আইনখনে মুছলমানক প্ৰকৃত মুছলমান হ’বলৈ শিকাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিবাহ বজাৰৰ পৰা পাচলি ক্ৰয় কৰা কাম নহয় বুলি মন্তব্য কৰি তেওঁ লগতে পত্নীয়ে সন্তান জন্ম দিব নোৱাৰিলেই পুৰুষে দ্বিতীয় বিবাহ কৰাটো মহিলাগৰাকীৰ বাবে চূড়ান্ত অপমান বুলিও আঙুলিয়াই দিয়ে।

আগন্তুক ২০২৬ চনৰ বিধানসভাত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যত UCC বলবৎ হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিচাপে প্ৰথম অধিৱেশনতে UCC উত্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি দি তেওঁ লগতে পুনৰ মুখ্যমন্ত্ৰী হ’লে মহিলাৰ ন্যূনতম বিবাহৰ বয়স ২১লৈ বৃদ্ধি কৰিম বুলি ঘোষণা কৰে।