শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান, মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা…

বিহাৰ চৰকাৰৰ কলা, সাংস্কৃতিক আৰু যুৱ বিভাগে "বিহাৰ কলা পুৰস্কাৰ যোজনা"ৰ অধীনত তিনি বছৰৰ বাবে (২০২২-২৩, ২০২৩-২৪ আৰু ২০২৪-২৫) মুঠ ৫২ গৰাকী শিল্পীক নিৰ্বাচিত কৰিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈও এই সন্মান আগবঢ়োৱা হ'ব।

বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান, মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা…
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান
trishna-kalita
Trishna Kalita | Updated On: 13 Sep 2025 17:10 PM

বিহাৰ চৰকাৰৰ কলা, সাংস্কৃতিক আৰু যুৱ বিভাগে “বিহাৰ কলা পুৰস্কাৰ যোজনা”ৰ অধীনত তিনি বছৰৰ বাবে (২০২২-২৩, ২০২৩-২৪ আৰু ২০২৪-২৫) মুঠ ৫২ গৰাকী শিল্পীক নিৰ্বাচিত কৰিছে। শুকুৰবাৰে পাটনাৰ বিকাশ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে বিভাগীয় মন্ত্ৰী মোটিলাল প্ৰসাদে। এই উপলক্ষে বিভাগীয় সম্পাদক প্ৰণৱ কুমাৰৰ লগতে অন্যান্য বিষয়া আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল উপস্থিত থাকে।  মন্ত্ৰীগৰাকীয়ে কয়, “এই আঁচনিৰ উদ্দেশ্য ৰাজ্য, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃশ্য আৰু পৰিবেশন কলাৰ বিভিন্ন ধাৰাত অৱদান আগবঢ়োৱা প্ৰতিষ্ঠিত আৰু উদীয়মান শিল্পীসকলক সন্মান জনোৱা।”

বটাঁ বিজয়ীসকল

২০২২-২৩: ৰাষ্ট্ৰীয় বঁটা – চিত্ৰ প্ৰসাদ, পদ্মশ্ৰী দুলাৰী দেৱী; জীৱনযোৰা সাধনা বঁটা – অনিল বিহাৰী, সুমন কুমাৰ

২০২৩-২৪: ৰাষ্ট্ৰীয় বঁটা – কল্পনা পাটোৱাৰী, পদ্মশ্ৰী বাউয়া দেৱী; জীৱনযোৰা সাধনা বঁটা – পদ্মশ্ৰী নিৰ্মলা দেৱী, ভাৰত সিং ভাৰতী

২০২৪-২৫: ৰাষ্ট্ৰীয় বঁটা – ৰত্নেশ্বৰ প্ৰসাদ (পাৰ্ফৰ্মিং আৰ্টছ), অশোক কুমাৰ বিশ্বাস (ভিজুৱেল আৰ্টছ); জীৱনযোৰা সাধনা বঁটা – শিৱন পাছৱান (টেটু আৰ্ট), ভাৰত শৰ্মা ব্যাস (লোকগায়ন)

ইয়াৰ উপৰিও লোকশিল্প, নাট্য, সংগীত, বাদ্যযন্ত্ৰ, নৃত্য আদি ক্ষেত্ৰৰ আন ১৮ গৰাকী শিল্পীকো সম্বৰ্ধনা জনোৱা হ’ব।

পুৰস্কাৰৰ ধন আৰু সন্মান

মুঠ  ২৭,৭২,০০০ টকা বিতৰণ কৰা হ’ব।

ৰাষ্ট্ৰীয় বঁটা: ১,০০,০০০  টকা

জীৱনজোৰা কৃতিত্ব: ১,০০,০০০ টকা

প্ৰতিষ্ঠিত শিল্পী: ৫১,০০০ টকা

উদীয়মান শিল্পী:  ২৫,০০০ টকা

লগতে বঁটা বিজয়ী সকলোকে স্মৃতিগ্ৰন্থ, প্ৰমাণ পত্ৰ আৰু অংগবস্ত্ৰও প্ৰদান কৰা হ’ব।

অসমৰ কল্পনা পাটোৱাৰীলৈ ৰাষ্ট্ৰীয় বঁটা

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজ্যিক সন্মান ‘বিহাৰ কলা সন্মান : ২০২৩-২৪’  আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে বিহাৰ চৰকাৰে ৷

অসমৰ বৰপেটা জিলাত জন্মগ্ৰহণ কৰা কল্পনা পাটোৱাৰী এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী । তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও বলীউডৰ লগতে অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে। তেওঁ এনডিটিভি ইমাজিনৰ সংগীতৰ ৰিয়েলিটী শ্ব’ জুনুন: কুচ্চ কৰ দিখানে কা (২০০৮) টো অংশগ্ৰহণ কৰিছিল। তেওঁ কণ্ঠদান কৰা চলচ্চিত্ৰ সমূহৰ ভিতৰত বলীউডৰ ৱেলকাম, বিল্লু, আক্ৰোশ, আৰ. ৰাজুকুমাৰ আৰু অসমীয়া চলচ্চিত্ৰ কন্যাদান, অহেতুক আৰু ৰণাংগন উল্লেখযোগ্য।

মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

সংগীতশিল্পীগৰাকীয়ে লাভ কৰা এই সন্মানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “অসম কন্যা কল্পনা পাটোৱাৰীয়ে লোকসংগীতৰ ধাৰাটোৰে অধিক উজলি উঠি দেশৰ আন ৰাজ্যতো এগৰাকী আগশাৰীৰ কণ্ঠশিল্পী হিচাপে নিজৰ নাম তথা আমাৰ ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হৈছে৷ আমাৰ লগতে তেখেতৰ গায়কীয়ে মোহাৱিষ্ট কৰে বহু সংগীত প্ৰেমীক৷”

মুখ্যমন্ত্ৰীয়ে আকৌ লিখিছে, “তেখেতৰ কলাত্মক প্ৰতিভাৰ বাবে বিহাৰ চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজ্যিক সন্মান ‘বিহাৰ কলা সন্মান : ২০২৩-২৪’ তেখেতলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ কণ্ঠশিল্পীগৰাকীৰ পৰিৱেশ্য কলাৰ অনন্য সাধনাৰ বাবে এই সন্মান আগবঢ়াব চৰকাৰখনে৷ অসমৰ জীয়ৰীগৰাকীৰ এই সফলতাই আমাকো আনন্দিত কৰিছে৷ আন্তৰিক অভিনন্দন কল্পনা পাটোৱাৰী”৷

২৪ ছেপ্টেম্বৰত সম্বৰ্ধনা অনুষ্ঠান

মন্ত্ৰী মোটিলাল প্ৰসাদে কয় যে, দীৰ্ঘদিন ধৰি বাকী থকা বাছনি প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ হৈছে। ২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া সম্বৰ্ধনা অনুষ্ঠানত বিজয়ী সকলোকে সন্মান জনোৱা হ’ব। বিভাগীয় সম্পাদক প্ৰণৱ কুমাৰে কয় যে এই আঁচনিৰ বাবে ১৫০ খনতকৈও অধিক আবেদন লাভ কৰা হৈছে, যাৰ ভিতৰত উচ্চমানৰ শিল্পীক নিৰ্বাচিত কৰা হৈছে। মুখ্যমন্ত্রী গুৰু-শিশ্য পৰমপাৰা যোজনাৰ আৱেদনৰ দিন বৃদ্ধি কৰাৰ সম্ভাৱনাও তেওঁ প্রকাশ কৰে৷ মন্ত্ৰীগৰাকীয়ে কয়, “বিহাৰ চৰকাৰে শিল্পীসকলক স্বীকৃতি, সন্মান আৰু উৎসাহ প্ৰদানৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। এই বঁটাৰ জৰিয়তে ৰাজ্যৰ সাংস্কৃতিক মৰ্যাদাক নতুন উচ্চতালৈ লৈ যাব।”