Assam accord: আছু আৰু মুখ্যমন্ত্ৰীৰ মাজৰ বৈঠক সম্পন্ন, অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী সন্দৰ্ভত কি সিদ্ধান্ত ল’লে…
Assam accord clause 6: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কাইলৈ অসম চুক্তি ৰূপায়ন বিভাগে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন ৰাজহুৱা কৰিব। এই প্ৰতিবেদন ৩ টা ভাগত বিভক্ত কৰিব পাৰিছ।

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক সম্পন্ন। বুধবাৰে দিছপুৰত অনুষ্ঠিত হোৱা আছু আৰু মুখ্যমন্ত্ৰীৰ বৈঠকৰ মাজত ৬ নং দফা ৰূপায়নক লৈ গুৰুত্বপূৰ্ণ আলোচনা হয়। এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী অজন্তা নেওগকে ধৰি চৰকাৰী পক্ষৰ কেইবাগৰাকী বিষয়ববীয়া। ইয়াৰ লগতে আছুৰ হৈ উপস্থিত থাকে সমুজ্জ্বল ভট্টাচাৰ্য, উৎপল শৰ্মা, চৰ্জুন হান্সে আদি।
লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত সভা সম্পন্ন হয়। এই প্ৰতিবেদনৰ ৬৭ টা পৰামৰ্শৰ ৫২ টা পৰামৰ্শ ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৩ টা ভাগত বিভক্ত কৰা হৈছে প্ৰতিবেদনখন। ৰাজ্য চৰকাৰৰ অধীনত আছে ৪০ টাকৈ দফা। ইয়াৰ লগতে কেন্দ্ৰ চৰকাৰৰ হাতত আছে ১৫ টা দফা আৰু দুয়ো চৰকাৰৰ অধীনত আছে ১২ টা দফা। ইয়াৰ পাছতেই অক্টোবৰত পুনৰ আছুৰ সৈতে দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰিব মুখ্যমন্ত্ৰীয়ে।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কাইলৈ অসম চুক্তি ৰূপায়ন বিভাগে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন ৰাজহুৱা কৰিব। এই প্ৰতিবেদন ৩ টা ভাগত বিভক্ত কৰিব পাৰিছ। তেনেকৈ কৰিলে ৰাজ্য চৰকাৰে ৰূপায়ন কৰিব পৰা বিষয় বস্তু আছে ৪০ টা, ৰাজ্য আৰু কেন্দ্ৰ উভয়ৰে হাতত থকা বিষয় বস্তু ১২ টা আৰু সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে ১৫ টা বিষয়বস্তু। আজি আছুই আমাৰ শ্ৰেণী বিভাজনক স্বীকাৰ কৰিছে।
তেওঁ কয় যে, আজিৰ দিনটোত ৪ টা কাম সম্পন্ন হ’ল। প্ৰথমে প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ল আৰু দ্বিতীয়তে প্ৰতিবেদনখনৰ দফা কেইটা আৰু কোনে ইয়াক ৰূপায়ন কৰিব তাৰ ক্ষেত্ৰত স্পষ্টতা হ’ল। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা ১৫ টা বিষয়বস্তু ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰে অনুৰোধ জনাব বুলিও তেওঁ কয়। শৰ্মাই জনাই যে আজি বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ প্ৰতিলিপ আছুৰ নেতৃবৃন্দৰ হাতত অৰ্পন কৰা হৈছে।
শৰ্মাই কয় , আজি সিদ্ধান্ত লোৱা হ’ল যে অহা ১ মাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত থকা বিষয়সমূহ কাৰ্যকৰী কৰিবলৈ এক্সন প্লেন প্ৰস্তুত কৰি ইয়াৰ প্ৰতিবেদন ২৫ অক্টোবৰত আছুৰ হাতত দিয়া যাব। এই দিনটোতেই আছুৰ সৈতে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব। ৰাজ্য চৰকাৰে যি ধৰণে ৰূপায়ন কৰিব বিচাৰিছে যদি সেয়া আছুই মানি লয় তেন্তে অহা এপ্ৰিল মাহৰ ভিতৰত দফাসমূহ ৰূপায়নৰ প্ৰচেষ্টা কৰা হ’ব বুলি শৰ্মাই কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমি আজি আছুক এয়াও অৱগত কৰো যে বৰাক উপত্যকাত এয়া ৰূপায়ন কৰাৰ অৱকাশ নাই। ৬ জনগোষ্ঠীৰ এলেকাত কৰ্তৃপক্ষই স্বীকাৰ কৰিলেহে তাত ৰূপায়ন কৰিব পৰা যাব। আজিৰ বৈঠকৰ পাছতেই অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এক সেউজ সংকেত দিয়ে। অৱশ্যে এই বৈঠক সন্দৰ্ভত আছুৰ স্থিতি কি সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।