কৰমৰ্দন নকৰিলে ভাৰতীয় খেলুৱৈয়ে, ক্ষোভিত পাকিস্তানে ল’লে এনে পদক্ষেপ! শাস্তি হ’ব নেকি ভাৰতীয় দলৰ?
ভাৰতীয় খেলুৱৈসকলৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। বিশেষকৈ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে এই বিষয়ত তীব্ৰ ক্ষোভ প্ৰকাশ দেখা গৈছে। ইফালে এই সন্দৰ্ভত পাকিস্তান ক্ৰিকেট দলেও ভাৰতীয় দলৰ বিৰুদ্ধে এক আনুষ্ঠানিক পদক্ষেপ গ্ৰহণ কৰা বুলি খবৰ প্ৰকাশ পাইছে।

এছিয়া কাপ ২০২৫ত দেওবাৰে অনুষ্ঠিত হয় বহুচৰ্চিত ভাৰত বনাম পাকিস্তানৰ মেচ। দৰ্শনীয় প্ৰদৰ্শনেৰে ভাৰতীয় দলে পাকিস্তানক এই মেচত ৭ উইকেটত পৰাস্ত কৰে। মেচৰ প্ৰদৰ্শনেৰে ভাৰতে পাকিস্তানক কেৱল পৰাস্ত কৰাই নহয়, ৰাজহুৱাভাৱে অপমানো কৰিছে। খেল আৰম্ভ হোৱাৰ পূৰ্বে টছৰ সময়ত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তানী অধিনায়ক ছলমান আলী আঘাৰ সৈতে কৰমৰ্দন নকৰাকৈ আঁতৰি যায়। মেচৰ অন্ত পৰাৰ পিছতো ভাৰতীয় খেলুৱৈসকলে পাকিস্তানৰ খেলুৱৈৰ সৈতে কৰমৰ্দন কৰাৰ পৰা বিৰত থাকে।
ভাৰতীয় খেলুৱৈসকলৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। বিশেষকৈ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে এই বিষয়ত তীব্ৰ ক্ষোভ প্ৰকাশ দেখা গৈছে। ইফালে এই সন্দৰ্ভত পাকিস্তান ক্ৰিকেট দলেও ভাৰতীয় দলৰ বিৰুদ্ধে এক আনুষ্ঠানিক পদক্ষেপ গ্ৰহণ কৰা বুলি খবৰ প্ৰকাশ পাইছে।
প্ৰকাশিত খবৰ অনুসৰি, ভাৰতীয় খেলুৱৈয়ে কৰমৰ্দন নকৰাত অপমানিত বোধ কৰি পাকিস্তান ক্ৰিকেট দলৰ মেনেজাৰে পিচিবিৰ নিৰ্দেশত ভাৰতীয় দলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। পিটিআইৰ তথ্য অনুসৰি এই সন্দৰ্ভত এছিয়ান ক্ৰিকেট কাউন্সিলৰ সন্মুখত পাকিস্তানৰ টিম মেনেজাৰ নভিদ আখতাৰ চিমাই অভিযোগ প্ৰকাশ কৰিছে।
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰসকলেও ভাৰতীয় খেলুৱৈৰ এনে পদক্ষেপত ক্ষোভিত হৈ পৰিছে। প্ৰাক্তন ক্ৰিকেটাৰ বছিত আলীয়ে এনে ঘটনাত ক্ষোভ প্ৰকাশ কৰি ‘কেৱল এছিয়া কাপতে নহয় আইচিচি প্ৰতিযোগিতাতো এনে আচৰণ দেখা যায়’ বুলি মন্তব্য কৰে। আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ কামৰাণ আকমলে ক্ৰিকেটৰ বিকাশৰ বাবে এয়া সঠিক নহয় বুলি মন্তব্য কৰিছে।
ভাৰতীয় দলৰ এই কাৰ্যক লৈ ক্ষোভিত হোৱা আকমলে কয় যে এই কাম কৰি ভাৰতীয় দলে নিজৰ প্ৰকৃত ৰং দেখুৱাইছে। ৰছিদ লতিফেও এই গোটেই বিষয়টোত আইচিচিক জবাবদিহি কৰা দেখা গৈছে। লক্ষণীয়ভাৱে ভাৰতীয় দলৰ এনে পদক্ষেপৰ পিছত পাকিস্তানৰ অধিনায়ক ছলমান আঘা মেচৰ সমাপ্তিৰ পিছত হোৱা কাৰ্যসূচীত উপস্থিত থকাৰ পৰা বিৰত থাকে।
উল্লেখ্য যে ভাৰতৰ জয়ৰ পিছতে অধিনায়ক সূৰ্যকুমাৰ যাদৱে এই জয় ভাৰতীয় সেনাৰ নামত উৎসৰ্গা কৰাৰ লগতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগী পৰিয়ালৰ প্ৰতি সংহতি প্ৰকাশ কৰিছিল। প্ৰকাশিত খবৰ অনুসৰি ভাৰতীয় দলটোৱে পাকিস্তানী খেলুৱৈৰ লগত কৰমৰ্দন কৰিব নালাগে বুলি বৰ্ডৰ শীৰ্ষ বিষয়াৰ পৰা কঠোৰ নিৰ্দেশনা পাইছিল আৰু সেই অনুসাৰে এনে পদক্ষেপ লৈছিল।