শিৱসাগৰৰ ONGCৰ তেল খাদত বিধ্বংসী অগ্নিকাণ্ড! খনন চলাই থকা ৰিগত জুই…
এছ কে পেট্র’ৰ ১৩৫(২) নং ৰিগত হয় জুইৰ সূত্রপাত। বহুকেইখন অগ্নিনিৰ্বাপক বাহনৰ দ্বাৰা জুই নিৰ্বাপণৰ চেষ্টা চলোৱা হয় । সূত্ৰ অনুসৰি বৰ্তমান ব্যক্তিগত প্ৰতিষ্ঠান এছ.কে. পেট্ৰ’, ড্ৰিলিং অপাৰেচনৰ বাবে চুক্তিবদ্ধ হৈছে। তাৰ পিছত হঠাতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি দ্ৰুতগতিত বিয়পি পৰাত তৈলক্ষেত্ৰ অঞ্চলত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

১৪ ছেপ্টেম্বৰ, দেওবাৰে নিশা শিৱসাগৰৰ বকতা কৰঙা লাইপালেঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বিতৰ্কিত প্রতিষ্ঠান এছ কে পেট্র’ই খনন চলাই থকা ৰিগত সংঘটিত হয় এই অগ্নিকাণ্ড। ONGCৰ তেল খাদত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
এছ কে পেট্র’ৰ ১৩৫(২) নং ৰিগত হয় জুইৰ সূত্রপাত। বহুকেইখন অগ্নিনিৰ্বাপক বাহনৰ দ্বাৰা জুই নিৰ্বাপণৰ চেষ্টা চলোৱা হয় । সূত্ৰ অনুসৰি বৰ্তমান ব্যক্তিগত প্ৰতিষ্ঠান এছ.কে. পেট্ৰ’, ড্ৰিলিং অপাৰেচনৰ বাবে চুক্তিবদ্ধ হৈছে। তাৰ পিছত হঠাতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি দ্ৰুতগতিত বিয়পি পৰাত তৈলক্ষেত্ৰ অঞ্চলত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।
লগে লগে সেই স্থানত উপস্থিত হয় একাধিক অগ্নিনিৰ্বাপক বাহিনীৰ। অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে জুইৰ নুমুৱাবলৈ আৰু অধিক তীব্ৰতা বৃদ্ধি ৰোধ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টাত লিপ্ত হৈ পৰে। এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই যদিও বিষয়াসকলে কয় যে এতিয়াও ক্ষয়-ক্ষতিৰ বিশদ মূল্যায়ন কৰি থকা হৈছে । ইফালে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে।
উল্লেখ্য যে, যোৱা ১২ জুনত শিৱসাগৰৰ ভাটিয়াপাৰৰ বাৰীচুকস্থিত অ’ এন জি চিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰিগ নং এছ কে পি ১৩৫ৰ ৱেল নং আৰ ডি এছ ১৪৭ ত সংঘটিত হৈছিল এই ব্ল’আউট। ‘মহাৰত্ন’ কোম্পানীটোৰ হৈ কূপটো চলাইছিল এছ কে পেট্ৰ’ চাৰ্ভিচেছ নামৰ এই ব্যক্তিগত প্ৰতিষ্ঠানটোৱে। ১২ জুনৰ পুৱাৰ পৰাই ৰুটিন চাৰ্ভিচিং অপাৰেচনৰ সময়ত শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত RDS-147 ৰীগত গেছ লিক হৈছিল। যাৰ বাবে অঞ্চলটোৰ পৰা স্থানন্তৰ কৰা হৈছিল ৩০০ ৰো অধিক পৰিয়ালক।
পৰৱৰ্তী সময়ত গেছ নিৰ্গমন বন্ধ কৰিবলৈ আমেৰিকাৰ বিশেষজ্ঞ দল এটা আহে। তিনিজনীয়া এই বিশেষজ্ঞ দলটোৱে গেছ নিৰ্গমন বন্ধ কৰাৰ দায়িত্ব লৈ দিনে নিশাই চেষ্টা চলাই যায়। অ’ এন জি চিৰ দাবী অনুসৰি অ’ এন জি চিয়ে গ্ৰহণ কৰা কৌশল আৰু পদক্ষেপত একমত হৈ বিশেষজ্ঞ দলটোৱে কাম আৰম্ভ কৰিছিল। অহৰহ গেছ নিৰ্গমন হৈ থকাৰ বাবে শংকিত হৈ পৰিছিল স্থানীয় ৰাইজ। অহৰহ চৰকাৰক গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে অনুৰোধ জনাই গৈছিল।
লগতে পঢ়ক: অসমত ভূমিকম্প: নিজৰ জীৱনৰ কথা নাভাবি কৰ্তব্য পালনত ব্যস্ত দুগৰাকী নাৰ্ছ, VIDEO…