বিশ্বৰ বজাৰত স্থান পাব অসমৰ চাউল-বাঁহে, স্বাক্ষৰিত হ’ল বিশেষ বুজাবুজিৰ চুক্তি
অসমৰ অনন্য কৃষি আৰু সংশ্লিষ্ট সামগ্ৰীসমূহক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰবাহিত কৰাৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। ইয়াৰ ফলত স্থানীয় কৃষক, সমবায় সমিতি আৰু অন্যান্য সংশ্লিষ্ট পক্ষৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব বুলিও বিবৃতিত উল্লেখ কৰা হৈছে।

বিশ্বৰ বজাৰত স্থান দখলৰ দিশে অসমৰ বহু কৃষিজাত সামগ্ৰী। ৰাজ্যত উৎপাদিত চাউল, বাঁহ, আদা আৰু হালধিৰ দৰে কৃষিজাত সামগ্ৰীয়ে লাভ কৰিব বিশ্বব্যাপী প্ৰসাৰতা। অসম ৰাজ্যিক সমবায় ফেডাৰেচন (ASCOF) আৰু ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড (NCEL)- এ আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই বুজাবুজিৰ চুক্তি ৰাজ্যৰ সমবায় আন্দোলন শক্তিশালী কৰাৰ লগতে অসমৰ কৃষি উৎপাদিত সামগ্ৰীৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।
এই সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হৈছে। এই বিবৃতি অনুসৰি, অসমৰ অনন্য কৃষি আৰু সংশ্লিষ্ট সামগ্ৰীসমূহক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰবাহিত কৰাৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। ইয়াৰ ফলত স্থানীয় কৃষক, সমবায় সমিতি আৰু অন্যান্য সংশ্লিষ্ট পক্ষৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব বুলিও বিবৃতিত উল্লেখ কৰা হৈছে।
অসম ৰাজ্যিক সমবায় ফেডাৰেচন আৰু ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেডৰ এই সহযোগিতাই অসমৰ স্থানীয় প্ৰজাতিৰ ধান, বাঁহ, আদা আৰু হালধিৰ দৰে সামগ্ৰীক বিশ্ব বজাৰত অধিক গ্ৰহণযোগ্যতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই বুজাবুজিৰ চুক্তিত সুনিৰ্দিষ্ট বিপণন কৌশল, সুশৃংখল ৰপ্তানি প্ৰক্ৰিয়াৰ ৰূপৰেখা সন্দৰ্ভত উল্লেখ কৰা হৈছে।
ইয়াৰ জৰিয়তে অসমৰ কৃষি-ৰপ্তানি সম্ভাৱনা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। সমান্তৰালকৈ সমবায় সমিতিসমূহক ভাৰতৰ ৰপ্তানি অৰ্থনীতিৰ বিশ্বাসযোগ্য অৱদানকাৰী হিচাপে প্ৰতিষ্ঠা কৰিব বুলিও আশা কৰা হৈছে। গ্ৰামীণ সংস্থাসমূহক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান এই বুজাবুজিৰ চুক্তিৰ এক অন্যতম প্ৰদান উদ্দেশ্যে হিচাপে চিহ্নিত কৰা হৈছে।
কৃষকৰ আয় বৃদ্ধি, বহনক্ষম জীৱিকাৰ সৃষ্টি আৰু গ্ৰামীণ অৰ্থনীতি উন্নয়ন এই চুক্তিৰ অন্যতম উদ্দেশ্য হিচাপে চিহ্নিত হৈছে। এই বুজাবুজিৰ চুক্তিয়ে গ্ৰামীণ অৰ্থনীতি শক্তিশালী কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰতৰ ভূমিকা বৃদ্ধিৰ জৰিয়তে ‘বিকশিত ভাৰত ২০৪৭’ৰ বৃহৎ ৰাষ্ট্ৰীয় লক্ষ্যক সহযোগিতা আগবঢ়াব বুলিও ধাৰণা কৰা হৈছে।