TV9 ASSAM
পূৰ্বপুৰুষৰ অসন্তুষ্টিৰ বাবে হোৱা পিতৃ দোষৰ বাবে এজন ব্যক্তি জীৱনত নানা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। পিতৃ দোষৰ বহু কাৰণ থাকিব পাৰে।
যদি পূৰ্বপুৰুষৰ কোনো ইচ্ছা পূৰণ নোহোৱাকৈ থাকে আৰু সেয়া উত্তৰ প্ৰজন্মই পূৰণ কৰিব নোৱাৰে, এয়া পিতৃ দোষৰ এক প্ৰধান কাৰণ হ’ব পাৰে।
পিণ্ডদান বা শ্ৰাদ্ধ নকৰিলে পূৰ্বপুৰুষৰ আত্মাই শান্তি নাপায় আৰু তেওঁলোক অসন্তুষ্ট হৈ থাকে। এনে পৰিস্থিতিত পিতৃ দোষৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
মৃত্যুৰ পিছত সঠিকভাৱে অন্তিম সৎকাৰ সম্পন্ন নকৰা লোকসকলৰ আত্মাই শান্তি নাপায়, যাৰ বাবে সেই পৰিয়ালে পিতৃ দোষৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
যিকোনো পবিত্ৰ গছ কাটিলে পিতৃ দোষৰ সন্মুখীন হ’ব পাৰে। পবিত্ৰ গছ যেনে আঁহত, বৰগছ, জৰীগছ আদি কাটিলে পিতৃ দোষ হ’ব পাৰে।
কোনো কাৰণ নোহোৱাকৈ জীৱ-জন্তু হত্যা কৰা বা জীৱ-জন্তুৰ ওপৰত অত্যাচাৰ কৰা লোকৰ ওপৰত পিতৃ দোষৰ প্ৰভাৱ পৰিব পাৰে।
পুৰ্বপুৰুষে মানি অহা নিজ ধৰ্মীয় নিয়ম অমান্য কৰিলে পিতৃ দোষৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ ফলত জীৱনত নানা সমস্যাৰ সন্মুখীন হ’ব পাৰে।
এই লেখাটিত উল্লেখ কৰা বক্তব্যসমূহ লোকবিশ্বাস তথা ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। TV9 Assam -এ এইক্ষেত্ৰত নিজা কোনো মত প্ৰকাশ কৰা নাই।
পঢ়িবলৈ ক্লিক কৰক
চজিনা পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে