শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

APSC কেলেংকাৰীঃ ধনৰ বিনিময়ত চাকৰি লোৱা ২৬ জনক জামিন ন্যায়ালয়ৰ

ন্যায়ালয়ৰ এই সিদ্ধান্তই ৰাকেশ পাল বাহিনীক যথেষ্ঠ সহায় কৰাৰো সম্ভৱণা আছে। দোষমুক্ত আৰু ৰায় স্থগিতৰ মাজত পাৰ্থক্য থাকিলেও এই গোচৰে যে এতিয়া নতুন ৰূপ ল'ব সেয়া নিশ্চিত হৈ পৰিছে। একাংশৰ মতে ন্যায়ালয়ৰ এই সিদ্ধান্তই জনসাধাৰণৰ মনত ন্যায়ালৰ প্ৰতি থকা আস্থাত প্ৰভাৱ পেলাব।

APSC কেলেংকাৰীঃ ধনৰ বিনিময়ত চাকৰি লোৱা ২৬ জনক জামিন ন্যায়ালয়ৰ
এপিএছচি
Barasha Sarma
Barasha Sarma | Published: 02 Sep 2024 07:50 AM

APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা ২৬ অভিযুক্তলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহ। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া (ADO)ৰ চাকৰি ধনৰ বিনিময়ত লোৱা বুলি অভিযোগ উত্থাপন হোৱা ২৬ জনে লাভ কৰিলে জামিন। যাৰ ফলত পূৰ্বে ন্য়ায়ালয়ে প্ৰদান কৰা কঠোৰ শাস্তিৰ পৰা সাময়িক সকাহ লাভ কৰে এইসকল অভিযুক্তই। মন কৰিবলগীয়া যে “ধনৰ বিনিময়ত চাকৰি” কেলেংকাৰী এইসকল অভিযুক্তক কিছুদিন পূৰ্বেই দোষী সাব্যস্ত কৰিছিল আদালতে।

ইয়াৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ বিশেষ ন্যায়াধীশ আদালতৰ ৰায়দান স্থগিত ৰাখে। ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত ৰাজ্য জোকাৰি যোৱা এ পি এছ চি কেলেংকাৰী অন্য এক ৰূপ লোৱা বুলি ক’ব পাৰি। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ চনৰ ২৯ জুলাইত বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালকে ধৰি আন কেইবাজনক দোষী সাব্যস্ত কৰি জেললৈ প্ৰেৰণ কৰিছিল।

২০১৫-১৬ চনত প্ৰথমবাৰৰ বাবে এই কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল। ৰাকেশ পাল বাহিনীয়ে ধনৰ বিনিময়ত বিভিন্নজনক চাকৰি দিছিল। বিশেষকৈ ২০১৩ চনত বিজ্ঞাপন দিয়া কৃষি উন্নয়ন বিষয়াৰ পদৰ বাছনি প্ৰক্ৰিয়াৰ সৈতে জড়িত বহু কেলেংকাৰী সংঘটিত হৈছিল।

২০১৭ চনত এডিঅ’ পদৰ বাবে নিৰ্বাচিত নোহোৱা এজন প্ৰাৰ্থীয়ে গুৱাহাটী ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই এই কেলেংকাৰীৰ আইনী কাৰ্যবিধিয়ে গতি লাভ কৰে। এজাহাৰ দাখিল কৰাজনে অভিযোগ তুলিছিল যে,স্ক্ৰীনিং টেষ্টত উত্তীৰ্ণ হৈ তেওঁ ভাইভা (সাক্ষাতকাৰ)ৰ বাবে প্ৰস্তুতি চলাই আছিল। তেতিয়া ৰাকেশ পাল বাহিনীয়ে চাকৰি নিশ্চিত কৰিবলৈ তেওঁৰ পৰা ১৫ লাখ টকা বিচাৰিছিল। প্ৰাৰ্থীজনে কোনোমতে ৰাকেশ পালবাহিনীক ৫০,০০০ টকা দিবলৈ সক্ষম হয় যাৰ ফলত APSC ফলাফলৰ চূড়ান্ত তালিকাৰ পৰা তেওঁৰ নাম বাদ পৰে।

যেতিয়া এই কেলেংকাৰীৰ তদন্ত আৰক্ষীয়ে আৰম্ভ কৰে তেতিয়া এক বৃহৎ অনিয়ম উন্মোচিত হয়। পৰৱৰ্তী সময়ত এই কাণ্ডৰ অভিযুক্তৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি পায়। ইয়াৰে কেইজনমান APSC ৰ সদস্য, ৩৫ জন এডিঅ’ আৰু ৩ জন মধ্যভোগী আছিল।

ইয়াৰ পাছতে ২০২৪ চনৰ, ২৯ জুলাইত  ২৯ গৰাকীক ৪ বছৰৰ কাৰাদণ্ড বিহে আদালতে লগতে বিহে ১০ হাজাৰ টকাৰ জৰিমণা। ইফালে এই ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ডৰ লগতে ২ লাখ টকাৰ জৰিমণা বিহে আদালতে। পালৰ সহযোগী বসন্তে দলে আৰু ছামেদুৰ ৰহমানক ১০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমণা বিহে আদালতে। আনহাতে বাকীসকলক দোষমুক্ত ঘোষণা কৰে আদালতে।

কিন্তু আচৰিত ধৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষ ন্যায়াধীশৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে আৰু যোৱা ২ টা দিনত এই ঘটনাৰ লগত জড়িত ২৬ জনত সাময়িকভাৱে জামিন প্ৰদান কৰে। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ন্যায়ালয়ৰ এই সিদ্ধান্তই ৰাকেশ পাল বাহিনীক যথেষ্ঠ সহায় কৰাৰো সম্ভৱণা আছে। ‘দোষমুক্ত’ আৰু ‘ৰায় স্থগিত’ৰ মাজত পাৰ্থক্য থাকিলেও এই গোচৰে যে এতিয়া নতুন ৰূপ ল’ব সেয়া নিশ্চিত হৈ পৰিছে। একাংশৰ মতে ন্যায়ালয়ৰ এই সিদ্ধান্তই জনসাধাৰণৰ মনত ন্যায়ালৰ প্ৰতি থকা আস্থাত প্ৰভাৱ পেলাব।