শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

APSCৰ ২০২৩ৰ ফলাফল ঘোষণা, শীৰ্ষ ১০ত উজলিল ৭গৰাকীকৈ মহিলা

APSCৰ ২০২৩ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা। শীৰ্ষ ১০ স্থানত ৭গৰাকী মহিলা। ACS লাভ কৰে ৪৫ গৰাকীয়ে, APS লাভ কৰে ৩৫ গৰাকীয়ে। শীৰ্ষত উজলিল চিৰঞ্জীৱ ফুকন। ৮৭২ নম্বৰেৰে শীৰ্ষ স্থানত চিৰঞ্জীৱ ফুকন। 

APSCৰ ২০২৩ৰ ফলাফল ঘোষণা, শীৰ্ষ ১০ত উজলিল ৭গৰাকীকৈ মহিলা
APSCৰ ২০২৩ বৰ্ষৰ ফলাফল ঘোষণা
trishna-kalita
Trishna Kalita | Updated On: 05 Dec 2024 16:19 PM

ঘোষণা কৰা হৈছে APSCৰ ২০২৩ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল। শীৰ্ষ ১০ স্থানত ৭গৰাকী মহিলা। ACS লাভ কৰে ৪৫ গৰাকীয়ে, APS লাভ কৰে ৩৫ গৰাকীয়ে। শীৰ্ষত উজলিল চিৰঞ্জীৱ ফুকন। ৮৭২ নম্বৰেৰে শীৰ্ষ স্থানত চিৰঞ্জীৱ ফুকন।  মহিলা প্ৰাৰ্থীৰ শীৰ্ষত এনিশা বুঢ়াগোহাঁই। ৮২৩ নম্বৰ লাভ এনিশা বুঢ়াগোহাঁইৰ।

APSCৰ ২০২৩ বৰ্ষৰ CCE চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ACSৰ শীৰ্ষত উজলিল চিৰঞ্জীৱ ফুকন। মহিলা প্ৰাৰ্থীৰ শীৰ্ষত এনিশা বুঢ়াগোহাঁই। এই পৰীক্ষাত উত্তীৰ্ণ হৈছে মুঠ ২৩৫গৰাকী প্ৰাৰ্থী। APSৰ শীৰ্ষত পাৰ্থপ্ৰতিম শৰ্মা। ACS পদত উত্তীৰ্ণ হৈছে মুঠ ৪৫গৰাকী প্ৰাৰ্থী। APSত উত্তীৰ্ণ ৩৫গৰাকী প্ৰাৰ্থী। AFSত উত্তীৰ্ণ ১৩গৰাকী প্ৰাৰ্থী। একেদৰে, BDO পদত উত্তীৰ্ণ হৈছে ৬গৰাকী প্ৰাৰ্থী। ARCS পদত উত্তীৰ্ণ হৈছে ৪গৰাকী প্ৰাৰ্থী।

  1. ACSৰ শীৰ্ষস্থান প্ৰাপ্ত ১০গৰাকী প্ৰাৰ্থী ক্ৰমে চিৰঞ্জীৱ ফুকন, এনিশা বুঢ়াগোহাঁই, হিমাদ্ৰি জিতা বৰা, মৃগাক্ষী বৰুৱা আৰু টুটুমণি কাকতি, মৃদস্মিতা ৰায়, মেৰী কলিতা, দীক্ষা সৰকাৰ, নীলম গাৰ্গ, অংকিতা চেত্ৰী
  2. APSৰ শীৰ্ষ ১০গৰাকী প্ৰাৰ্থী ক্ৰমে পাৰ্থ প্ৰতিম শৰ্মা, অন্বেষা দুৱৰা, বিজয় আহমেদ, নিলুপ্ত চহৰীয়া, সুনয়না সভাপণ্ডিত, অমিত খানাল, সুদক্ষিণা ডেকা,  বিকাশ নন্দন বৰা, দেৱাশীষ কলিতা, বিদিশা বৰা
  3. কৰ অধীক্ষকৰ পদত উত্তীৰ্ণ হৈছে নয়নজ্যোতি মজুমদাৰ। আবকাৰী অধীক্ষকৰ পদত উত্তীৰ্ণ হৈছে ধ্ৰুৱজ্যোতি দাস।
  4. AFSৰ  শীৰ্ষস্থান প্ৰাপ্ত ১০গৰাকী প্ৰাৰ্থী ক্ৰমে,  পাৰ্থ প্ৰতিম বৰা, হৃষীকেশ বৰা, লক্ষীকুমাৰ কলিতা, ইন্দ্ৰাণী সেনাপতি, দিব্যজ্যোতি চেত্ৰী,  অংকিতা বৰুৱা, আকাশ দাস, চন্দ্ৰজ্যোতি বনিয়া, অনুভৱ কুমাৰ দাস, পোটমিটা লাংথাচা

চাওক পৰীক্ষাৰ সম্পূৰ্ণ ফলাফল – https://apsc.nic.in/misc_2024/Final_Result_CCE-2023_02_2024_05122024.pdf

APSCৰ  CCE ২০২৩ৰ বাবে ১৩ৰ পৰা ২৯নৱেম্বৰ, ২০২৪ লৈ সাক্ষাৎকাৰ (ব্যক্তিত্ব পৰীক্ষা) অনুষ্ঠিত হৈছিল।  চলিত বৰ্ষৰ ২৬, ২৭ আৰু ২৮ জুলাইত অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষা অনুষ্ঠিত হৈছিল।লিখিত পৰীক্ষাত প্ৰাৰ্থীৰ প্ৰদৰ্শন আৰু সাক্ষাৎকাৰ পৰীক্ষাৰ  আধাৰত আজি চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে।

আজি ঘোষণা কৰা APSCৰ ২০২৩ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলত ACSৰ বাবে ৪৫জন, APSৰ বাবে ৩৫ জন, কৰ অধীক্ষকৰ বাবে এজন, আবকাৰী অধীক্ষকৰ বাবে এজন, অসম বিত্ত সেৱা(AFS)ৰ বাবে ১৩ জন, খণ্ড উন্নয়ন বিষয়াৰ (BDO) বাবে  ৬জন, সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ(ARCS) বাবে ৪জন, কৰ পৰিদৰ্শকৰ(IT) বাবে ৪জন, শ্ৰম পৰিদৰ্শকৰ বাবে চাৰিজন, সহকাৰী নিযুক্তি বিষয়াৰ বাবে এজন, উপ-পঞ্জীয়কৰ বাবে তিনিজন,  সহকাৰী একাউণ্ট বিষয়াৰ বাবে ১০৭জন আৰু Inspecting Auditor (Elementary Education)ৰ বাবে ১১জন প্ৰাৰ্থীয়ে স্থান লাভ কৰিছে।