কেতিয়া প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ! চাকৰিত নিযুক্তি লাভ কৰা ৰাজ্যৰ যুৱক-যুৱতীক সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে
অসম চৰকাৰৰ বিভিন্ন চাকৰিত নতুনকৈ নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলে শেহতীয়া কিছুদিন ধৰি নিযুক্তি পত্ৰৰ বাবে অপেক্ষা কৰি আছে। এতিয়া এই অপেক্ষা ওৰ পৰাৰ দিশে। আজি নিজা ফেচবুক একাউণ্টত লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
ৰাজ্যৰ যুৱক-যুৱতীসকললৈ এক সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ বিভিন্ন চাকৰিত নতুনকৈ নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলে শেহতীয়া কিছুদিন ধৰি নিযুক্তি পত্ৰৰ বাবে অপেক্ষা কৰি আছে। এতিয়া এই অপেক্ষা ওৰ পৰাৰ দিশে। আজি নিজা ফেচবুক একাউণ্টত লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি চলিত নৱেম্বৰ আৰু আগন্তুক ডিচম্বৰ মাহৰ ভিতৰত ভিন্ন বিভাগসমূহৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত কৰা ঘোষণা মতে, অহা ৯ তাৰিখে ৰাজ্য চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী পদৰ বাবে যোগ্যতা লাভ কৰাসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ পিছতে নৱেম্বৰ মাহৰ ভিতৰতে অসম আৰক্ষীৰ কনিষ্টবসকলক নিযুক্ত দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে।
ADRE তৃতীয় তথা চতুৰ্থ বৰ্গৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অন্তত এমাহ সময়ৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে যোৱা প্ৰায় এমাহ কাম-কাজ প্ৰায় স্তব্ধ হৈ থকা বুলি দোহাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথমভাগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ চেষ্টা কৰা হ’ব বুলি সদৰী কৰিছে।
ইফালে এই সময়খিনিৰ ভিতৰতে স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকসকলৰ নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিছে। শিক্ষা বিভাগে ইতিমধ্যে এই দিশত কাম আগবঢ়োৱা বুলি উল্লেখ কৰি তেওঁ লগতে শীঘ্ৰেই এই পদসমূহৰ নিযুক্তি পত্ৰ প্ৰদানৰ তাৰিখ ঘোষণা কৰা হ’ব বুলিও লাইভত উল্লেখ কৰে।
ইয়াৰ সমান্তৰালকৈ স্বাস্থ্য বিভাগৰ নিযুক্তিও চলিত মাহতে প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। ইফালে ৰাজ্য চৰকাৰে চাহ বাগিছাৰ যুৱক-যুৱতীসকলৰ বাবে চাকৰিত ৩ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত এইবাৰ ফলৱৰ্তী হ’ব বুলি নিশ্চিত কৰিছে। সকলো নিযুক্তি ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পিছত চাহ বাগিছাৰ যুৱক-যুৱতীসকলক নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰত পৃথকে নিযুক্তি পত্ৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।
লক্ষণীয়ভাৱে অসম আৰক্ষী কনিষ্টবল নিযুক্তিৰ পিছদিনাই ৰাজ্য চৰকাৰে পুনৰ প্ৰায় ৪ হাজাৰ পদ মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে ADREৰ নতুন বিজ্ঞাপন প্ৰকাশ সন্দৰ্ভতো লাহে লাহে জনোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ যুৱক-যুৱতীসকলক কেতিয়াও আশাহত হ’বলৈ নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।