শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দল বিৰেধী কাৰ্যত লিপ্ত! ৩ বিধায়কসহ ৫গৰাকী কংগ্ৰেছ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী

বিগত সময় চোৱাত কংগ্ৰেছৰ একাংশ নেতা- কৰ্মীৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ উঠিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি একাংশ জ্যোষ্ঠ নেতাই কৈছিল যে যিসকলে লোকসভা নিৰ্বাচনৰ সময়ত দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।

দল বিৰেধী কাৰ্যত লিপ্ত! ৩ বিধায়কসহ ৫গৰাকী কংগ্ৰেছ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী
কংগ্ৰেছ
Barasha Sarma
Barasha Sarma | Published: 15 Sep 2024 07:48 AM

বিপদত ৫ গৰাকীকৈ কংগ্ৰেছ কৰ্মী। ৩ গৰাকী বিধায়কৰ লগতে ৫ গৰাকী কংগ্ৰেছ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই। দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত এই নেতা- নেত্ৰীসকললৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে উৰ্দ্ধতম কৰ্তৃপক্ষই। এই নেতা কেইগৰাকী হ’ল- বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক ভৰত নৰহ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি চামচু্দ্দিন লস্কৰ। জানিব পৰা মতে এই আটাইকেইগৰাকীলৈ APCC ৰ অনুশাসন কমিটীয়ে জাৰি কৰিছে নিৰ্দেশনা। অভিযোগ উত্থাপন হোৱা এই কেইগৰাকী কংগ্ৰেছ নেতাই অহা এসপ্তাহৰ ভিতৰত দিব লাগিব উত্তৰ।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত সময় চোৱাত কংগ্ৰেছৰ একাংশ নেতা- কৰ্মীৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ উঠিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি একাংশ জ্যোষ্ঠ নেতাই কৈছিল যে যিসকলে লোকসভা নিৰ্বাচনৰ সময়ত দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। তাৰ পাছতে  প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰদেশ কংগ্ৰেছৰ উপ- সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়াক অধ্যক্ষ, উপ- সভানেত্ৰী ববিতা শৰ্মাক সহঃ অধ্যক্ষ আৰু অধিবক্তা ছিৰাজুল হুছেইন শইকীয়াক সদস্য হিচাপে লৈ গঠন কৰিছিল কংগ্ৰেছৰ অনুশাসন কমিটী। পৰৱৰ্তী সময়ত এই কমিটীৰ  কেইবাখনো বৈঠক অনুষ্ঠিত হয় য’ত কংগ্ৰেছ কমিটীৰ অধীনত থকা বিভিন্ন জিলা কংগ্ৰেছ কমিটী, ব্লক কংগ্ৰেছ কমিটী, তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে অংশ গ্ৰহণ  কৰে।

এই বৈঠকত দলীয় নেতা- কৰ্মীৰ দল বিৰোধী কাৰ্যকালাপ সম্পৰ্কে বিতং শুনানি গ্ৰহণ কৰা হয়। শুনানিকালত অনুশাসন কমিটীয়ে গোৱালপাৰা, কামৰূপ, হাইলাকান্দি, লখিমপুৰ, মাজুলী, তিনিচুকীয়া, বৰপেটা, কোকৰাঝাৰ, ধেমাজি, দক্ষিণ শালমাৰা, মানকাচৰ, হোজাই, নগাঁও, দৰং, ওদালগুৰি, ধুবুৰী আৰু বাক্সা জিলাৰ লগতে ইয়াৰ অন্তৰ্গত বিভিন্ন ব্লক আৰু মণ্ডল কংগ্ৰেছ কমিটী আৰু বিভিন্ন পদবীধাৰী ব্যক্তিৰ পৰা ৫৬ তকৈ অধিক অভিযোগ লাভ কৰে।

এই সন্দৰ্ভত অনুশাসন কমিটীয়ে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু সভাপতি ভূপেন বৰাৰ লগতো আলোচনা কৰিছিল। আলোচনাত জীতেন্দ্ৰ সিং আৰু ভূপেন বৰাই দল বিৰোধী কাৰ্যত লিপ্ত হোৱা দলীয় নেতা- কৰ্মীৰ বিৰুদ্ধে দলৰ সংবিধান অনুসৰি এক সঠিক আৰু নিৰপেক্ষ প্ৰতিবেদন যুগুত কৰিবলৈ কৈছিল। তাৰ পাছতে অনুশাসন কমিটীয়ে অভিযোগ সম্পৰ্কে জিলাসমূহৰ বিভিন্ন স্থানত চৰজমিন তদন্ত কৰে।

এই প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য আছিল বিগত লোকসভা নিৰ্বাচনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে দল বিৰোধী কাৰ্যত লিপ্ত থকা দলীয় কৰ্মীসকলক চিনাক্ত কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰস্তুত কৰা। এই তদন্তৰ সময়ত পোহৰলৈ আহে যে একাংশ নেতা- কৰ্মীয়ে সামাজিক মাধ্যম, বাতৰি কাকত, বৈদ্যুতিন মাধ্যমত দলীয় নেতাৰ বিৰুদ্ধে প্ৰদান কৰা মন্তব্যৰ ফলত দলৰ ভাৱমূৰ্তি , নীতি- আদৰ্শৰ প্ৰতি সাধাৰণলোকৰ লগতে দলীয় কৰ্মীৰ মনত সংশয়ৰ সৃষ্টি কৰিছিল। তদন্তৰ অন্তত ৫ গৰাকী নেতাৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰাতো স্পষ্ট হৈ পৰে। যাৰ বাবে এই ৫ জনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ।