মই নিৰ্বাচনৰ প্ৰক্ৰিয়ালৈ যাব খোজা নাই : সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ
অসম সাহিত্য সভাৰ সভাপতিৰ প্ৰাৰ্থী পেনেলৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ।লিখিতভাৱে সাহিত্য সভাক এই কথা জনালে অনুৰাধা শৰ্মা পূজাৰীয়ে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ পত্ৰ অনুৰাধা শৰ্মা পূজাৰীৰ। ইয়াৰ উপৰিও ড০ ভীমকান্ত বৰুৱাৰ নাম প্ৰত্যাহাৰৰ অনুৰোধ।
![মই নিৰ্বাচনৰ প্ৰক্ৰিয়ালৈ যাব খোজা নাই : সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ মই নিৰ্বাচনৰ প্ৰক্ৰিয়ালৈ যাব খোজা নাই : সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ](https://images.assamtv9.com/uploads/2024/11/Kamakhya-Temple-50.jpg?w=1280)
Assam Sahitya Sabha: অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ। অসম সাহিত্য সভাৰ সভাপতি পদৰ নিৰ্বাচনত নানামে অনুৰাধা শৰ্মা পূজাৰী। সভাপতি নিৰ্বাচনৰ প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়ালৈ যাব খোজা নাই পূজাৰী। লিখিতভাৱে সাহিত্য সভাক এই কথা জনালে অনুৰাধা শৰ্মা পূজাৰীয়ে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ পত্ৰ অনুৰাধা শৰ্মা পূজাৰীৰ। ইয়াৰ উপৰিও ড০ ভীমকান্ত বৰুৱাৰ নাম প্ৰত্যাহাৰৰ অনুৰোধ।
এই সন্দৰ্ভত সাংবাদিক আগত অনুৰাধা শৰ্মা পূজাৰীয়ে কয়-“সাহিত্য সভাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়ালৈ মই যাব খোজা নাই। সেয়েহে মোৰ নাম সভাপতি নিৰ্বাচনৰ তালিকাৰ পৰা প্ৰত্যাহাৰ জনাবলৈ আহ্বান জনালো। নিৰ্বাচন নহয়, মনোনীত কৰি সভাপতি পদ দিয়াটো বিচাৰোঁ। প্ৰক্ৰিয়াটো সলনি কৰিব লাগে।”
লগতে তেওঁ কয়, মই এগৰাকী সাধাৰণ লেখক। লেখকৰ অকণমান স্বাভিমানো থাকে। মই হাৰিব নিবিচাৰো। শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকলকো হৰুৱাব নিবিচাৰোঁ। এয়া ৰাজনৈতিক নিৰ্বাচনৰ দৰেই হ’ব। নিৰ্বাচনৰৰ প্ৰক্ৰিয়াটো মই আগতেও পচন্দ কৰা নাছিলোঁ। জাতীয় অনুষ্ঠান হিচাপে অসম সাহিত্য সভাক মই সন্মান কৰো। ইয়াৰ বাবে যি ভাল কাম কৰিব লাগে মই কৰি যাম। তেওঁলোকে মোৰ নামটো বিবেচনা কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মোৰ জ্যেষ্ঠ সকলৰ ভিতৰতে মনোনয়ক কৰক।”
ইফালে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰৰ পৰা শাখাসমূহলৈ প্ৰেৰণ কৰা হ’ব বেলট কাকত। ২০ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰ পৰ্যন্ত চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৫ ডিচেম্বৰত বন্ধ হ’ব মেঘদূত ভৱনত স্থাপন কৰা বেলট বাকচ। ৩ গৰাকী সাহিত্যিক, সমালোচকে ইতিমধ্যে প্ৰদান কৰিছে লিখিত অনুমতি। অনুৰাধা শৰ্মা পূজাৰী আৰু ড০ ভীমকান্ত বৰুৱাৰ অনুমতি লাভ কৰিলেই ছপাশাললৈ প্ৰেৰণ কৰিব বেলট।
উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি অসম সাহিত্য সভাৰ সভাপতি পদক লৈ বিতৰ্কৰ সূচনা হৈছিল। সভাপতি নিৰ্বাচনৰ বাবে সংবিধান সংশোধন কৰি ৫ জন সাহিত্যিকৰ নাম নিৰ্বাচিত কৰি পেনেল আকাৰে শাখাসমূহলৈ প্ৰেৰণ কৰিছিল । এই তালিকাত নাম আছিল অৰূপা পটংগীয়া কলিতা, নাহেন্দ্ৰ পাডুন, লীলাবতী বৰা শইকীয়া, ড০ হিতেশ ডেকা আৰু গিৰীশ সন্দিকৈৰ। এই তালিকা প্ৰকাশ পোৱাৰ পাছতেই সকলোফালে সাহিত্য সভা সমালোচিত হৈছিল।
ইয়াৰ পাছতে প্ৰকাশ কৰা হৈছিল অসম সাহিত্য সভাৰ ২০২৫-২০২৭ৰ সভাপতি পদৰ নতুন তালিকা। তালিকাত নাম আছিল- বসন্ত কুমাৰ গোস্বামী, গোবিন্দ প্ৰসাদ শৰ্মা, উপেন ৰাভা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ভীমকান্ত বৰুৱাৰ। মঙলবাৰে গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ উচ্চ ক্ষমতা সম্পন্ন কমিটীৰ বৈঠকৰ পাছতেই চূড়ান্ত কৰা হৈছিল সভাপতি পদৰ প্ৰাৰ্থীৰ তালিকা।