শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বহিঃৰাজ্যত পুনৰ নিৰুদ্দেশ অসমৰ যুৱক, ৰে’লৰ পৰাই সন্ধানহীন কৰ্মসংস্থাপনৰ বাবে গুজৰাটলৈ যোৱা বাহাদুৰ

উপাৰ্জনৰ মানসেৰে তেওঁ যোৱা ১১ জানুৱাৰী তাৰিখে এজন সতীৰ্থৰ সৈতে ট্ৰেইনেৰে গুজৰাটলৈ বুলি যাত্ৰা কৰিছিল। কিন্তু ১৬ জানুৱাৰী তাৰিখে লগত যোৱা সতীৰ্থজনে গন্তব্য স্থান পোৱাৰ পূৰ্বেই ৰে’লৰ পৰা চুকৰা বাহাদুৰ ৰায় নিৰুদ্দেশ হৈছে বুলি পৰিয়ালৰ লোকক ফোন যোগে অৱগত কৰে।

বহিঃৰাজ্যত পুনৰ নিৰুদ্দেশ অসমৰ যুৱক, ৰে’লৰ পৰাই সন্ধানহীন কৰ্মসংস্থাপনৰ বাবে গুজৰাটলৈ যোৱা বাহাদুৰ
চিন্তিত যুৱকজনৰ পৰিয়াল
Monjit Dutta
Monjit Dutta | Updated On: 20 Jan 2026 10:14 AM

বহিঃৰাজ্যত অসমৰ যুৱক নিৰুদ্দেশ হোৱাৰ যেন এক বিভীষিকাময় ধাৰাবাহিকতা আৰম্ভ হৈছে! ইটোৰ পিছত সিটোকৈ পোহৰলৈ অহা এনে ৰহস্যজনক ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য আৰু উদ্বেগৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ কৰ্মসংস্থাপনৰ সন্ধানত গুজৰাটলৈ বুলি গৈ মাৰ্ঘেৰিটাৰ এজন বিবাহিত যুৱক নিৰুদ্দেশ হোৱা ঘটনাই এই চিন্তাক আৰু অধিক ঘনীভূত কৰি তুলিছে। এই ঘটনাই মাৰ্ঘেৰিটা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমান্তৰালকৈ পৰিয়ালটোলৈ কঢ়িয়াই আনিছে এক চিন্তনীয় পৰিৱেশ।

নিৰুদ্দিষ্ট যুৱকজন মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈ নিৱাসী চুকৰা বাহাদুৰ ৰায় (৩৫) বুলি চিনাক্ত কৰা হৈছে। চুকৰা বাহাদুৰ ৰায় এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ। উপাৰ্জনৰ মানসেৰে তেওঁ যোৱা ১১ জানুৱাৰী তাৰিখে এজন সতীৰ্থৰ সৈতে ট্ৰেইনেৰে গুজৰাটলৈ বুলি যাত্ৰা কৰিছিল।

কিন্তু ১৬ জানুৱাৰী তাৰিখে লগত যোৱা সতীৰ্থজনে গন্তব্য স্থান পোৱাৰ পূৰ্বেই ৰে’লৰ পৰা চুকৰা বাহাদুৰ ৰায় নিৰুদ্দেশ হৈছে বুলি পৰিয়ালৰ লোকক ফোন যোগে অৱগত কৰে। এই খবৰ পোৱাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

পৰিয়ালৰ আহ্বান

পৰিয়ালে ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সম্ভেদ পোৱা হোৱা নাই। নিৰুদ্দিষ্ট যুৱকজনৰ পৰিয়ালে কোনো লোকক তেওঁৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানাত অথবা ৯১০১১৩৭০১১ / ৬০০০৫৬২০০৬ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।

জনসাধাৰণৰ ক্ষোভ

অসমৰ যুৱকসকল বহিঃৰাজ্যত কাম কৰিবলৈ গৈ এনেদৰে বাৰে বাৰে সন্ধানহীন হোৱা ঘটনাই স্থানীয় সচেতন মহলক চিন্তিত কৰি তুলিছে। ৰাজ্যত পৰ্যাপ্ত কৰ্মসংস্থাপনৰ অভাৱৰ বাবেই যুৱকসকলে অচিন ঠাইলৈ গৈ এনে বিপদত পৰিবলগীয়া হৈছে বুলি অভিযোগ উঠিছে।

এই নিৰুদ্দেশৰ ৰহস্য ফাদিল কৰি যুৱকজনক উদ্ধাৰ কৰিবলৈ দাবী জনাইছে ৰাইজে। দৰিদ্ৰতাৰ বাবে বহিঃৰাজ্যলৈ দুবেলা দুমুঠিৰ সন্ধানত যোৱা এই যুৱকসকলৰ নিৰুদ্দেশৰ এই বিভীষিকাময় অধ্যায়ৰ কেতিয়া অন্ত পৰিব বুলি চৰকাৰ-প্ৰশাসনক প্ৰশ্ন কৰিছে জনসাধাৰণে।