শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কালিৰে পৰা খুব আৱেগিক হৈছোঁ, হতাশ হৈছোঁ :মুখ্যমন্ত্ৰী

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৱেগিক পোষ্ট। জুবিনৰ লগতে প্ৰয়াত পিতৃক স্মৰণ কৰি তেওঁ লিখিছে, "ৰুণজুণ নূপুৰে মাতে...কালিৰে পৰা খুব আবেগিক হৈছোঁ, হতাশ হৈছোঁ৷ বিভিন্ন সময়ত জুবিন বোলা এই অত্যন্ত প্ৰতিভাধৰ সত্তাটিৰ সৈতে মই কথা পাতিছোঁ, মিলিত হৈছোঁ৷"

কালিৰে পৰা খুব আৱেগিক হৈছোঁ, হতাশ হৈছোঁ :মুখ্যমন্ত্ৰী
জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীৰ আৱেগিক পোষ্ট
trishna-kalita
Trishna Kalita | Updated On: 20 Sep 2025 15:42 PM

আজি নিস্তব্ধ অসমীয়া, নিতাল অসম। যেন প্ৰতিটো ছেকেণ্ডে কৈ গৈছে জুবিন অবিহনে আধৰুৱা সকলো। নাই, আজি একোৱে নাই। অসমীয়াই যেন হেৰুৱালৈ আন একো বাকী নাই। অনুৰাগীৰ চকুলোৱে নীৰৱে কৈ গৈছে জুবিনৰ আখ্যান।  ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জুবিন গাৰ্গক। জানিব পৰা মতে, ইতিমধ্যে ছিংগাপুৰত জুবিনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৫.৩০ বজাত বিমানেৰে দিল্লীলৈ অনা হ’ব।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  দিল্লী পোৱাৰ এঘন্টাৰ ভিতৰত তেওঁৰ পাৰ্থিৱ শৰীৰ বিশেষ বিমানৰ জৰিয়তে অসমলৈ অনা হ’ব। দেওবাৰে পুৱা ৬-৭ বজাৰ ভিতৰত তেওঁক সৰুসজাইত ৰখা হ’ব। তাতেই ৰাইজে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব।

ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৱেগিক পোষ্ট। জুবিনৰ লগতে প্ৰয়াত পিতৃক স্মৰণ কৰি তেওঁ লিখিছে, “ৰুণজুণ নূপুৰে মাতে…কালিৰে পৰা খুব আবেগিক হৈছোঁ, হতাশ হৈছোঁ৷ বিভিন্ন সময়ত জুবিন বোলা এই অত্যন্ত প্ৰতিভাধৰ সত্তাটিৰ সৈতে মই কথা পাতিছোঁ, মিলিত হৈছোঁ৷ ব্যক্তিগতভাৱে আজি মনত পৰিছে মোৰ দেউতা প্ৰয়াত কৈলাশ নাথ শৰ্মাদেৱে লিখা বহু কবিতা-গীতৰ অনন্য ‘লিজেণ্ড’ শিল্পী জুবিন গাৰ্গে কৰা সুৰ তথা তেওঁ নিজে কণ্ঠ নিগৰোৱা সময়খিনিলৈ৷”

মুখ্যমন্ত্ৰীয়ে লিখিছে, “মই আচৰিত হৈছিলোঁ, দেউতাই লিখা কেইবাটাও গীত তেওঁ একেটা দিনতেই সুৰ কৰি তুলিছিল৷ আৰু তাতকৈও আচৰিত হৈছিলোঁ— সাধাৰণতে সুৰ কৰোঁতে গীতিকাৰৰ কিছু শব্দ সুৰকাৰে সলনি কৰে বা ইফাল-সিফাল কৰে৷ কিন্তু দেউতাৰ প্ৰতিটো শব্দত কোনো হাত নুফুৰোৱাকৈ জুবিন গাৰ্গে সুৰ কৰিছিল, গাইছিল৷ দেউতাৰ প্ৰতি জুবিন গাৰ্গৰ সন্মান দেখি অভিভূত হৈছিলোঁ৷ কথাবোৰে আজি অসমৰ প্ৰতিজন লোকৰ দৰে মোকো বহুত আমনি কৰিছে৷ দেউতাই লিখা জুবিনৰ সুৰ-কণ্ঠৰ এটি গীত আছিল—

ৰুণজুণ নূপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে…”