শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বুধৰ গতি সলনি! অক্টোবৰ মাহটো অত্যন্ত ভাল এই ৩ ৰাশিৰ লোকৰ বাবে…

গ্ৰহৰ স্থান পৰিবৰ্তনে মানুহৰ জীৱনত বহু প্ৰভাৱ পেলাই বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই পৰিবৰ্তন কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হয়। অক্টোবৰতো কিছুমান পৰিবৰ্তন হ'ব পাৰে।

বুধৰ গতি সলনি! অক্টোবৰ মাহটো অত্যন্ত ভাল এই ৩ ৰাশিৰ লোকৰ বাবে…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Updated On: 20 Sep 2025 15:48 PM

জ্যোতিষ শাস্ত্ৰত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ অধিক। কোৱা হয়, গ্ৰহৰ পৰিবৰ্তনে মানুহৰ জীৱনত প্ৰভাৱ পেলায়। ২০২৫ চনৰ অক্টোবৰ মাহত বুধ ৰাশিৰ স্থান পৰিবৰ্তনৰ ফলত কেইবাটাও ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। বুদ্ধি, বাক্য, ব্যৱসায়, যুক্তি আৰু যোগাযোগৰ কাৰক বুধ বুলি কোৱা হয়। যেতিয়া বুধ কোনো শুভ স্থানত থাকে তেতিয়া ব্যক্তিৰ কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, আৰ্থিক জীৱন আদিত গুৰুতৰ প্ৰভাৱ পৰে।

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এইবাৰ অক্টোবৰত বুধে দুবাৰকৈ নিজৰ গতিপথ সলনি কৰিব। গ্ৰহৰ ৰাজকুমাৰৰ এই গতিবিধিৰ পৰিবৰ্তনে সকলো ৰাশিৰ ওপৰত কম বেছি পৰিমাণে প্ৰভাৱ পেলাব। কিন্তু ৩ টা ৰাশিৰ বাবে এই পৰিবৰ্তন অত্যন্ত শুভ হ’ব।

তুলা ৰাশিঃ বুধৰ গতি সলনি কৰাৰ ফলত তুলা ৰাশিৰ লোকে বিশেষ লাভ পাব। এই সময়ত আপোনাৰ যিকোনো কামৰ উন্নতি হ’ব। সমাজত মান-সন্মান বৃদ্ধি পাব। বৈবাহিক জীৱন সুখকৰ হ’ব। সংগীয়ে সকলো কামত সহায় কৰিব। নিজে বিচৰা ক্ষেত্ৰখনত আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব।

বৃশ্চিক ৰাশিঃ বুধ গ্ৰহৰ এই পৰিবৰ্তনে বৃশ্চিক ৰাশিৰ লোকৰ বাবে শুভ ফল কঢ়িয়াই আনিব। এই ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা উন্নত হ’ব আৰু আয়ৰ নতুন বাট মুকলি হ’ব। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা। আপোনাৰ কোনো লক্ষ্য পূৰণ হ’ব। সফলতা লাভ কৰিব। বিনিয়োগৰ পৰা ভাল লাভ পাব।

সিংহ ৰাশিঃ বুধ গ্ৰহৰ এই পৰিবৰ্তনৰ ফলত এই ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব। আত্মবিশ্বাস বৃদ্ধি পাব। নতুন সম্পৰ্ক গঢ় লৈ উঠিব। পৰিয়ালৰ লোকৰ পৰা সমৰ্থন লাভ কৰিব। পাৰিবাৰিক সম্পৰ্ক ভাল হ’ব। শিক্ষাৰ্থীসকলৰ বাবে ভাল। সময়খিনি শুভ। বিদেশৰ লগত জড়িত থকাসকলে কোনো ভাল খবৰ পাব পাৰে।

 

 

(অস্বীকাৰঃ ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি ৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ সপোনক নিজকে অসুস্থ দেখে নেকি? ই ভাল নে বেয়া, জানক স্বপ্ন শাস্ত্ৰৰ পৰা…