শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৭ মাহৰ পাছত মুকলি আকাশৰ তললৈ বিধায়ক আমিনুল ইছলাম

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ বিতৰ্কিত মন্তব্য কৰি কাৰাবন্দী হৈ থকা আমিনুল ইছলাম অৱশেষত মুকলি আকাশৰ তললৈ আহিল। NSA গোচৰত কাৰাবন্দী হৈ আছিল বিধায়ক আমিনুল ইছলাম।

৭ মাহৰ পাছত মুকলি আকাশৰ তললৈ বিধায়ক আমিনুল ইছলাম
manas-borah
Manas Borah | Published: 28 Nov 2025 22:52 PM

প্ৰায় ৭ মাহৰ অন্তত মুকলি আকাশৰ তললৈ ধিঙৰ বিধায়ক আমিনুল ইছলাম। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল বিধায়কগৰাকী। তেতিয়াৰ পৰা NSA গোচৰত কাৰাবন্দী হৈ আছিল বিধায়ক আমিনুল ইছলাম। প্ৰায় ৭ মাহ কাৰাবন্দী হৈ আছিল বিধায়কগৰাকী।

পলমগাম সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পাছতে আমিনুল ইছলামে কৈছিল যে, ২০১৯ চনৰ পুলৱামা কাণ্ডত কেন্দ্ৰীয় চৰকাৰ জড়িত আছিল। এইবাৰো কোনো ডাঙৰ ষড়যন্ত্ৰ কৰিছে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছিল। লগতে কৈছিল, বিজেপি চৰকাৰে ভুৱা প্ৰচাৰ চলাইছে। ইয়াৰ লগতে কেইবাটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে।

ইয়াৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে অসম আৰক্ষীয়ে উল্লেখ কৰিছিল যে,ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বক্তব্য বিভ্ৰান্তিকৰ আৰু উচটনিমূলক। আৰক্ষীয়ে ৩৪৭/২৫ ১৫২/১৯৬/১৯৭(১)/১১৩(৩)/৩৫২/৩৫৩ বিএনএছ ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল বিধায়কগৰাকীক।

একে সময়তে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যে,পাকিস্তানৰ মুকলি কৈ সমৰ্থন কৰা প্ৰতিগৰাকী ব্যক্তিক অসম চৰকাৰে ৰেহাই নিদিয়ে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। অসম চৰকাৰে তেনে প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। সেই সময়ত অসমত বহু লোকে সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল। তাৰে ভিতৰত এজন বিধায়ক আমিনুল ইছলাম।

যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। যি ঘটনা দেশ জোকাৰি গৈছিল। নিহত হৈছে ২৬ জন সাধাৰণৰ লোকৰ। ইয়াৰ পাছতে ভাৰতৰ সামৰিক বাহিনীয়ে পাকিস্তানস্থিত আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেচন সেন্দূৰ চলাইছিল।