শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আৰু কিমান? এইবাৰ এম্বুলেন্সৰ ভিতৰতে কামনাৰ বলি হ’ল ৰুগীয়া কিশোৰী

অভিযোগ অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়তে কিশোৰীগৰাকীৰ মাতৃয়ে প্ৰত্যক্ষ কৰাত কৌশলগতভাৱে পলায়ন কৰে চালকগৰাকীয়ে। বৰ্বৰ কাণ্ড সংঘটিত কৰা এম্বুলেঞ্চৰ অভিযুক্ত চালকজনৰ নাম চামচুল হক বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে আৰক্ষী থানত এজাহাৰ দাখিল কৰে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে।

আৰু কিমান? এইবাৰ এম্বুলেন্সৰ ভিতৰতে কামনাৰ বলি হ’ল ৰুগীয়া কিশোৰী
এম্বুলেঞ্চৰ ভিতৰতে কামনাৰ বলি হ'ল ৰোগীয়া কিশোৰী
trishna-kalita
Trishna Kalita | Updated On: 25 Aug 2024 11:37 AM

ৰাজ্যত যেন নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে নাৰী নিৰ্যাতন। বিগত ২-৩ দিন ধৰি বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে জঘন্য কাণ্ড। ধাৰাবাহিকভাৱে  একাংশৰ কামনাৰ বলি হৈ আহিছে কিশোৰী, যুৱতী নাবালিকাকে ধৰি বোৱাৰীও। ক’ৰবাত যদি মন্দিৰৰ পূজাৰী, ক’ৰবাত আকৌ ৭০ বছৰীয়া বৃদ্ধই সংঘটিত কৰিছে অমানৱীয় কাণ্ড।  ধিঙৰ কাণ্ডক লৈ ৰাজ্যজুৰি চলি থকা প্ৰতিবাদকো আওকাণ কৰি একাংশ নৰপিশাচে পূৰণ কৰি গৈছে নিজৰ কামনা। ধিঙৰ কাণ্ডৰ ধৰ্ষণকাৰী তাফাজ্জুল ইছলামৰ সলিল সমাধিৰ পাছতো শিক্ষা লোৱা নাই এইসকল লোকে। ধিঙৰ জঘন্য কাণ্ডই ৰাজ্য জোকাৰি থকাৰ সময়তে ছিপাঝাৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা।

ছিপাঝাৰত ৰুগীয়া কিশোৰীৰ সৈতে এম্বুলেন্স চালকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। দৰং জিলাৰ ছিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এম্বুলেন্সৰ ভিতৰতে এগৰাকী ৰুগীয়া কিশোৰীক যৌন আতিশয্যৰ অভিযোগ উত্থাপিত হৈছে ‘মৃত্যুঞ্জয় ১০৮’ চালকৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়তে কিশোৰীগৰাকীৰ মাতৃয়ে প্ৰত্যক্ষ কৰাত কৌশলগতভাৱে পলায়ন কৰে চালকগৰাকীয়ে। বৰ্বৰ কাণ্ড সংঘটিত কৰা এম্বুলেন্সৰ অভিযুক্ত চালকজনৰ নাম চামচুল হক বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে আৰক্ষী থানত এজাহাৰ দাখিল কৰে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে। কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত চামচুল হকক। সম্প্ৰতি ছিপাঝাৰ আৰক্ষীৰ জিম্মাত আছে ধৃত চামচুল হক। জঘন্য কাণ্ডক লৈ উত্তাল হৈ পৰিছে মঙলদৈৰ ছিপাঝাৰ।দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান।

ইফালে এইবাৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ভোগপুৰত সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা। গোৰেশ্বৰৰ ভোগপুৰৰ ৩৫ বছৰীয়া মোস্তাক হুছেইনে নামৰ এজন বিবাহিত লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই জঘন্য কাণ্ড কৰাৰ অভিযোগ। ঘৰত কোনো নথকাৰ সুযোগ লৈ ১৪ বছৰীয়া নাবালিকাগৰাকীক মোস্তাক হুছেইনে ধৰ্ষণ কৰাৰ অভিযোগ কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গৰ। ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ। এই মুহূৰ্তলৈ গোৰেশ্বৰৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত মোস্তাক হুছেইনক।

বাক্সাৰ মুছলপুৰত মোমায়েকৰ কামনাৰ বলি ১৩ বছৰীয়া ভাগিন। কণমানিৰ সৈতে অপকর্ম ৰঞ্জিৎ বড়োৰ। দুমাহৰ অন্তসত্ত্বা হৈ অসুস্থ কণমানি ভয়-ভাবুকিৰে দীৰ্ঘদিন ধৰি চলাইছিল আতিশয্য । ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক লম্পট ৰঞ্জিৎ বড়ো। একমাত্র কন্যাৰ ন্যায় বিচাৰি থানাই থানাই ঘূৰিছে দুর্ভগীয়া পিতৃ-মাতৃ।