ভাতৃত্ববোধ বিনষ্ট নকৰিব! মুখ্যমন্ত্ৰী-ৰাজ্যিক বিজেপিৰ সভাপতিক বিশেষ আহ্বান আবছুৰ
ৰাজ্যিক বিজেপিৰ সভাপতিক উভতি ধৰিলে নিখিল বড়ো ছাত্ৰ সন্থাই। সমান্তাৰলভাৱে বিটিআৰৰ প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই।

BPF আৰু UPPL একেলগ হোৱাটো বিচাৰে নিখিল বড়ো ছাত্ৰ সন্থাই। মঙলবাৰে ওদালগুৰিত এক সংবাদমেল সম্বোধন কৰি পুনৰবাৰ এই আশা প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে । একে সময়তে ৰাজ্যিক বিজেপিৰ সভাপতিকো উভতি ধৰিলে সংগঠনটোৱে। সমান্তাৰলভাৱে বিটিআৰৰ প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই।
নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি দ্বীপেন বড়োৱে কয় যে, “নিৰ্বাচন আহিব, যাব। প্ৰচাৰত দলসমূহে বিভিন্ন প্ৰতিশ্ৰুতি ৰাইজৰ মাজলৈ লৈ যাব। আমাৰ ক’বলগীয়া নাই । কিন্তু প্ৰচাৰৰ নামত জাতি জনগোষ্ঠীক আঘাত দিব নালাগে বা সমন্বয়, ভাতৃত্ববোধ বিনষ্ট কৰিব নালাগে।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিয়া শেহতীয়া মন্তব্যৰ আঁত ধৰি তেওঁ কয় যে, তেওঁ মন্তব্যই বিটিআৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁ কয় যে, ষষ্ঠ অনুসূচী আৰু ট্ৰাইবেল বেল্টৰ কোনো কথাত নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও আপোচ নকৰে। সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে, নিৰ্বাচনী প্ৰচাৰৰ নামত জাতি জনগোষ্ঠীক আঘাত দিয়াটো গ্ৰহণযোগ্য নহয়।
“চৰকাৰে নিজৰ নীতিৰ মাজেৰে মাটিৰ পট্টা প্ৰদান কৰক। মাটিৰ অধিকাৰ পোৱাটো বিচাৰো।” এই মন্তব্য দ্বীপেন বড়োৰ। তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত এই ধৰণৰ বক্তব্য প্ৰকাশ নকৰিবলৈ দিলীপ শইকীয়াক আহ্বান জনায়।
একে সময়তে বিটিআৰ প্ৰথম শ্ৰেণীৰ, দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ প্ৰসংগটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিখিল বড়ো ছাত্ৰ সন্থাই। “আমি বিটিআৰৰ কোনো মানুহকে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি নাভাৱো।”এইদৰে কয় নিখিল বড়ো ছাত্ৰ-সন্থাৰ সভাপতিগৰাকীয়ে।
প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কৰাৰ মন্তব্যই সমাজক বিভাজিত কৰিব নেকি, তাকলৈ শংকা প্ৰকাশ কৰে সংগঠনটোৱে। লগতে ৰাইজৰ মাজত বিভাজন হ’ব পৰা বক্তব্য নিদিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই দ্বীপেন বড়োৱে। “এতিয়া বিটিচি অস্ত্ৰ মুক্ত ,হিংসা মুক্ত । শান্তিৰ পৰিবেশ ঘূৰি আহিছে ।” এইদৰে কয় বড়ো ছাত্ৰ নেতাগৰাকীয়ে।
ইফালে, BPF আৰু UPPL ৰ মিত্ৰতা বাবে নিখিল বড়ো ছাত্ৰ সন্থাই আপেক্ষা কৰি আছে বুলিও কয় দ্বীপেন বড়োৱে। তেওঁ দুয়োটা দলৰ মাজত মিত্ৰতাৰ বাবে আশা প্ৰকাশ কৰে।