বিশেষ সম্প্ৰদায়লোকৰ জ্যেষ্ঠ ভাতৃ দুৰ্যোধনৰূপী অখিল গগৈঃ পিযুষ হাজৰিকা
অসমত যিসকলে নাৰীক ধৰ্ষণ কৰে, অসন্মান কৰে তাৰে বেছিভাগেই এটা বিশেষ সম্প্ৰদায়ৰ লোক। এই বিশেষ সম্প্ৰদায়ৰলোকখিনিৰ পৃষ্ঠপোষক অখিল গগৈ। এই বিশেষ সম্প্ৰদায়ৰ দুঃশাসন সকলৰ জ্যেষ্ঠ ভাতৃ দুৰ্যোধনৰূপী অখিল গগৈ।
অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যত হৈ থকা নাৰীজনিত অপৰাধৰ বিৰোধিতা কৰি বিধানসভাৰ সন্মুখত হাতত পোষ্টাৰ লৈ গগৈয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে। গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক আধুনিক যুগৰ ধৃতৰাষ্ট্ৰৰ লগত তুলনা কৰি পোষ্টাৰত লিখিছে যে- ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ। নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব শৰ্মাই। নাৰীয়ে নিৰাপত্তা পাব কেতিয়া?
সংবাদ মাধ্যম সম্বোধন কৰি গগৈয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ ৩ বছৰীয়া শাসনকালত প্ৰতিদিনেই ৩.৫৪ গৰাকীকৈ নাৰী ধৰ্ষিতা হৈছে। বছৰ হিচাপে চালেও এই সংখ্যা বৃদ্ধি পাইছে। লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে ধৰ্ষণৰ তথ্য ভুলকৈ উপস্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰে গগৈয়ে। তেওঁ কয়, বিজেপি চৰকাৰৰ ৮ বছৰৰ শাসনত ৰাজ্যত মুঠ ধৰ্ষণ হৈছে ১৭,৭০৪টা। বিজেপিৰ শাসনত বছৰি গড়ে ২২১৩ টাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। এয়া পঞ্জীয়নভুক্ত গোচৰহে, ইয়াৰ বাহিৰে বহু অপঞ্জীয়নভুক্ত গোচৰ থাকিব পাৰে।
গগৈয়ে কয় , যি সময়ত অসমৰ ৰাইজে ধৰ্ষণৰ বিৰুদ্ধে কঠোৰ আইন বিচাৰিছে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই এনকাউন্টাৰৰ কথা কৈছে। ধৰ্ষণৰ ক্ষেত্ৰত হিন্দু- মুছলমান বিষয় আনি হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতি অস্থিৰ কৰি তুলিব বিচৰা বুলি গগৈয়ে অভিযোগ তোলে।
অখিল গগৈৰ এই মন্তব্যৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া আগবঢ়াই মন্ত্ৰী পিযুষ হাজৰিকাই। তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে নাৰীৰ সুৰক্ষাৰ বাবে আৰু অপৰাধীক মশিমূৰ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অসমত যিসকলে নাৰীক ধৰ্ষণ কৰে, অসন্মান কৰে তাৰে বেছিভাগেই এটা বিশেষ সম্প্ৰদায়ৰ লোক। এই বিশেষ সম্প্ৰদায়ৰলোকখিনিৰ পৃষ্ঠপোষক অখিল গগৈ। এই বিশেষ সম্প্ৰদায়ৰ দুঃশাসন সকলৰ জ্যেষ্ঠ ভাতৃ দুৰ্যোধনৰূপী অখিল গগৈ। অসমৰ পৰা দুৰ্যোধন আৰু দুঃশাসন সকলো মশিমূৰ কৰি পেলোৱা হ’ব।
হাজৰিকাই কয় যে, কোনোবা বিশেষ সম্প্ৰদায়ৰ লোকে ধৰ্ষণ কৰিছে, চুৰি কৰিছে সেইবোৰৰ হকে মাত মাতিছে দুৰ্যোধনৰূপী অখিল গগৈয়ে। গতিকে ভাতৃসকলক কওক নাৰীক অসন্মান, ধৰ্ষণ কৰিবলৈ নাপায়।
ইয়াৰোপৰি উজনি অসমলৈ নগাঁও মীন পালক সন্থাই মাছৰ ৰপ্তানি বন্ধ কৰাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয়, অখিল গগৈৰ ভাতৃসকলে মাছ ৰপ্তানি বন্ধ কৰিছে। কংগ্ৰেছ, অখিল গগৈয়ে যাৰ পৃষ্ঠপোষকতা কৰে সেই সকল ভাতৃ, পুত্ৰই উজনিলৈ মাছ নপঠিয়াও বুলি কৈছে। এই বিষয়ত অখিল গগৈক কিবা ক’বলৈ আহ্বান জনাই হাজৰিকাই এই সন্দৰ্ভত বিজেপিয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উজনি অসমৰ ৰাইজক আশ্বাস প্ৰদান কৰে।