দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ অজাপ নেতৃত্বৰঃ বিদেশী বহিষ্কৰণ সন্দৰ্ভত সদনত উত্থাপনৰ বাবে জনালে আহ্বান
অসমত চলি থকা উচ্ছেদ আৰু বিজেপি চৰকাৰে ধৰ্মৰ নামত ৰাইজৰ মাজত বিভেদ সৃষ্টিৰ বিষয়ে সদনত উত্থাপন কৰাৰ বাবে আহ্বান জনোৱাৰ বাবে ৰাহুল গান্ধীক সাক্ষাৎ কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে অজাপৰ সভাপতিগৰাকীয়ে।

‘ভোট চুৰিৰ’ অভিযোগক কেন্দ্ৰ উত্তাল হৈ আছে দেশৰ ৰাজনীতি। কংগ্ৰেছ নেতা তথা লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে আলোড়ণ। সোমবাৰে ভোট চুৰিৰ অভিযোগক লৈ বিৰোধী দলসমূহে এক বিশাল প্ৰতিবাদী সমদল আয়োজন কৰিছিল। এই সমদলৰ সময়ত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, অখিলেশ যাদৱসহ কেইবাজনো সাংসদক আটক কৰা হৈছিল। দেশৰ ৰাজনীতিৰ এনে পৰিস্থিতিৰ মাজতে আজি দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰে অসম জাতীয় পৰিষদৰ নেতৃত্বই।
সংসদ ভৱনত বিৰোধী দলপতিগৰাকীক সাক্ষাৎ কৰে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৱে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে প্ৰতিনিধি দলটোত আছিল জগদীশ ভূঞা, কমল নয়ন চৌধুৰী, জিয়াউৰ ৰহমান, চিত্তৰঞ্জন বসুমতাৰী আৰু ৰাজু ফুকন। লোকসভাত বিৰোধী দলৰ উপ–নেতা তথা অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও সংগ দিয়ে।
ৰাহুল গান্ধীৰ সৈতে এই সাক্ষাৎ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াইছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। অসমত চলি থকা উচ্ছেদ আৰু বিজেপি চৰকাৰে ধৰ্মৰ নামত ৰাইজৰ মাজত বিভেদ সৃষ্টিৰ বিষয়ে সদনত উত্থাপন কৰাৰ বাবে আহ্বান জনোৱাৰ বাবে ৰাহুল গান্ধীক সাক্ষাৎ কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে অজাপৰ সভাপতিগৰাকীয়ে।
অৱশ্যে এই সাক্ষাতৰ সময়ত কোনোধৰণৰ ৰাজনৈতিক কথা আলোচনা হোৱা নাই বুলিও লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়। ৰাজ্যত অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অজাপৰ এই পদক্ষেপ যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে যদিও পিছে লুৰীণজ্যোতি গগৈয়ে এই সাক্ষাতৰ সময়ত ৰাহুল গান্ধীৰ সৈতে মিত্ৰতা সন্দৰ্ভত কোনো আলোচনা হোৱা নাই বুলি উল্লেখ কৰে।
অজাপৰ প্ৰতিনিধি দলটোৱে অসম চুক্তি ৰূপায়ন, বিদেশী বহিষ্কৰণ, অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ ওপৰত ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰে। বিদেশী বহিস্কৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে প্ৰতাৰণা কৰা বুলি অসম জাতীয় পৰিষদে পুনৰ অভিযোগ কৰে আৰু এই বিষয়ে সংসদত উত্থাপন কৰাৰ বাবে ৰাহুল গান্ধীক আহ্বান জনায়।
অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়নেৰে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ বিষয়তো বিৰোধী দলপতিগৰাকীৰ সৈতে আলোচনা কৰে অজাপৰ প্ৰতিনিধি দলটোৱে। এই বৈঠকত গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ আন দুগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনো উপস্থিত থাকে। ইফালে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মিত্ৰতা সন্দৰ্ভত লুৰীণজ্যোতি মন্তব্যই এক বিশেষ মন্তব্য কৰে।
এয়া জাতিৰ বাবে সংকটৰ সময় আৰু বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত কথা কওঁতে সংযম ৰক্ষা কৰা উচিত বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে। প্ৰত্যক্ষভাৱে নাম উল্লেখ নকৰিলেও লুৰীণজ্যোতি গগৈয়ে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈলৈ এই আহ্বান জনায়। ইফালে অজাপ নেতা জগদীশ ভূঞায়ো অখিল গগৈ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে।