এইবাৰ অসমৰ ৰাজনীতি পথাৰত আজমল-ওৱেছিক একেলগে দেখা যাব নেকি ? স্পষ্টীকৰণ AIMIM ৰ
শেহতীয়াকৈ AIUDF আৰু AIMIM ৰ মাজত নিৰ্বাচনী বুজাবুজি হ'ব পাৰে বুলি খবৰ প্ৰচাৰ হোৱা মাজতে এই কথা স্পষ্ট কৰিছে আছাদুদ্দিন ওৱেছিৰ দলটোৱে। কি ক'লে ?
অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিব নেকি AIMIM য়ে? শেহতীয়াকৈ AIUDF আৰু AIMIM ৰ মাজত নিৰ্বাচনী বুজাবুজি হ’ব পাৰে বুলি খবৰ প্ৰচাৰ হোৱা মাজতে এই কথা স্পষ্ট কৰিছে আছাদুদ্দিন ওৱেছিৰ দলটোৱে। সামাজিক মাধ্য়মৰ জৰিয়তে স্পষ্ট কৰি দিছে যে, অসমত কোনো ধৰণৰ নিৰ্বাচনী কাম-কাজ আৰম্ভ কৰাৰ কথা চিন্তা কৰা নাই। ইয়াৰ লগতে কোনো দলৰ সৈতে মিত্ৰতা কৰাৰ সন্দৰ্ভত আলোচনা হোৱা নাই।
এক্স হেণ্ডেলত AIMIMৰ এটা পোষ্টত লিখা হৈছে যে,” অসমত কিছুমান সংবাদ মাধ্যমত AIMIMৰ বাতৰি প্ৰকাশ পাইছে। এই খবৰবোৰ স্পষ্টভাৱে মিছা। AIMIM য়ে অসমত ৰাজনীতি কাম-কাজ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা নাই। তদুপৰি ৰাজ্যখনৰ কোনো দলৰ সৈতেও মিত্ৰতা কৰা নাই।”
There have been certain media reports of AIMIM in Assam. These reports are blatantly false. Neither has AIMIM decided to start operations in Assam, nor enter into alliance with any party in the state.
— AIMIM (@aimim_national) November 18, 2025
১৭ নৱেম্বৰত এআইইউডিএফৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদাৰুদ্দিন আজমলে অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আছাদুদ্দিন ওৱেছিৰ সৈতে নিৰ্বাচনী বুজাবুজিৰ কাম চলিব পাৰে বুলি কিছু ইংগিত দিয়াৰ খবৰ প্ৰকাশ পোৱাৰ এদিন পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIMIM য়ে। আজমলে সাংবাদিকৰ আগত কয় যে, দুয়োজন নেতাৰ নিয়মীয়া যোগাযোগ আছিল আৰু “সকলো সম্ভৱ”।
অসুস্থতাৰ বাবে কেইবামাহো ৰাজনৈতিক কাৰ্যকলাপৰ পৰা আঁতৰাই থকা আজমলে অলপতে নিজকে আৰু ওৱেছিক “ভাই” বুলি অভিহিত কৰে। তেওঁ কৈছিল যে, বিহাৰৰ বিধানসভা নিৰ্বাচনত ওৱেছিয়ে যথেষ্ট চেষ্টা কৰিছিল। সেই মতে দলটোৰ প্ৰদৰ্শন ভাল হৈছে। অসমত যদি তেওঁ আহিব বিচাৰে তেন্তে আদৰণি জনাম বুলি উল্লেখ কৰিছিল আজমলে।